৬০০ নিঃস্ব লোকক নতুন জীৱন, ২৫০ লোকক পৰিয়ালৰ সৈতে একত্ৰিত কৰা সকলোৰে ত্ৰাণকৰ্তা অনু মদন
কৰ্ণালৰ অনু মদনে বছৰ বছৰ ধৰি বৃদ্ধ আৰু নিঃস্ব লোকক সহায় কৰি আহিছে ।

Published : February 28, 2026 at 12:18 AM IST
কৰ্ণাল(হাৰিয়ানা): ‘‘সেৱ পৰমো ধৰ্ম’’ মানে সেৱাই হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম । কিন্তু বৰ্তমান সময়ত দ্ৰুতগতিত চলি থকা জীৱনত আনৰ সেৱা কৰাটো সহজ কথা নহয় । আজিকালি সকলোৱে অফিচ-কাছাৰীত কাম কৰে । আনক সহায় কৰাটো এটা ভাললগা কথা যদিও আজৰি সময় তেওঁলোকৰ সেৱাত উৎসৰ্গা কৰাটো প্ৰায়ে কঠিন । অৱশ্যে কৰ্ণালৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক অনু মদনে বছৰ বছৰ ধৰি অনায়াসে এই কাম কৰি আহিছে ।
কৰ্ণালত কোনো বৃদ্ধক সেৱা আগবঢ়োৱাৰ কথা আহিলে প্ৰথমেই মনলৈ অহা নামটো হৈছে অনু মদন । সমাজকৰ্মী হিচাপে পৰিচিত অনু মদনে বিদ্যালয়ত শিক্ষাদান কৰি শিশুসকলৰ ভৱিষ্যত নিৰ্মাণত সহায় কৰিছে । বছৰ বছৰ ধৰি নিস্বাৰ্থভাৱে বৃদ্ধসকলৰ সেৱাও কৰি আহিছে অনুৱে ।
বিদ্যালয়ৰ কৰ্তব্য সামৰি মাজনিশালৈকে ‘‘অপনা আশিয়ানা’’ নামৰ বৃদ্ধাশ্ৰমখনত থকা বৃদ্ধসকলৰ সেৱা আগবঢ়ায় তেওঁ । ইটিভি ভাৰতৰ সৈতে হোৱা সমাজকৰ্মী তথা শিক্ষক অনু মদনৰ বিশেষ বাৰ্তালাপেৰে সজোৱা হৈছে এই প্ৰতিবেদন । এই বাৰ্তালাপৰ মাধ্যমেৰে অনুৱে নিজৰ যাত্ৰাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে কৰা কামবোৰৰ কথা ব্যক্ত কৰে ।

অনু ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী
ইটিভি ভাৰতৰ আগত অনুৱে কয়, ‘‘মই ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী । মই মোৰ জীৱনটো নিঃস্ব, বিশেষকৈ বৃদ্ধসকলৰ সেৱাৰ বাবে উৎসৰ্গা কৰিছো । মোৰ দৃষ্টিত শিক্ষা কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নহয়, সমাজৰ প্ৰতি নিজৰ দায়িত্ব পালনকো বুজায় । মোৰ সমস্ত সময় এই বৃদ্ধ আৰু নিঃস্ব লোকসকলৰ বাবে উৎসৰ্গিত ।’’
১৫ বছৰ আগতে লোৱা এটা প্ৰতিজ্ঞা
অনুৱে এই মহৎ কামৰ আৰম্ভণিৰ বিষয়ত কয় যে বিগত ১৫ বছৰ ধৰি তেওঁ ‘‘অপনা আশিয়ানা’’ নামৰ বৃদ্ধাশ্ৰমখনৰ সৈতে জড়িত হৈ আছে । তেওঁৰ বাবে ই কেৱল সমাজসেৱাই নহয়, বৰং জীৱনৰ উদ্দেশ্যত পৰিণত হৈছে । বিদ্যালয়ৰ পৰা আহি মানুহে জিৰণি বিচাৰে । অৱশ্যে অনু পোনে পোনে আশ্ৰমলৈ গৈ মাজনিশালৈকে বয়োজ্যেষ্ঠ লোকৰ সেৱাত নিয়োজিত হৈ থাকে ।
৬০০ বৃদ্ধক উদ্ধাৰ
অনু মদনে কয়, ‘‘মই শ শ লোকৰ জীৱন সলনি কৰিলোঁ । ১৫-১৬ বছৰত ৬০০ গৃহহীন লোকক উদ্ধাৰ কৰিলোঁ । বহুতকে তেওঁলোকৰ পৰিয়ালে পাহৰি গ'ল । এতিয়ালৈকে প্ৰায় ২৫০ জন বৃদ্ধক তেওঁলোকৰ পৰিয়ালৰ সৈতে একত্ৰিত কৰিলোঁ । একে সময়তে মই প্ৰায় ৬০০ পৰিয়ালৰ দ্বাৰা বৰ্জিত আৰু খোজকাঢ়িব নোৱাৰা বৃদ্ধ আৰু অসহায় লোকক আশ্ৰমলৈ লৈ আহিছিলো ৷ এনে লোকক ইয়াত সেৱা কৰা হয় ।’’
বিগত ৪০ বছৰে সমাজৰ প্ৰতি উৎসৰ্গিত "অপনা আশিয়ানা আশ্ৰম"
অনুৱে কয়, ‘‘অপনা আশিয়ানা আশ্ৰম কেৱল এটা সংগঠন নহয়, বৰঞ্চ এখন ঘৰ, য’ত পৰিয়ালৰ দ্বাৰা বৰ্জিত লোকসকলক উদ্ধাৰ কৰি অনাৰ পিছত ৰখা হয় । মই ব্যক্তিগতভাৱে আশ্ৰমত বসবাস কৰা বৃদ্ধসকলৰ খাদ্য-পানীয়ৰ পৰা আৰম্ভ কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ যত্ন লও ।’’

