আলৌকিক... বৰফে ঢাকিছে কেদাৰনাথ ধামৰ চৌহদ !
শুভ্ৰ বৰফৰ আচ্ছাদনৰ মাজত কেদাৰনাথ ধাম ৷ হিন্দুসকলৰ পবিত্ৰ ধৰ্মীয় স্থান হৈছে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগস্থিত বিশ্ব বিখ্যাত কেদাৰনাথ ধাম ৷

Published : March 22, 2026 at 7:11 PM IST
ৰুদ্ৰপ্ৰয়াগ (উত্তৰাখণ্ড) : হিন্দুসকলৰ পবিত্ৰ ধৰ্মীয় স্থান হৈছে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগস্থিত বিশ্ব বিখ্যাত কেদাৰনাথ ধাম ৷ হিন্দু ধৰ্মৰ বাৰটা জ্যোতিৰ্লিংগ আৰু চাৰিধামৰ ভিতৰত কেদাৰনাথ ধাম অন্যতম । কেদাৰনাথ ধামক পঞ্চ কেদাৰৰ ভিতৰত প্ৰথম কেদাৰ হিচাপে পূজা কৰা হয় । প্ৰায় ৬ মাহ বন্ধ, ৬ মাহ ভক্তৰ বাবে দুৱাৰ খোলা থাকে কেদাৰনাথ ধামৰ ৷
দেওবাৰে বৰফৰ আচ্ছাদন দেখা পোৱা গ'ল কেদাৰনাথ ধামত ৷ শেহতীয়াকৈ বিশ্ববিখ্যাত একাদশ জ্যোতিৰ্লিংগ মন্দিৰ কেদাৰনাথত হোৱা প্ৰচণ্ড বৰফ বৰষুণৰ পিছত সমগ্ৰ কেদাৰনাথ ধাম চৌহদ বৰফেৰে আবৃত হৈ পৰিছে । এই ঘটনাক অলৌকিক আৰু ঐশ্বৰিক শক্তি প্ৰভাৱ বুলি ক'ব খোজে ৷
প্ৰচণ্ড ঠাণ্ডা আৰু নিম্নগামী তাপমাত্ৰাৰ পাছতো উত্তৰাখণ্ড আৰক্ষী আৰু ভাৰত-তিব্বত সীমা আৰক্ষী কেদাৰনাথ ধামৰ সুৰক্ষাত নিয়োজিত হৈ আছে ৷ যাতে ধামতো কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি দৃষ্টি নিৱদ্ধ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, এই কঠিন পৰিস্থিতিৰ মাজতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা সংস্থাসমূহে অভেদ্য নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷
নিয়োজিত নিৰাপত্তা বাহিনীয়ে কেৱল নিৰাপত্তাৰ ক্ষেত্ৰত সীমাবদ্ধ নহয়, নিজৰ বেৰেক আৰু আশে-পাশে থকা অঞ্চলৰ পৰা বৰফ আঁতৰাইছে ৷ যাতে ভক্তৰ যাতায়তৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নহয় ৷ তেওঁলোকৰ অনুশাসন, নিষ্ঠা অধিক জীৱন্ত কৰি তুলিছে ধামটোক ৷
ধামত নিয়োজিত নিৰাপত্তা বাহিনী কেৱল আইন-শৃংখলা বজাই ৰখাৰ কামত নিয়োজিত নহয়। বতৰৰ বাবে যিকোনো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈও ই সম্পূৰ্ণৰূপে সাজু ৷ সৈনিকসকলৰ মনোবল হৈছে, "সেৱা আৰু নিৰাপত্তা"ৰ মূল মূলমন্ত্ৰ ৷
এক পৌৰাণিক বিশ্বাস আছে যে দ্বাপৰ যুগত পাণ্ডৱসকল কেদাৰনাথলৈ আহি গোত্ৰ হত্যাৰ পাপৰ পৰিত্ৰাণ বিচাৰিছিল । তেতিয়া ভগৱান শিৱই তেওঁলোকক ম’হৰ ৰূপত আবিৰ্ভাৱ হৈ দেখা দিছিল ৷ইয়াৰ পিছত পাণ্ডৱসকলে কেদাৰনাথ ৰূপত ভগৱান শিৱৰ জ্যোতিৰ্লিংগ প্ৰতিষ্ঠা কৰে । কেদাৰনাথ মন্দিৰৰ গৰ্ভগৃহত ত্ৰিকোণীয় আকৃতিৰ শিৱলিংগ আছে । কেদাৰনাথ মন্দাকিনী নদীৰো উৎপত্তিস্থল ।
লগতে পঢ়ক: প্ৰতি টোপাল পানী সংৰক্ষণ কৰক; বিশ্ব জল দিৱসত দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

