ETV Bharat / bharat

গাঁওখনত এঘৰেই মানুহ, ১৫ বিঘা মাটিত খেতি কৰি চলি আছে পৰিয়ালটো

গাঁওখনত পথ যোগাযোগৰ ব্যৱস্থা আছে, মোবাইল সংযোগ আছে আৰু আছে বিদ্যুতৰ সুবিধাও ।

Kakti village
লাহৌল স্পিটি জিলাৰ কাজা পঞ্চায়তৰ কাকতি গাঁওখনক আগুৰি আছে ওখ পাহাৰে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 8, 2026 at 3:46 PM IST

7 Min Read
Choose ETV Bharat

লাহৌল স্পিটি (হিমাচল) : এক দুৰ্গম অঞ্চলত মাত্ৰ এটা ঘৰ থকা এখন গাঁৱৰ কথা আপুনি কল্পনা কৰিব পাৰেনে ? কিন্তু এয়াই সত্য । এনে এখন গাঁও এইখন ভাৰততে আছে । এই গাঁওখন আছে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত । হিমাচল প্ৰদেশৰ লাহৌল স্পিটি জিলাৰ কাজা পঞ্চায়তৰ কাকতি গাঁওখনক আগুৰি আছে সুউচ্চ, মানৱ বসতিৰহিত পৰ্বতে । এই পাহাৰৰ পাদদেশৰ ঠিক তলতে আছে সতেজ শাক-পাচলিৰ খেতিপথাৰ আৰু পথাৰখনৰ বাবে বেৰৰ কাম কৰা কেইজোপামান সৰু সৰু গছ ।

পাহাৰৰ তলত এশ বছৰ পুৰণি এটা মাটিৰ ঘৰ আছে, য’ত সৰু দুৱাৰ আছে । ইয়াত বাস কৰা বাসিন্দাই পথাৰত কাম কৰি পশুধন পালন কৰে । কিন্তু চাৰিওফালে কোনো মানুহৰ বাসস্থানৰ কোনো লক্ষণ নাই ।

কাকতিৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত কাজাত স্পিটি উপত্যকাৰ মুখ্য কাৰ্যালয় অৱস্থিত । ইয়াতে বাস কৰা অকলশৰীয়া পৰিয়ালটোৱে বহু বছৰ ধৰি নিজৰ পূৰ্বপুৰুষৰ মাটিত বসবাস কৰি আহিছে । পৰিয়ালটোৰ ভিতৰত আছে দুজন ভাতৃ আৰু জ্যেষ্ঠ ভাতৃজনৰ পৰিয়াল । কনিষ্ঠ ভাতৃ কালজাং টাকপা এজন লামা আৰু বৰ্তমান কাজাৰ বৌদ্ধ মঠত তেওঁ সেৱা আগবঢ়াই আছে । তেওঁ পাৰিবাৰিক পৰম্পৰা অনুসৰণ কৰি বৌদ্ধ ভিক্ষু হিচাপে জীৱন নিৰ্বাহ কৰি আছে ।

তেওঁৰ জ্যেষ্ঠ ভাতৃ চেৰিং নামগিয়ালে পত্নী ৰিংজিন উডেনৰ সৈতে ঘৰটোত বাস কৰে । চেৰিঙৰ ডাঙৰ পুত্ৰ সোণম চোপেলো এজন লামা আৰু বৰ্তমান তেওঁ কাংৰা আৰু মাণ্ডি জিলাৰ সীমান্তৰ চৌন্তৰা বৌদ্ধ মন্দিৰত অধ্যয়ন কৰি আছে । তেওঁলোকৰ দ্বিতীয় সন্তান নৱাং গিয়ালছন বিশেষভাৱে সক্ষম আৰু তৃতীয় সন্তান নৱাং কুংগাই টেক্সি চলায় ।

এই পৰিয়ালটো হৈছে তেওঁলোকৰ বংশৰ পঞ্চম প্ৰজন্ম । ১৫ বিঘা মাটিত খেতি কৰি পৰিয়ালটোৱে নিজৰ জীৱন নিৰ্বাহ কৰে । শীতকালত লাহৌল স্পিটি বিশ্বৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ থকাৰ বাবে বেছিভাগ মানুহেই কুল্লু-মানালি আৰু মাণ্ডিলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হয় । কিন্তু যি পৰিস্থিতিয়ে নহওক কিয়, চেৰিঙৰ পৰিয়ালটোৱে তাৰ পৰা প্ৰব্ৰজন কৰিব নিবিচাৰে ।

