কেতন আগৰৱালৰ হত্যাকাণ্ড : হত্যাৰ দৃশ্যাৱলী পুনঃ প্ৰস্তুতৰ বাবে অভিযুক্তক লগত লৈ ঘটনাস্থলীত আৰক্ষী
কেতন আগৰৱালক হত্যা কৰাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ছিয়া গোৱেল আৰু চেতন চৌধুৰী ৷ আৰক্ষীয়ে ডামী ব্যৱহাৰ কৰি হত্যাকাণ্ডৰ দৃশ্য পুনঃ প্ৰস্তুত কৰিব ৷

Published : June 28, 2026 at 7:18 PM IST
পুনে(মহাৰাষ্ট্ৰ): ইতিমধ্যে দেশজুৰি চৰ্চা লাভ কৰিছে কেতন আগৰৱালৰ হত্যাকাণ্ডই ৷ বিয়া ঠিক হোৱাৰ পিছত ভাবী স্বামীক হত্যা কৰাৰ দৰে অপৰাধত নাম সাঙোৰ খাইছিল ছিয়া গোৱেল আৰু প্ৰেমিক চেতন চৌধুৰীৰ ৷ সম্প্ৰতি দুয়োগৰাকী আৰক্ষীৰ জিম্মাত ৷
আৰক্ষীয়ে এই হত্যাকাণ্ডটোৰ তদন্তত যথেষ্ঠ অগ্ৰগতি লাভ কৰা দেখা গৈছে ৷ লোহাগড়ৰ যি স্থানত কেতনক হত্যা কৰা হৈছিল, দেওবাৰে আৰক্ষীয়ে সেই স্থানত ছিয়া আৰু চেতনৰ সৈতে উপস্থিত হয় ৷ আৰক্ষীয়ে দুয়োগৰাকীৰ উপস্থিতিত হত্যাকাণ্ডৰ দৃশ্য পুনঃ সৃষ্টি কৰে যাতে কেতনক কেনেদৰে হত্যা কৰা হৈছিল, সেই কথা জানিব পাৰে ৷

উল্লেখ্য যে, ছিয়া আৰু চেতনে এই দুৰ্গটোৰ পৰাই কেতন আগৰৱালক ঠেলি পেলাই দি হত্যা কৰা বুলি পোহৰলৈ আহিছে ৷ আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, দেওবাৰে আৰক্ষীয়ে অপৰাধস্থলী পুনৰ নিৰ্মাণৰ বাবে ছিয়া গোৱেলক লৈ লোহাগড় দুৰ্গত উপস্থিত হয় ৷ হত্যাকাণ্ডটোৰ সময়ৰ দৃশ্য পুনঃ নিৰ্মাণ কৰিবলৈ আৰক্ষীয়ে কেতনৰ ৰূপত ডামী ব্যৱহাৰ কৰিছিল ৷
আৰক্ষী বিষয়াগৰাকীয়ে কয় যে এই অনুশীলনৰ লক্ষ্য আছিল ১৮ জুনৰ ঘটনাৰ ক্ৰম সঠিকভাৱে নিৰ্ণয় কৰা ৷ ২৬ বছৰীয়া কেতন আগৰৱালক ২০ বছৰীয়া যুৱতী ছিয়া গোৱেল আৰু ‘প্ৰেমিক’ চেতন চৌধুৰী(২২)য়ে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ।
পুনে গ্ৰাম্য আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই ঘটনা সন্দৰ্ভত এনেদৰে কয়, ‘‘আজি পুৱা হত্যাকাণ্ডৰ দৃশ্য পুনৰ সৃষ্টি কৰি ঘটনা ক্ৰমৰ পুনৰাবৃত্তি কৰা হয় । তাৰ পূৰ্বে অভিযুক্তক সেই স্থানলৈ লৈ যোৱা হৈছিল । ইয়াৰ বাবে এটা ডামী ব্যৱহাৰ কৰা হৈছিল ৷ অভিযুক্তই কেনেদৰে কেতনক উক্ত স্থানৰ পৰা ঠেলি দিছিল, সেয়া ডামীটোৰ সহায়েৰে পুনৰ প্ৰদৰ্শন কৰা হয় ৷’’

আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে যে, চেতন চৌধুৰীক বেলেগকৈ গড়লৈ নি ঘটনাৰ পুনঃ নিৰ্মাণ কৰা হ’ব ।
অভিযোগ অনুসৰি, ছিয়া গোৱেলে কেতন আগৰৱালৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ নিবিচৰা বুলি ইতিমধ্যে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে ৷ কিন্তু বিয়াখন বাতিল হ’লে পৰিয়ালটো বদনামী হোৱাৰ আশংকাতে চেতন চৌধুৰীৰ সৈতে মিলি কেতনক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচা বুলি ছিয়াই ইতিমধ্যে স্পষ্ট কৰিছে ৷
তদন্তকাৰী আৰক্ষীৰ দলে গোচৰটোৰ বিভিন্ন দিশ সম্প্ৰতি পৰীক্ষা কৰি আছে ৷ অপৰাধৰ পৰিকল্পনা, হত্যাকাণ্ডৰ পূৰ্বে আৰু পিছত অভিযুক্তসকলৰ কাৰ্যকলাপ, তেওঁলোকৰ ভৰিৰ ডিজিটেল ছাপ সংগ্ৰহ, হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য আদি তন্নতন্নকৈ আৰক্ষীয়ে পৰীক্ষা কৰি থকা বুলি এজন শীৰ্ষ আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে ৷
লগতে পঢ়ক: লৌহাগড় দুৰ্গৰ হত্যাৰ গোচৰ: ভাবী পত্নী আৰু প্ৰেমিকে কেতন আগৰৱালক ঠেলি দিছিল খাৱৈত

