ETV Bharat / bharat

ডিজিটেল যুগত কিতাপ কোনে পঢ়ে বুলি কোৱাসকলক যথোচিত প্ৰত্যুত্তৰ এটা বিশেষ পুথিভঁৰালৰ

পুথিভঁৰালটোলৈ নিতৌ অধ্যয়নৰ বাবে আহে ১২৫ গৰাকী ছাত্ৰ-ছাত্ৰী । ১.৩৬ লাখ কিতাপেৰে সমৃদ্ধ এই পুথিভঁৰালটো ১৬০ বছৰ পুৰণি ।

The Maharaja Library: A Historic Hub Of Jaipur's Intellectual Heritage
মহাৰাজা পুথিভঁৰাল, জয়পুৰৰ ঐতিহাসিক সমল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 2, 2026 at 3:04 PM IST

4 Min Read
Choose ETV Bharat

জয়পুৰ (ৰাজস্থান): কেৱল আহল-বহল পথ, সুউচ্চ প্ৰাসাদ, ঐতিহাসিক দুৰ্গৰ বাবেই নহয়, বৌদ্ধিক ঐতিহ্যৰেও সমৃদ্ধ পিংক চিটী জয়পুৰ । যিয়ে যুগ যুগ ধৰি শিক্ষা আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাপে পৰিচয় কৰি আহিছে জয়পুৰক । ত্ৰিপ'লিয়া বজাৰৰ সমীপত অৱস্থিত মহাৰাজা পুথিভঁৰাল চহৰখনৰ প্ৰসিদ্ধ ঐতিহ্যৰ জীৱন্ত প্ৰতীক, য’ত এতিয়াও কিতাপৰ পৃষ্ঠাত উশাহ সলাই ইতিহাসে । প্ৰায় ১৬০ বছৰ পুৰণি এই ঐতিহাসিক পুথিভঁৰালটোৱে কেৱল গ্ৰন্থ সংগ্ৰহতে সীমাবদ্ধ নহয়, জয়পুৰৰ শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক দৃষ্টিভংগীৰ প্ৰমাণো ধৰি ৰাখিছে পুথিভঁৰালটোৱে ।

১৮৬৬ চনত মহাৰাজ ৰাম সিংহই নিৰ্মাণ কৰিছিল:

১৮৬৬ চনত মহাৰাজা ৰাম সিংহই ত্ৰিপ'লিয়া গেটৰ ওচৰত নিৰ্মাণ কৰিছিল এটা বিশাল দুমহলীয়া অট্টালিকা আৰু পৰৱৰ্তী সময়ত তাতেই স্থাপন কৰা হৈছিল মহাৰাজা পুথিভঁৰাল । ১৮৮৬ চনত এই পুথিভঁৰালটো জনসাধাৰণৰ বাবে মুকলি কৰা হয় । যি সময়ত শিক্ষা সাধাৰণ মানুহৰ হাতৰ মুঠিৰ বাহিৰত আছিল, সেই সময়ত জয়পুৰৰ শাসকসকলে জ্ঞান সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে এই অনন্য পদক্ষেপ গ্ৰহণ কৰি সাধাৰণ জনতাৰ বাবে মুকলি কৰে পুথিভঁৰালটো ।

The Maharaja Library: A Historic Hub Of Jaipur's Intellectual Heritage
গ্রন্থাগাৰৰ স্থাপত্য (ETV Bharat)

আমেৰৰ পৰা ত্ৰিপ'লিয়ালৈ গৌৰৱময় ইতিহাস:

মহাৰাজা পুথিভঁৰালৰ গ্ৰন্থগাৰিক পৱন কুমাৰ পাৰিকে জনাই যে ঐতিহাসিক নথি অনুসৰি মহাৰাজা পুথিভঁৰাল প্ৰথমে আমেৰত মহাৰাজ মান সিংহই প্ৰতিষ্ঠা কৰিছিল । পৰৱৰ্তী সময়ত জয়পুৰ প্ৰতিষ্ঠা হোৱাৰ সময়ত জালেব চ'কলৈ স্থানান্তৰ কৰা হয় । পিছলৈ ৰজা ৰাম সিংহই ১৮৬৬ চনত দুমহলীয়া অট্টালিকাটো নিৰ্মাণ কৰি তালৈ পুথিভঁৰালটো স্থানান্তৰিত কৰে । ১৮৮৬ চনত জনসাধাৰণৰ বাবে মুকলি কৰা হয় । তেওঁ কয় যে এই পুথিভঁৰালটো ৰাজপুত যুগৰ পৰা আধুনিক ৰাজস্থানলৈ বৌদ্ধিক যাত্ৰাৰ এক নীৰৱ সাক্ষী ।

The Maharaja Library: A Historic Hub Of Jaipur's Intellectual Heritage
গ্ৰন্থগাৰত উপলব্ধ মহাভাৰতৰ একম উর্দু সংস্কৰণ (ETV Bharat)

