কেদাৰনাথত ভক্তক প্ৰৱঞ্চনা, ভিআইপি দৰ্শনৰ নামত দালালে লুটিলে ধন
শেহতীয়াকৈ এটা গোচৰত কেদাৰনাথ মন্দিৰত ভিআইপি দৰ্শনৰ মিছা প্ৰতিশ্ৰুতি দি তীৰ্থযাত্ৰীক প্ৰতাৰণা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক ।

By ANI
Published : June 11, 2026 at 8:30 AM IST
ৰুদ্ৰপ্ৰয়াগ (উত্তৰাখণ্ড): কেদাৰনাথ যাত্ৰাৰ সময়ত তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু মসৃণ দৰ্শন ব্যৱস্থাৰ বাবে সতৰ্ক হৈ আছে ৰুদ্ৰপ্ৰয়াগ আৰক্ষী । তীৰ্থযাত্ৰাত ব্যাঘাত জন্মাবলৈ বা ভক্তক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
শেহতীয়াকৈ এটা গোচৰত কেদাৰনাথ মন্দিৰত ভিআইপি দৰ্শনৰ মিছা প্ৰতিশ্ৰুতি দি তীৰ্থযাত্ৰীক প্ৰতাৰণা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক । আৰক্ষীৰ মতে, যোৱা ৮ জুনত কেদাৰনাথ পুলিচ আউটপোষ্টে চিৰাগ নামৰ এজন ব্যক্তিয়ে স্থানীয় সহযোগীসকলৰ সৈতে মিলি ভিআইপি দৰ্শনৰ আশ্বাস দি তীৰ্থযাত্ৰীক প্ৰলোভিত কৰাৰ তথ্য লাভ কৰিছিল ।
অভিযুক্তই ১০ জনীয়া ভক্তৰ দলৰ পৰা ৩ হাজাৰকৈ টকা সংগ্ৰহ কৰি প্ৰৱঞ্চনাৰে মুঠ ৩০ হাজাৰ টকা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগৰ ভিত্তিত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি কেদাৰনাথ আৰক্ষীয়ে অভিযুক্তক মন্দিৰ চৌহদৰ পৰা "গ্ৰেপ্তাৰ" কৰে ।
তালাচীৰ সময়ত আৰক্ষীয়ে নগদ ৫ হাজাৰ টকা উদ্ধাৰ কৰে, যিখিনি ধন ভক্তৰ পৰা সংগ্ৰহ কৰা ধনৰ অংশ বুলি অনুমান কৰা হৈছে । জেৰাৰ সময়ত অভিযুক্তই স্থানীয় কেইজনমান লোকৰ সহযোগত এই প্ৰৱঞ্চনা সংঘটিত কৰা বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে ।
ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট বিধান অনুসৰি সোণপ্ৰয়াগ থানাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । পৰৱৰ্তী সময়ত তেওঁক আদালতত হাজিৰ কৰা হয় আৰু আদালতৰ নিৰ্দেশ অনুসৰি তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমান চামোলিৰ জিলা কাৰাগাৰত আছে চিৰাগ ।
আৰক্ষীয়ে জনোৱা মতে, এই গোচৰৰ সৈতে জড়িত আন অভিযুক্তসকলৰ সন্ধান লাভৰ বাবে অধিক তদন্ত চলি আছে । আৰক্ষী অধীক্ষক নিহাৰিকা টোমৰে কয় যে উত্তৰাখণ্ডৰ এজন ৩১ বছৰীয়া যুৱকক কেদাৰনাথ ধামত ভিআইপি দৰ্শনৰ প্ৰতিশ্ৰুতি দি তীৰ্থযাত্ৰীৰ পৰা হাজাৰ হাজাৰ টকাৰ পৰা প্ৰতাৰণা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
‘‘২০২৬ চনৰ ৮ জুন তাৰিখে শ্ৰী কেদাৰনাথ ধামৰ আৰক্ষী চকীত এজন ব্যক্তিয়ে নিজকে আই আৰ চি টি চিৰ এজেণ্ট বুলি দাবী কৰি ভক্তক ভি আই পি দৰ্শনৰ ব্যৱস্থা কৰাৰ অজুহাতত মানুহৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য লাভ কৰে । আমাৰ আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে আৰু তদন্তৰ অন্তত হিমাচল প্ৰদেশৰ মন্দি জিলাৰ ৩১ বছৰীয়া চিৰাগ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰি তেওঁৰ পৰা ৫ হাজাৰ টকা জব্দ কৰে ।’’ এইদৰে কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ।
"সোধা-পোছাৰ সময়ত তেওঁ আই আৰ চি টি চি এজেণ্টৰ ৰূপ লৈ ভি আই পি দৰ্শনৰ বাবে মানুহৰ পৰা ৩ হাজাৰকৈ টকা লোৱাৰ কথা স্বীকাৰ কৰিছিল । ১০ জনীয়া এটা দলৰ পৰা মুঠ ৩০ হাজাৰ টকা সংগ্ৰহ কৰিছিল ৷ এই বিষয়ত স্থানীয় এজন ব্যক্তি জড়িত থকাৰ কথাও পোহৰলৈ আহিছে, আৰু বৰ্তমান তদন্ত চলি আছে । আমি চিৰাগক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰি তেওঁৰ ৰিমাণ্ড বিচাৰিছোঁ ।" আৰক্ষী অধীক্ষক টোমৰে লগতে কয় ।
লগতে পঢ়ক: নগা ব্যক্তিৰ হত্যাক গৰিহণা মণিপুৰ আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

