নতুন চৰকাৰৰ নতুন সিদ্ধান্ত: ছাত্ৰীয়ে পাব তিনিদিনীয়া ঋতুস্ৰাৱজনিত ছুটী, ছমাহৰ মাতৃত্বকালীন ছুটী পাব মহিলায়ো
এই সময়ছোৱাত সংশ্লিষ্ট কৰ্তৃপক্ষই মহিলাসকলৰ বেতন কৰ্তন কৰিব নোৱাৰিব ৷

Published : May 29, 2026 at 5:13 PM IST
থিৰুৱনন্তপুৰম: প্ৰতিশ্ৰুতি অনুসৰি কাম ৷ কথা দি কথা ৰাখিলে কেৰালামৰ ভি ডি সতীশন চৰকাৰে ৷ নিৰ্বাচনৰ পূৰ্ব জনসাধৰণক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যখনৰ ছাত্ৰী আৰু মাতৃসকললৈ বিশেষ আঁচনি ঘোষণা কৰিলে সতীশন চৰকাৰে ৷
ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰৰ ভাষণেৰে শুকুৰবাৰৰে পৰা ১৬ সংখ্যক কেৰালাম বিধানসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হৈছে । ভাষণ প্ৰসংগত ৰাজ্যপাল আৰ্লেকাৰে উল্লেখ কৰে যে ভি ডি সতীশন চৰকাৰে ৰাজ্যখনৰ প্ৰকৃত আৰ্থিক অৱস্থাৰ বিষয়ে জনসাধাৰণক অৱগত কৰিব আৰু চৰকাৰে অতি শীঘ্ৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব । বিশেষকৈ ৰাজ্যখনত ছাত্ৰীসকলৰ বাবে প্ৰতিমাহে তিনিদিনীয়া ঋতুস্ৰাৱৰ ছুটী আৰু অসংগঠিত খণ্ডত কৰ্মৰত মহিলাসকলৰ বাবে ছমাহৰ মাতৃত্বকালীন ছুটী কাৰ্যকৰী কৰা হ’ব ।
অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সদস্যৰ অভাৱ থকা বিভাগসমূহত বিশেষ নিযুক্তিৰ জৰিয়তে জনজাতীয় ভূমি আইন সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰাৰ বাবেও চৰকাৰে গুৰুত্ব আৰোপ কৰে ৷ ইয়াৰ বাবে ভূমি আইনৰ সংশোধন কৰা হ’ব । কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰতো সতীশন চৰকাৰে গুৰুত্ব আৰোপ কৰি এখন মিডিয়া চিটি স্থাপন কৰাৰ কথা বিধানসভাত ঘোষণা কৰে ৷ ৰাজ্যখনৰ আন আন চহৰসমূহত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব বুলিও শুকুৰবাৰে ঘোষণা কৰা হয় ৷
তদুপৰি ইউডিএফ চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ওম্মেন চাণ্ডিৰ নামেৰে বিনামূলীয়া স্বাস্থ্য বীমা আঁচনিৰ ঘোষণা কৰে । ভি ডি সতীশন চৰকাৰৰ প্ৰথম নীতি বিবৃতি হিচাপে ৰাজ্যপালে এই আঁচনিৰ কথা ঘোষণা কৰে ৷
‘‘ওম্মেন চাণ্ডি স্বাস্থ্য বীমা আঁচনি’’ৰ অধীনত এটা পৰিয়ালে বছৰি ২৫ লাখ টকা পৰ্যন্ত বীমা ধন লাভ কৰিব ৷ অৱশ্যে এই আঁচনিখন কেনেদৰে ৰূপায়ণ কৰা হ’ব, সেই বিষয়ে এই ঘোষণাত কোনো কথা উল্লেখ কৰা হোৱা নাই । তদুপৰি ইয়াক কেতিয়াকৈ কাৰ্যকৰী কৰা হ’ব সেই বিষয়েও কোনো উল্লেখ কৰা হোৱা নাই । কৰুণ্য আঁচনি সংশোধন কৰি নে অন্য চৰকাৰী বীমা আঁচনিৰ সৈতে ইয়াক একত্ৰিত কৰা হ’ব এইমুহূৰ্তত সেই কথা স্পষ্ট নহয় ।
আনহাতে, ইউডিএফ চৰকাৰে ঘোষণা কৰা এই আঁচনিক তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে । বিৰোধী দলপতি পিনাৰায়ী বিজয়নে কয় যে ৰাজ্যপালৰ ভাষণত কোনো স্পষ্টতা নাই ৷ কেৰেলামত নতুন যুগৰ সূচনা কৰিবলৈ দায়ববদ্ধ সতীশন চৰকাৰৰ ওচৰত ৰোডমেপৰ অভাৱ বুলিও বিজয়নে অভিযোগ তোলে ।
