বন্ধ্যাকৰণৰ নামত কেলেংকাৰী ! মধ্য় প্ৰদেশত কুকুৰৰ মুখা পিন্ধি পৌৰ নিগমৰ বিৰুদ্ধে প্ৰতিবাদ
খাণ্ডৱা জিলা আয়ুক্তৰ কাৰ্যালয়ত হোৱা লোক আদালতৰ শুনানিত কুকুৰৰ মুখা পিন্ধি এজন যুৱকৰ প্ৰতিবাদ । কুকুৰৰ বন্ধ্যাকৰণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন বিৰোধী নেতাৰ ।

Published : August 19, 2026 at 6:26 PM IST
খাণ্ডৱা (মধ্যপ্ৰদেশ) : বাটৰুৱা কুকুৰৰ আক্ৰমণৰ ঘটনা সমগ্ৰ দেশৰে এক চিন্তনীয় বিষয় হোৱা দেখা গৈছে । যাৰ বাবে বিভিন্ন ৰাজ্যত বাটৰুৱা কুকুৰৰ সংখ্যা হ্ৰাস কৰাৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে ।
বিভিন্ন ৰাজ্যৰ প্ৰশাসনে বিশেষকৈ জন্ম নিয়ন্ত্ৰণৰ বাবে বন্ধ্যাকৰণ বা আছুতীয়াকৈ ৰখাৰ ব্যৱস্থাও কৰিছে । আনকি শেহতীয়াকৈ এই বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বিদ্যালয়, চিকিৎসালয়, বাছ আস্থানকে ধৰি ৰাজহুৱা স্থানৰ পৰা বাটৰুৱা কুকুৰ আঁতৰাব লাগে বুলি দিয়া এক ৰায়ক লৈও তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । কিন্তু তাৰ পিছতো প্ৰতিদিনে বাটৰুৱা কুকুৰৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আছে ।
এনে পৰিস্থিতিত এইবাৰ মধ্যপ্ৰদেশৰ খাণ্ডৱাত জিলা আয়ুক্তৰ কাৰ্যালয়ত দেখা গ'ল এক বিশেষ দৃশ্য । বাটৰুৱা কুকুৰৰ সমস্যা সমাধানৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে এজন লোকে ।
কুকুৰৰ মুখা পিন্ধি লোক আদালতৰ সময়ত জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হ'ল এজন লোক । খাণ্ডৱা পৌৰ নিগমৰ বিৰোধী দলপতি দীপক 'মুল্লু' ৰাথোৰে কুকুৰৰ মুখা পিন্ধাই এজন যুৱকজনক লোক আদালতৰ শুনানিলৈ লৈ আহে ।
এই দৃশ্যই উপস্থিত বিষয়াসকলৰ মাজত তীব্ৰ কৌতুহলৰ সৃষ্টি কৰে । কুকুৰৰ মুখা পিন্ধা যুৱকজনে এজন বিষয়াক প্ৰশ্ন কৰিছে, "যদি চহৰত কুকুৰক বন্ধ্যাকৰণ কৰা হৈছে, তেন্তে মই কেনেকৈ ৬ টা পোৱালি জন্ম দিলোঁ ?"