১.৩৬ লাখৰো অধিক গ্ৰন্থ আছে এই পুথিভঁৰালত:

গ্ৰন্থগাৰিকগৰাকীয়ে লগতে উল্লেখ কৰে যে এসময়ত ৰাজপৰিয়ালৰ পুথিভঁৰাল হিচাপে বিবেচিত মহাৰাজা পুথিভঁৰাল স্বাধীনতাৰ পিছৰে পৰা চৰকাৰৰ নিয়ন্ত্ৰণলৈ আহে । বৰ্তমান ইয়াত ইতিহাস, শিল্প-সংস্কৃতি, সাহিত্য, বিজ্ঞান, দৰ্শন, ৰাজনীতিৰ বিৰল গ্ৰন্থকে ধৰি ১৩৬,৬০০ খন গ্ৰন্থ আছে । এই পুথিভঁৰালটোত হাজাৰ হাজাৰ বছৰ পুৰণি ৩৩৬ খন হাতে লিখা পাণ্ডুলিপিও আছে ।

ইয়াৰ উপৰিও ইয়াত আছে ২৭ খন অতি বিৰল গ্ৰন্থ আৰু উৰ্দু ভাষাত ৰচিত মহাভাৰতো উপলব্ধ । ইয়াত ১৮ আৰু ১৯ শতিকাৰ বিখ্যাত বাতৰি কাকতসমূহো ৰখা হৈছে । কেইবাখনো বিৰল পাণ্ডুলিপি আৰু গ্ৰন্থ আৰবী-পাৰ্চী গৱেষণা প্ৰতিষ্ঠানলৈ স্থানান্তৰ কৰা হৈছে, বৰ্তমান সেইবোৰ সেই প্ৰতিষ্ঠানত প্ৰদৰ্শন কৰা হয় ।

The Maharaja Library: A Historic Hub Of Jaipur's Intellectual Heritage
মহাৰাজা পুথিভঁৰালত অধ্যয়ন কৰা শিক্ষাৰ্থী (ETV Bharat)

১০০ৰো অধিক শিক্ষাৰ্থী আহে প্ৰতিদিনে:

গ্ৰন্থগাৰিক পৱন কুমাৰ পাৰিকে কয় যে ডিজিটেল যুগৰ মাজতো মহাৰাজা পুথিভঁৰালৰ প্ৰাসংগিকতা হ্ৰাস পোৱা নাই । দৈনিক ১০০ৰ পৰা ১২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ বাবে ইয়ালৈ আহে । প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও বহুতে প্ৰস্তুতি চলাবলৈ ইয়াত অধ্যয়ন কৰে । বহুতো সাহিত্য-শিল্পপ্ৰেমীয়েও ইয়াত ঘণ্টাৰ পিছত ঘণ্টা কিতাপ পঢ়া দেখা যায় । আনকি বয়সীয়াল পাঠকসকলেও নিয়মিতভাৱে ইয়ালৈ পঢ়িবলৈ আহে আৰু সদস্যপদৰ গ্ৰহণ কৰি কিতাপ ঘৰলৈ লৈ যায় ।

ঐতিহাসিক ভৱনটোত আছে আধুনিক সা-সুবিধা:

১৫০ বছৰীয়া মহাৰাজা পুথিভঁৰালৰ অট্টালিকাটোৱে এতিয়াও নিজৰ স্থাপত্যৰ মৰ্যাদা বজাই ৰাখিছে । সময়ৰ লগে লগে কৰা হৈছে আধুনিক সা-সুবিধাও । পুথিভঁৰালটোলৈ অহা ছাত্ৰ-ছাত্ৰীসকলে অনলাইন ক্লাছৰ বাবে বিনামূলীয়া ৱাই-ফাইৰ ব্যৱহাৰ আৰু বিনামূলীয়া কম্পিউটাৰ সেৱাও লাভ কৰে । গ্ৰন্থগাৰিক পৱন কুমাৰ পাৰিকে কয়, "যিকোনো ব্যক্তিয়ে ইয়াৰ সদস্য হ’ব পাৰে আৰু কিতাপসমূহ লাভ কৰিব পাৰে । মহাৰাজা পুথিভঁৰাল কেৱল গ্ৰন্থৰ ভঁৰাল নহয়, জয়পুৰৰ সাংস্কৃতিক আত্মা, যি এতিয়াও লুটিয়াই ইতিহাসৰ পৃষ্ঠা ।"

লগতে পঢ়ক: গুলীৰ শব্দত কঁপি উঠিল শীতৰ পুৱা; সমুখ সমৰত নামিল আৰক্ষী আৰু ৰাইজ

ক্ষোভত ফাটি পৰিছে ৰাইজ;বলিউডৰ 'বাদশ্বাহ' শ্বাহৰুখ খানক সনা হৈছে ক'লা ৰং, দিয়া হৈছে সকীয়নি