স্পষ্ট দৃষ্টিভংগী অবিহনেই চৰকাৰৰ এয়া নীতিগত ঘোষণা । কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা সত্ত্বেও নিমাত হৈ আছে সতীশন চৰকাৰ । যুদ্ধসদৃশ পৰিস্থিতিৰ সমাধানৰ বাবে কোনো ঘোষণা কৰা হোৱা নাই । চৰকাৰে আৰ্থিক পৰিস্থিতি বিধ্বস্ত বুলি প্ৰমাণ কৰিবলৈ চেষ্টা চলাইছে । যেতিয়া বাওঁপন্থীয়ে নিয়োগ নিশ্চয়তা আঁচনিখন ৰূপায়ণত ব্যৰ্থ হৈ ক্ষমতা এৰিলে, তেতিয়া ৫,৪২৯ কোটিতকৈ অধিক ধন চৰকাৰী কোষাগাৰলৈ হস্তান্তৰ কৰা হ’ল । সতীশন চৰকাৰে এইসমূহ তথ্য লুকুৱাই ৰাখিছে । পৰম্পৰাগত ঔদ্যোগিক অঞ্চলৰ কথাও কোৱা হোৱা নাই । কিফবি আৰু কুডুম্বশ্ৰী আঁচনিৰ ক্ষেত্ৰতো চৰকাৰ মৌন ।
চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ পৰাও বহুযোজন দূৰৈত আছে ৷ বিগত পাঁচ বছৰত ৰাজ্যৰ ৰাজহুৱা ঋণ ৫ শতাংশলৈ হ্ৰাস পাইছে । পিনাৰায়ী বিজয়নে ঋণৰ ক্ষেত্ৰত কেৰালাম শীৰ্ষ আঠাইশখন ৰাজ্যৰ ভিতৰত নাই বুলিও আঙুলিয়াই দিয়ে ৷ ইয়াৰ ফলত কেৰালামৰ উন্নয়নত বাধা আহি পৰাৰ আশংকা ব্যক্ত কৰে বিৰোধী দলপতিগৰাকীয়ে ৷
আনহাতে, পিনাৰায়ী বিজয়নে ‘বন্দে মাতৰম’ৰ ওপৰত চৰকাৰৰ স্থিতি শুদ্ধ বুলি মন্তব্য কৰে । ‘বন্দে মাতৰম’ গাই থাকোঁতে থিয় হৈ থকাটো প্ৰয়োজনীয় নহয় । লগতে তেওঁ উল্লেখ কৰে যে বন্দে মাতৰম সম্পূৰ্ণৰূপে গোৱাটোও প্ৰয়োজনীয় নহয় । ইফালে বিজেপিৰ বিধায়ক ভি মুৰলীধৰণে এই সিদ্ধান্তক সমালোচনা কৰি কয় যে ‘বন্দে মাতৰম’ সম্পূৰ্ণৰূপে গোৱাটো অসন্মানজনক ।
বিজয়নে বিধানসভাত আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতি প্ৰট’কলৰ উলংঘা বুলি উল্লেখ কৰে । ইতিমধ্যে বিষয়টো অধ্যক্ষৰ দৃষ্টিগোচৰ কৰা হৈছে । নীতি বিবৃতিৰ সময়ত বিধানসভাত আৰক্ষী সঞ্চালকপ্ৰধান উপস্থিত নথকাটো এটা সাধাৰণ নিয়ম । ইফালে অধ্যক্ষই এই সমালোচনাৰ প্রত্যুত্তৰত কয় যে গাফিলতিৰ বাবে এনে ভুল হ’ব পাৰে ৷
তদুপৰি ইডিৰ অভিযান সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে বিৰোধী দলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি পিনাৰায়ীয়ে মন্তব্য কৰে ৷ তেওঁ কয় যে কেজৰিৱালৰ গোচৰত এই কথা প্ৰমাণিত হৈছে । তেওঁ কয়, ‘‘কেন্দ্ৰীয় চৰকাৰে আন আন বিজেপি নেতাৰ বিৰুদ্ধে ইডিক ব্যৱহাৰ কৰিছে । মুখ্যমন্ত্রীয়ে সমগ্ৰ বিষয়টোত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাক লৈও আশ্বৰ্যবোধ কৰে বিৰোধী দলপতিগৰাকীয়ে ৷
বিজেপিৰ কৌশলৰ বিৰুদ্ধে সকলোৱে একত্ৰিত হ’ব লাগে বুলিও তেওঁ মন্তব্য কৰে । তেওঁৰ কন্যা বীণাৰ বেংক একাউণ্টো বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে ৷ পিনাৰায়ীয়ে কয়, ‘‘বীণাৰ একাউণ্টত কোনোধৰণৰ নীতি বহিৰ্ভুতভাৱে সোমোৱা ধন নাই । কংগ্ৰেছে এনেধৰণৰ বিষয়ত দুমুখীয়া নীতি গ্ৰহণ কৰাৰো তেওঁ অভিযোগ কৰে ৷ কংগ্ৰেছে নিজৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে আনৰ ক্ষেত্ৰত সুখ অনুভৱ কৰে বুলি বিৰোধী দলপতিগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক: সোমবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণৰ সম্ভাৱনা ডি কে শিৱকুমাৰ

