AI সন্মিলনত ভাৰতক লজ্জিত কৰিলে কংগ্ৰেছে ! তীব্ৰ সমালোচনা কিৰেণ ৰিজিজুৰ
এআই শীৰ্ষ সন্মিলনত চাৰ্ট খুলি কৰা প্ৰতিবাদক কেন্দ্ৰ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে কিৰেণ ৰিজিজুৱে ৷

By ANI
Published : February 21, 2026 at 5:14 PM IST
নতুন দিল্লী : নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত India AI Impact Summit 2026 ৰ প্ৰতিবাদৰ পিছত শুকুৰবাৰে দিল্লী আৰক্ষীয়ে ভাৰতীয় যুৱ কংগ্ৰেছৰ কৰ্মীসকলৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ।
আৰক্ষীয়ে উল্লেখ কৰা মতে, ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ১২১(১), ১৩২, ১৯৫(১), ২২১, ২২৩(এ), ১৯০, ১৯৬, ১৮৭, ৩(৫) ধাৰাত ৰাজহুৱা সেৱকক আঘাত আৰু আক্ৰমণ, ৰাজহুৱা সেৱকৰ আজ্ঞা অমান্য কৰা, অবৈধ সমাৱেশ আৰু... নিষেধাজ্ঞামূলক আদেশ উলংঘা কৰাৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে ।
অতিৰিক্ত আৰক্ষী আয়ুক্ত দেৱেশ কুমাৰ মাহলাই কয়, "এই ঘটনা সন্দৰ্ভত আটক কৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । আমি বিভিন্ন ধাৰাত গোচৰ পঞ্জীয়ন কৰিছো, যেনে- ষড়যন্ত্ৰ, এজন ৰাজহুৱা সেৱকৰ ওপৰত আক্ৰমণ, ৰাজহুৱা সেৱকৰ নিৰ্দেশ অমান্য কৰা, অবৈধ সমাৱেশ আৰু সাধাৰণ উদ্দেশ্য... ৷"
IYC ৰ কেডাৰে আয়োজন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ভাৰতীয় যুৱ কংগ্ৰেছৰ দলীয় কৰ্মীসকলে ঘটনাস্থলীত চাৰ্ট খুলি প্ৰতিবাদ সাব্যস্ত কৰে । এক বিবৃতিত IYC-এ কয় যে এই প্ৰতিবাদ হৈছে “এআই শীৰ্ষ সন্মিলনত দেশৰ পৰিচয়ৰ সৈতে আপোচ কৰা প্ৰধানমন্ত্ৰীৰ” বিৰুদ্ধে ।
‘‘ভাৰতীয় যুৱ কংগ্ৰেছৰ কৰ্মীসকলে এআই শীৰ্ষ সন্মিলনত দেশৰ পৰিচয়ৰ সৈতে আপোচ কৰা বুলি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।’’ এক অনুষ্ঠানিক বিবৃতিত এই কথা উল্লেখ কৰে ভাৰতীয় যুৱ কংগ্ৰেছে ৷
ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰক সমালোচনা কৰি কয়, "ভাৰতৰ প্ৰতিভা আৰু তথ্যৰ লাভ উঠোৱাৰ পৰিৱৰ্তে এআই শীৰ্ষ সন্মিলন এক অসংগঠিত জনসংযোগৰ দৃশ্য -ভাৰতীয় তথ্য বিক্ৰীৰ বাবে, চীনৰ সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে ।"
ইফালে উক্ত ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে, প্ৰতিবাদকাৰীসকলে প্ৰথমে ছপা ষ্টীকাৰ থকা ক’লা ছাতি লৈ সভাস্থলীত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছিল । নিৰাপত্তা পৰীক্ষাৰ সময়ত ধৰা পৰাৰ আশংকাত তেওঁলোকে পৰিকল্পনা সলনি কৰি ছপা বাৰ্তা থকা টি-চাৰ্ট পিন্ধে । এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷
ANI-ত উল্লেখ কৰা মতে, বিহাৰ আৰু তেলেংগানাৰ পৰা দুদিন পূৰ্বে প্ৰতিবাদকাৰীসকল দিল্লীত উপস্থিত হৈছিল । IYC ৰ প্ৰতিবাদৰ পিছতে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাই ৰাহুল গান্ধীৰ বাসগৃহৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেইবাজনো বিজেপি যুৱ মৰ্চাৰ কৰ্মীক আটক কৰে ।
প্ৰতিবাদকাৰীক সমালোচনা কৰাৰ লগতে চৌহানে ইয়াক “ভাৰত বিৰোধী” বুলি অভিহিত কৰি কংগ্ৰেছ নেতৃত্বক প্ৰশ্ন কৰাৰ বিপৰীতে ৰাজনাথ সিঙে প্ৰতিবাদক লজ্জাজনক আখ্যা দি বিশ্বজুৰি ভাৰতৰ ভাবমূৰ্তি কলংকিত কৰা বুলি কয় ।
তেওঁ কয়, "এ আই সন্মিলনত কংগ্ৰেছ কৰ্মীসকলে কেৱল চাৰ্ট খুলি দিয়াই নহয়, কংগ্ৰেছ কিমান ভাৰত বিৰোধী সেইটোও দেখুৱাইছিল । এয়া দেশদ্ৰোহ । এয়া আমাৰ দেশৰ ভাবমূৰ্তিৰ লগত খেলা কৰা হৈছে... মই ছোনিয়া গান্ধী জী আৰু মল্লিকাৰ্জুন খৰ্গে জীক সুধিব বিচাৰিছো যে তেওঁলোকৰ বাবে ৰাজনীতি দেশতকৈ ডাঙৰ নেকি ? দেশৰ সন্মানৰ সৈতে খেলা কৰিবলৈ তেওঁলোকে কোনো গোপন চুক্তি কৰিছে নেকি ?’’
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে নতুন দিল্লীৰ ভাৰত মণ্ডপামত ভাৰতে আয়োজন কৰা AI Impact Summit বিশ্ববাসীয়ে চাই থকাৰ সময়তে কংগ্ৰেছ দলে জাতিৰ সন্মান ৰক্ষা কৰাৰ পৰিৱৰ্তে অনুষ্ঠানটোক বিঘ্নিত কৰিবলৈ বাছি লৈছিল । তেওঁ যুৱ কংগ্ৰেছৰ প্ৰতিবাদক গৰিহণা দি ইয়াক লজ্জাজনক আৰু ভাৰতৰ সুনামক ক্ষতিগ্ৰস্ত কৰাৰ প্ৰয়াস বুলি অভিহিত কৰে ।
ইফালে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱেও কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি এই প্ৰতিবাদক 'ৰাষ্ট্ৰীয় লজ্জাজনক' বুলি অভিহিত কৰে ৷ তেওঁ কয় যে এআই শীৰ্ষ সন্মিলনখন হৈছে বিশ্বব্যাপী অনুষ্ঠান, বিজেপিৰ ৰেলী নহয় ।