কুকুৰৰ বন্ধ্যাকৰণ অভিযানত কেলেংকাৰী
বিষয়াৰ সন্মুখত যুৱকজনে কুকুৰৰ দৰে মূৰটো জোকাৰি ভুকি থাকিল । তেওঁৰ হৈ বিৰোধী নেতা দীপক 'মুল্লু' ৰাথোৰে অতিৰিক্ত জিলা আয়ুক্তৰ সন্মুখত অভিযোগ উত্থাপন কৰে । তেওঁ এডিএম কাশীৰাম বাৰোলে আৰু পৌৰ নিগমৰ বিষয়া সঞ্জয় শুক্লাক কয়, "পৌৰ নিগমে বন্ধ্যাকৰণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে । ঠিকাদাৰৰ সৈতে গোপন বুজাবুজি কৰি লাখ লাখ টকা আত্মসাৎ কৰা হৈছে । ফলস্বৰূপে চহৰত কুকুৰে কামোৰাৰ ঘটনা বৃদ্ধি পাইছে; বিগত ৪ বছৰত জিলাখনৰ ১৩,৪০০ গৰাকী লোকক কুকুৰে কামুৰিছে ।"
বন্ধ্যাকৰণৰ নামত ৪০ লাখ টকাৰ কেলেংকাৰী
বিৰোধী নেতাজনে লগতে কয়, "নগৰখনত কুকুৰৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যাৰ ফলত মানুহৰ চলাচলত অসুবিধা হৈছে । ইয়াৰ এটা ডাঙৰ কাৰণ হ'ল বন্ধ্যাকৰণৰ নামত ব্যৰ্থতা ।"
নিগমে চুক্তি স্বাক্ষৰ কৰা কোম্পানীটোৱে বন্ধ্যাকৰণ সম্পন্ন কৰাত ব্যৰ্থ হৈছে আৰু পৌৰ নিগমৰ সৈতে গোপন বুজাবুজিৰ জৰিয়তে ৪০ লাখ টকাৰ দুৰ্নীতি সংঘটিত কৰিছে । প্ৰতিমাহে ৩০০ জন লোকক কুকুৰে কামোৰে । পৌৰ নিগমৰ গাফিলতিৰ বাবে কুকুৰৰ সংখ্যা বৃদ্ধি পাইছে; কুকুৰবোৰ ৰাস্তা, আৱাসিক কলনী, চুবুৰী, বজাৰ আৰু মূল পথত গোট খোৱা দেখা যায় ।"
প্ৰশাসনৰ তদন্তৰ নিৰ্দেশ
খাণ্ডৱা চহৰৰ পৰিস্থিতি এনেকুৱা যে নিশা কুকুৰবোৰ আৰু অধিক আক্ৰমণাত্মক হৈ পৰে । মটৰচাইকেল আৰোহীকো লক্ষ্য কৰি লয় । যাৰ ফলত প্ৰায়ে আৰোহীসকল ৰাজপথত পৰি আঘাতপ্ৰাপ্ত হয়; তথাপিও এই বিষয়টোক উপেক্ষা কৰা হৈছে ।
বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি অতিৰিক্ত জিলা আয়ুক্ত কে.আৰ. বাৰোলে কয়, "ৰাইজৰ অভিযোগৰ শুনানিৰ সময়ত কুকুৰৰ উপদ্ৰৱ সন্দৰ্ভত অভিযোগ পোৱা গৈছে । বন্ধ্যাকৰণৰ সৈতে জড়িত ৪০ লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা হৈছে । মই এই বিষয়ে পৌৰ আয়ুক্তৰ সৈতে আলোচনা কৰিছোঁ আৰু এখন তদন্ত সমিতি গঠন কৰা হৈছে । বিষয়টোৰ তদন্তৰ পিছত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"
লোক আদালতৰ সময়ত যুৱকজনৰ অভিনৱ প্ৰতিবাদে অৱশেষত কাম কৰিলে । প্ৰশাসনে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে । অৱশ্যে এই তদন্ত কিমান সঠিক দিশত আগবাঢ়ে আৰু পৰৱৰ্তী কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া সময়ত লক্ষণীয় হ'ব । কিন্তু এই অভিনৱ প্ৰতিবাদে নিশ্চিতভাৱে দেশজুৰি চৰ্চা লাভ কৰিছে ।
লগতে পঢ়ক :
মাৰাঠী ভাষা ক'ব নোৱাৰিলে চলাব নোৱাৰিব অ'টৰিক্সা আৰু টেক্সি, মহাৰাষ্ট্ৰ পৰিবহন বিভাগ কঠোৰ

