ETV Bharat / bharat

খালেদা জিয়াৰ জানাজাত উপস্থিত এছ জয় শংকৰ; পুত্ৰ তাৰিক ৰহমানক প্ৰধানমন্ত্ৰী মোদীৰ পত্ৰ প্ৰদান

মাণিক মিঞা এভিনিউত অনুষ্ঠিত অন্ত্যেষ্টিক্ৰিয়াত বিদেশী গণ্য-মান্য ব্যক্তি, ৰাজনৈতিক নেতা, বিভিন্ন দেশৰ প্ৰতিনিধি উপস্থিত থাকে ।

KHALEDA ZIA FUNERAL
বাংলাদেশৰ ঢাকাত ৰাষ্ট্ৰীয় সংসদ ভৱনৰ বাহিৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ হাজাৰ হাজাৰ লোক সমবেত হয় (AP)
author img

By ETV Bharat Assamese Team

Published : December 31, 2025 at 7:47 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: মঙলবাৰে মৃত্যু হোৱা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত বুধবাৰে সম্পন্ন কৰা হয় ।

বুধবাৰে বিয়লি মাণিক মিঞা এভিনিউত অনুষ্ঠিত অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাৰ্থনাত (জানাজা) হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে । মন্ত্ৰী আৰু সংসদীয় অধ্যক্ষকে ধৰি দক্ষিণ এছিয়াৰ দেশসমূহৰ উচ্চ পৰ্যায়ৰ বিশিষ্ট ব্যক্তিসকল ঢাকাত একত্ৰিত হৈ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে ।

KHALEDA ZIA FUNERAL
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মৃত্যু ঘটা চিকিৎসালয়ৰ বাহিৰত সমৰ্থকসকলৰ শোক প্ৰকাশ (AP)

বৈতুল মুকাৰৰাম ৰাষ্ট্ৰীয় মছজিদৰ খাতিব মুফটি মহম্মদ আব্দুল মালেকে জানাজা নামাজ পৰিচালনা কৰে । আনহাতে, বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ স্থায়ী সমিতিৰ সদস্য নজৰুল ইছলাম খানে খালেদা জিয়াৰ চমু জীৱনী পাঠ কৰে ।

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছ, মুখ্য ন্যায়াধীশ জুবেইৰ ৰহমান চৌধুৰী আৰু খালেদা জিয়াৰ পুত্ৰ তথা বি এন পিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে বিদেশী গণ্য-মান্য ব্যক্তি, অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা, বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু চৰকাৰী আৰু সামৰিক শীৰ্ষ বিষয়াসকলৰ সৈতে জানাজা নামাজত অংশগ্ৰহণ কৰে ।

KHALEDA ZIA FUNERAL
বুধবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মৃতদেহ কঢ়িয়াই নিয়া বাংলাদেশৰ পতাকাৰে আবৃত এম্বুলেন্স (AP)

বেগম জিয়াৰ বৰপুত্ৰ তাৰিক ৰহমানে নামাজৰ পূৰ্বে ৰাইজক কয়, "অনুগ্ৰহ কৰি স্বৰ্গত যাতে তেওঁ স্থান লাভ কৰে তাৰবাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰক ।"

মাণিক মিঞা এভিনিউৰ পশ্চিম মূৰত স্থাপন কৰা হৈছিল বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি থোৱা খালেদা জিয়াৰ কফিন । জানাজা নামাজৰ অন্তত তেওঁৰ মৃতদেহ চহৰখনত থকা তেওঁৰ শ্বহীদ স্বামী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ কবৰৰ কাষতে ৰাষ্ট্ৰীয় সন্মানেৰে সমাধিস্থ কৰে । আনহাতে, তেওঁক কবৰ দিয়া সময়ত সাধাৰণ ৰাইজক অনুমতি দিয়া হোৱা নাই । কাৰণ তাত বিস্তৃত ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান অনুষ্ঠিত হয় ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে ভাৰতক প্ৰতিনিধিত্ব কৰে

খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । জয়শংকৰে তাৰিক ৰহমানকো সাক্ষাৎ কৰি তিনি দশকৰো অধিক সময় দেশৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰা আদৰ্শ নেত্ৰীগৰাকীৰ মৃত্যুত ভাৰতৰ হৈ গভীৰ শোক প্ৰকাশ কৰে ।

আনহাতে, অন্ত্যেষ্টিক্ৰিয়াত হাজাৰ হাজাৰ লোকে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক বিদায় দিয়াৰ সময়তে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন পত্ৰও তাৰিক ৰহমানক অৰ্পণ কৰে ।

KHALEDA ZIA FUNERAL
খালেদা জিয়াৰ জানাজা নামাজত অংশগ্ৰহণ কৰা একাংশ লোক (AP)

এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত জয়শংকৰে লিখিছে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত পত্ৰ তেওঁক অৰ্পণ কৰিলোঁ । ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ হৈ গভীৰ শোক প্ৰকাশ কৰিলোঁ ।"

তেওঁ লগতে কয়, "বেগম খালেদা জিয়াৰ দৃষ্টিভংগী আৰু মূল্যবোধে আমাৰ অংশীদাৰিত্বৰ বিকাশৰ পথ প্ৰদৰ্শক হ’ব ।"

উল্লেখ্য যে বাংলাদেশৰ তিনিবাৰৰ প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ জিয়াৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে ঢাকাত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ ।

KHALEDA ZIA FUNERAL
খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰা বিদেশী প্ৰতিনিধিসকলৰ একাংশ (AP)

ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, মঙলবাৰে নিশা অৱতৰণ কৰা নেপালৰ বৈদেশিক মন্ত্ৰী বালানন্দ শৰ্মা বাংলাদেশৰ ৰাজধানীত উপস্থিত হোৱা অন্যতম বিদেশী বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত প্ৰথম ।

আনহাতে, বুধবাৰে পুৱা জয়শংকৰে এই অনুষ্ঠানত “ভাৰত চৰকাৰ আৰু জনসাধাৰণক প্ৰতিনিধিত্ব কৰিবলৈ” উপস্থিত হয় আৰু অৱতৰণ কৰাৰ কিছু সময়ৰ পিছতে পাকিস্তান ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ চৰ্দাৰ আয়াজ ছাদিকো উপস্থিত হয় ।

ভূটানে বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলক অন্ত্যেষ্টিক্ৰিয়াত যোগদান কৰিবলৈ প্ৰেৰণ কৰাৰ বিপৰীতে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিথা হেৰাথে প্ৰয়াত নেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয় । এই অন্ত্যেষ্টিক্ৰিয়াত মালদ্বীপৰ উচ্চ শিক্ষা আৰু শ্ৰম মন্ত্ৰী আলী হাইদৰ আহমেদে দ্বীপ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিৰ বিশেষ দূত হিচাপে প্ৰতিনিধিত্ব কৰে ।

৩৫ বছৰ বয়সত ৰাজনৈতিক ক্ষেত্ৰখনত ৰাজহুৱা ব্যক্তি হিচাপে খালেদা জিয়াৰ আত্মপ্ৰকাশ কোনো পূৰ্বপৰিকল্পিত নাছিল; বৰঞ্চ ১৯৭৮ চনত বি এন পি প্ৰতিষ্ঠা কৰা এজন সামৰিক শাসকৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা স্বামীক হত্যা কৰাৰ পিছত ১৯৮১ চনত তেওঁ ৰাজনীতিলৈ আহিবলৈ বাধ্য হৈছিল ।

কিন্তু পুৰুষ প্ৰধান ৰাজনৈতিক পৰিৱেশ এটা ভংগ কৰি তেওঁ অঞ্চলটোৰ এগৰাকী অন্যতম শক্তিশালী নেতালৈ ৰূপান্তৰিত হৈছিল ।

লগতে পঢ়ক : সম্পৰ্কৰ অৱনতি স্বত্বেও জিয়াৰ অন্ত্যেষ্টিক্ৰিয়ালৈ জয়শংকৰৰ ঢাকা ভ্ৰমণৰ গুৰুত্ব
লগতে পঢ়ক : বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যু