চেৰিঙে প্ৰকাশ কৰে, "আমি স্পিটি উপত্যকাক ভালপাওঁ আৰু কেতিয়াও প্ৰব্ৰজনৰ কথা চিন্তা কৰা নাই । গ্ৰাম্য পৰিৱেশ উপভোগ কৰোঁ আৰু চহৰৰ ভিৰ ভাল নাপাওঁ । শীতকালত আমি কেতিয়াবা মাণ্ডি জিলাৰ ৰেৱালছাৰ বা উত্তৰাখণ্ডৰ নাইনিতাললৈ যাওঁ, কিন্তু কিছু সময়ৰ পিছত আমি আমাৰ গাঁওখনলৈ পুনৰ উভতি আহোঁ । আমাৰ প্ৰজন্মই ইয়াত বসবাস কৰি আহিছে । কোনোবা অসুস্থ হ’লে চৰকাৰে হেলিকপ্টাৰ বা আন বিকল্পৰ সহায় আগবঢ়ায়, কিন্তু আজিলৈকে এনে কোনো পৰিস্থিতিৰ সৃষ্টি হোৱা নাই, যিয়ে কাৰোবাৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে । সেয়ে ইয়াত কোনো ধৰণৰ সমস্যা নোহোৱাকৈ জীয়াই আছোঁ ।"

তেওঁ কয় যে এপ্ৰিল মাহত পুনৰ খেতি আৰম্ভ হ’ব আৰু পৰিয়ালটোৱে পুনৰবাৰ ১৫ বিঘা মাটিত খেতি কৰিব । তেওঁ কয়, "আমি ইয়াতে জন্ম লৈছোঁ আৰু ইয়াৰ পৰিস্থিতিৰ সৈতে ভালদৰে পৰিচিত ।"

বোকামাটি আৰু শিলেৰে নিৰ্মিত চেৰিঙৰ পৰম্পৰাগত ঘৰটো হিমালয়ৰ স্থাপত্যৰ এক ধ্ৰুপদী উদাহৰণ । গ্ৰীষ্মকালত ই প্ৰাকৃতিকভাৱে ঠাণ্ডা হৈ থাকে আৰু শীতকালত ভিতৰত তাপ আবদ্ধ কৰি ৰাখে । আনকি বাহিৰৰ উষ্ণতা মাইনাছ ২০ ডিগ্ৰী চেলছিয়াছলৈ নামিলেও ই পৰিয়ালটোৰ বাবে এক নিৰাপদ আৰু তুলনামূলকভাৱে উষ্ণ আশ্ৰয়ৰ ব্যৱস্থা প্ৰদান কৰে ।

আমোদজনক কথাটো হ’ল, এই একঘৰীয়া গাঁওখন এতিয়া ডিজিটেল ইণ্ডিয়াৰ সৈতে সংযুক্ত হৈ পৰিছে । ভাৰত সঞ্চাৰ নিগম লিমিটেডে ইয়াত ৪জি টাৱাৰ স্থাপন কৰিছে । চেৰিঙে বৰ্ণনা কৰে যে পূৰ্বতে বাতৰি পাবলৈ কেইবা সপ্তাহো লাগিছিল যদিও এতিয়া তেওঁ নিজৰ মোবাইল ফোনটোৰ জৰিয়তে বিশ্বৰ বাকী অংশৰ সৈতে সংযোগ স্থাপন কৰিছে । তেওঁ কয়, "ইয়াৰ ফলত আমাৰ বহু সুবিধা হৈছে । আমি মোবাইল ফোনযোগে পৰিয়ালৰ সৈতে যোগাযোগ ৰাখোঁ ।"

পথ সংযোগৰ সমান্তৰালকৈ ২০১১ চনত এই গাঁওখনলৈ বিদ্যুৎ সংযোগো আহিছিল । লাহৌল স্পিটি হিমাচল প্ৰদেশৰ এখন জনজাতীয় জিলা আৰু শীতকালত প্ৰচণ্ড বৰফ পৰাৰ বাবে ইয়াক 'ঠাণ্ডা মৰুভূমি' বুলি জনা যায় । তাপমাত্ৰা মাইনাছ ২০ৰ পৰা মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছলৈ নামি গ'লে এই পৰিস্থিতিৰ সৃষ্টি হয় । খোৱাপানীৰ উৎসসমূহো বৰফ হৈ পৰে । জিলাখন প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত আৰু ইয়াৰ বৌদ্ধ মঠসমূহ পৰ্যটকৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে । শীতকালত প্ৰায়ে পৰ্যটকসকলে এই অঞ্চলটো ভ্ৰমণ কৰে ।