এটা দুৰ্ঘটনাৰ ফলত সেৱা সমৰ্পণৰ আৰম্ভণি হ'ল
অনু মদনে লগতে কয়, ‘‘যেতিয়া আমি এই কাম আৰম্ভ কৰিছিলো, তেতিয়া এনে এটা হৈছিল যে এজন বুঢ়া মানুহে আঘাত পোৱাৰ পিছত তেওঁৰ শৰীৰত দকৈ ঘাঁ হৈছিল ৷ তেওঁৰ ঘাঁত পোকে কিলবিলাইছিল আৰু তাত বহুত পূজ জমা হৈছিল । আমি যেতিয়া তেওঁৰ অৱস্থা দেখিছিলো, আমি তেওঁক তাৰ পৰা তুলি অপনা আশিয়ানা নামৰ আশ্ৰমলৈ লৈ আহিছিলো । তাৰ পৰাই মোৰ যাত্ৰা আৰম্ভ হ’ল ।’’ সেই বুঢ়া লোকজনে মোক কৈছিল যে তেওঁ মন্দিৰৰ সন্মুখত ভিক্ষা কৰি জীৱিকা নিৰ্বাহ কৰে ।
দেউতাই মোক পুত্ৰৰ দৰে ডাঙৰ-দীঘল কৰিলে
অনুৱে কয়, ‘‘মই এই মূল্যবোধৰ শিক্ষা মোৰ পৰিয়ালৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিলো ৷ আগতে পৰিয়ালবোৰ অধিক সংগঠিত আছিল, মূল্যবোধবোৰো আছিল । আজিকালি শিশুৰ এই মূল্যবোধৰ অভাৱ, যাৰ বাবে বৃদ্ধসকল নিঃস্ব হৈ পৰিছে । মই বহুত ভালকৈ ডাঙৰ-দীঘল হৈছিলো । দেউতাই মোক ছোৱালী হিচাপে নহয়, ল'ৰা হিচাপে পুত্ৰৰ দৰে ডাঙৰ-দীঘল কৰিছিল । মই যেতিয়া পঞ্জাবৰ বিশ্ববিদ্যালয়ত অধ্যয়নসূত্ৰে আছিলো, তেতিয়া মই ক্ৰীড়া আৰু পঢ়া-শুনা দুয়োটাতে বহুত ভাল আছিলো ৷ এই মূল্যবোধবোৰ মই মোৰ দেউতা আৰু পৰিয়ালৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পাইছিলোঁ ।’’
শিক্ষাৰ লগতে মূল্যবোধো গুৰুত্বপূৰ্ণ
অনু মদনে ইটিভি ভাৰতক কয়, ‘‘যি পিতৃ-মাতৃয়ে নিজৰ পাঁচটা সন্তানক ডাঙৰ-দীঘল কৰি তেওঁলোকক সক্ষম কৰি তোলে, তেওঁলোকে পিতৃ-মাতৃ দুজনৰ যত্ন ল'ব নোৱাৰে । প্ৰায়ে সমাজত বৃদ্ধসকলক বোজা হিচাপে গণ্য কৰা হয় আৰু ৰাজপথত এৰি দিয়া হয় । এনে পৰিস্থিতিত বৰ্তমান মানুহক শিক্ষাৰ লগতে মূল্যবোধৰ প্ৰয়োজন ।’’

ৰাইজলৈ আহ্বান
অনুৱে ৰাইজক আহ্বান জনাই কয়, ‘‘মা-দেউতা আমাৰ ওচৰলৈ এবাৰহে আহে । আপোনাৰ পিতৃ-মাতৃক সন্মান কৰক । তেওঁলোকৰ যত্ন লওক । তেওঁলোকে আমাক এৰি গ'লে তেওঁলোক কেতিয়াও ঘূৰি নাহে । সেয়েহে মই সকলোকে আহ্বান জনাইছো যে তেওঁলোকৰ বয়োজ্যেষ্ঠসকলৰ যত্ন লওক । তেওঁলোকক ভাল পাওক যাতে তেওঁলোকে বৃদ্ধ বয়সত অকলশৰীয়া অনুভৱ নকৰে ।’’
অনু মদন সমাজৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে
অসহায় বৃদ্ধসকলৰ বাবে অনু মদন এজন দেৱদূততকৈও কম নহয় । তেওঁ কেৱল আশ্ৰয় আৰু খাদ্যই প্ৰদান কৰাই নহয়, বৰং বৃদ্ধ তথা অসহায় লোকসকলক সন্মান আৰু মৰমো কৰে । এগৰাকী শিক্ষয়িত্ৰী হিচাপে তেওঁ শিশুসকলক শিক্ষা দিয়ে আৰু এগৰাকী সমাজকৰ্মী হিচাপে তেওঁ মানৱতাৰ শিক্ষা দিয়ে । তেওঁৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱাৰ বাবে ব্যস্ততা নহয়, নিষ্ঠাবান মনৰ প্ৰয়োজন ।
লগতে পঢ়ক: সংগীতৰ মাধ্যমৰে শিক্ষা, সকলো কষ্ট সামৰি শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ়াত ব্যস্ত এজন শিক্ষক