চেৰিঙৰ পুত্ৰ নাৱাঙে আঙুলিয়াই দিয়ে, "আমি যেতিয়া স্কুললৈ গৈছিলোঁ তেতিয়া আমি পাহাৰৰ পথেৰে কাজালৈ যাত্ৰা কৰিছিলোঁ আৰু খোজকাঢ়িয়ে ঘৰলৈ উভতি আহিছিলোঁ । এতিয়া আমাৰ ঘৰলৈ যোৱা পথৰ সুবিধা আছে আৰু গাড়ীৰে সহজেই কাজা পাব পাৰোঁ । কথাবোৰ যথেষ্ট সলনি হৈছে । জৰুৰীকালীন অৱস্থাত আমি তৎক্ষণাত মোবাইল ফোনযোগে প্ৰশাসন বা কাজাৰ আন লোকৰ সৈতে যোগাযোগ কৰিব পাৰোঁ ।"

পথেৰে কাজালৈ ১০ কিলোমিটাৰ হ’লেও পাহাৰীয়া পথেৰে গ’লে দূৰত্ব আধালৈ হ্ৰাস পায় । কাজা হৈছে স্পিটিৰ মূল বজাৰ । ইয়াত বেংক, স্কুল, চিকিৎসালয়ৰ দৰে বিভিন্ন সুবিধা উপলব্ধ ।

বৰ্তমান শীতকাল শীৰ্ষত উপনীত হৈছে আৰু চেৰিঙৰ পৰিয়ালে ঔষধ, ৰেচন আৰু অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰি ৰাখিছে । কাৰণ প্ৰচণ্ড বৰফ পৰিলে কেতিয়াবা বাহিৰলৈ যোৱাটোও অসুবিধা হ’ব পাৰে । কিন্তু এইবাৰ বৰফৰ পৰিমাণ ন্যূনতম হৈছে ।

তেওঁ প্ৰকাশ কৰে, "শীতকালত আমি ছমাহৰ বাবে ৰেচন জমা কৰি ৰাখোঁ । আমি আমাৰ জীৱ-জন্তুৰ বাবে ঔষধ, গছৰ পাত আৰু খাদ্যও মজুত কৰোঁ ।"

চেৰিঙৰ পত্নী ৰিংজিন উডেনে কয়, "প্ৰায় ২০ বছৰ আগতে শীতকালত সমগ্ৰ উপত্যকাটো বৰফেৰে আবৃত হৈ পৰিছিল । যাৰ ফলত ইয়াৰ জনজীৱনত যথেষ্ট প্ৰভাৱ পৰিছিল । বতৰৰ পৰিৱৰ্তনৰ বাবে বৰফৰ পৰিমাণ কমি আহিছে । এইবাৰো বৰফৰ পৰিমাণ কম হৈছে । শীতকালত অতি ঠাণ্ডাৰ বাবে প্ৰাকৃতিক পানীৰ উৎসবোৰ বৰফ হৈ পৰে । আমি বৰফ গলাই লওঁ । মোৰ স্বামীয়ে শ্ৰমিক হিচাপে জল শক্তি বিভাগত কাম কৰে আৰু বাকী সময়খিনি পৰিয়ালৰ সৈতে খেতি কৰি কটায় ।"

বৰ্তমান পথাৰখন খালী হৈ আছে আৰু এপ্ৰিল মাহৰ পিছতহে পটল আৰু আলুৰ বীজ সিঁচাৰ কাম আৰম্ভ হ’ব । লাহৌলৰ আলু আৰু পটল দিল্লীৰ শাক-পাচলি বজাৰ পৰ্যন্ত ৰপ্তানি কৰা হয় । এই ঠাইৰ আলুৰ উৎকৃষ্ট মানৰ বাবে প্ৰচুৰ চাহিদা আছে ।

কাজাৰ অতিৰিক্ত উপ-আয়ুক্ত শিখা ছিমাতিয়াই প্ৰকাশ কৰে, "ৰাজহ নথিত কাকতি গাঁও পঞ্জীয়ন কৰা হৈছে । এইখন দেশৰ প্ৰথমখন গাঁও, য’ত মাত্ৰ এটা ঘৰ আছে । ইয়াত থকা পৰিয়ালটোক প্ৰশাসনে প্ৰতিটো সা-সুবিধা প্ৰদান কৰিছে ।"

লগতে পঢ়ক :স্বামীক ৰান্ধি-বাঢ়ি নুখুৱালেই নিষ্ঠুৰ বুলিব নেকি পত্নীক ? আদালতে দিছে এক যুগান্তৰকাৰী ৰায়
লগতে পঢ়ক :হিজাব পৰিহিত মহিলাই কিনিব নোৱাৰিব সোণ ! কোন ৰাজ্যত, কাৰ এই নিৰ্দেশনা ?