অনুশীলন প্ৰগতি ২০২৬ত চমক দেখুৱালে ভাৰতীয় সেনাৰ কে-৯ যোদ্ধাই
সাহস, আনুগত্য আৰু কৰ্তব্যনিষ্ঠাৰ প্ৰতীক এই নীৰৱ যোদ্ধাসকলক অনুশীলন প্ৰগতি ২০২৬ এ এক নতুন মৰ্যাদা প্ৰদান কৰিলে ৷

Published : May 27, 2026 at 4:38 PM IST
তেজপুৰ: ভাৰতীয় সেনাৰ ‘অনুশীলন প্ৰগতি ২০২৬’ত এইবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে সেনাৰ বিশেষ প্ৰশিক্ষিত কুকুৰ দলে ৷ এইবাৰৰ অনুশীলনত আৰু এটা নতুন কথা দেখা গ'ল ৷ ৰবটিক কুকুৰ আৰু সেনাবাহিনীৰ প্ৰশিক্ষিত কে ৯ কুকুৰক একেলগে কৰ্মত দেখা গৈছিল । বিভিন্ন দেশৰ সৈনিকৰ সন্মুখত এই কুকুৰ দলে নিজৰ অসাধাৰণ দক্ষতা প্ৰদর্শন কৰি সকলোকে আকৰ্ষিত কৰে ৷ লগতে ভৱিষ্যতৰ যুদ্ধক্ষেত্ৰত প্ৰযুক্তি আৰু প্ৰশিক্ষিত প্ৰাণী দুয়োটা যে একেলগে কাম কৰিব পাৰে, এই প্ৰদর্শনে স্পষ্ট কৰি দিলে ৷
কোন কোন প্ৰজাতিৰ কুকুৰে লৈছিল অংশ :
এই অনুশীলনত মুঠ তিনিটা বিশেষ প্ৰজাতিৰ কুকুৰে অংশগ্ৰহণ কৰিছিল ৷ এলান, ভিক্টৰ আৰু ডিঅ'ৰ কাম দেখি অনুশীলন প্ৰগতিৰ সকলো সৈনিক আৰু বিষয়াই এই নীৰৱ যোদ্ধাসকল যে ভাৰতীয় সেনাৰ এক অমূল্য সম্পদ সেই কথা উপলব্ধি কৰে ৷
K9 Warriors Steal the Show at Exercise PRAGATI 2026!!!
— Himadree (Yangchen) (@himadree) May 26, 2026
Amid tactical drills and multinational training at Exercise #PRAGATI2026 , the Indian Army’s four-legged warriors added a distinctive and powerful dimension to the exercise. Army dogs trained alongside troops from friendly… pic.twitter.com/jo9nASri1Q
- এলেন : বেলজিয়াম জাতৰ কুকুৰ ৷ শত্ৰুক আক্ৰমণ কৰা আৰু বিপজ্জনক পৰিস্থিতিত সৈনিকক সহায় কৰাই ইয়াৰ মূল কাম ৷
- ডিঅ' : লেব্ৰেড'ৰ জাতৰ কুকুৰ ৷ বোমা বা বিস্ফোৰক বস্তু চিনাক্ত কৰাত এই প্ৰজাতি অদ্বিতীয় ৷
- ভিক্টৰ : ৰামপুৰ হাউণ্ড হিচাপে পৰিচিত সম্পূৰ্ণ ভাৰতীয় জাতৰ কুকুৰ ৷ শত্ৰুৰ গতিবিধি অনুসৰণ কৰাত এই কুকুৰ অত্যন্ত পাৰদৰ্শী ৷
ভিক্টৰক লৈ বিশেষ গৌৰৱ :
ভিক্টৰৰ প্ৰদর্শন এইবাৰ বিশেষভাৱে আলোচিত হৈছে ৷ ভাৰতীয় জাতৰ ৰামপুৰ হাউণ্ডে ভাৰতৰ গৰম, ঠাণ্ডা সকলো বতৰতে সহজে নিজকে খাপ খুৱাই ল’ব পাৰে ৷ ৰোগ-বেমাৰো কমকৈ হয় ৷ এই কাৰণেই ভাৰতীয় সেনাই এতিয়া দেশীয় জাতৰ কুকুৰক সামৰিক কামত বেছিকৈ ব্যৱহাৰ কৰিবলৈ আগ্ৰহী হৈছে ৷ ই আত্মনির্ভৰ ভাৰতৰ অভিযানৰেই এক অংশ ৷
ক'ত ক'ত কাম কৰে এই নীৰৱ যোদ্ধাসকলে ?
এই সামৰিক কুকুৰবিলাকে কেৱল মসৃণ পথত কাম নকৰে ৷ প্ৰচণ্ড ৰ'দত মৰুভূমিয়েই হওক বা বৰফেৰে ঢকা হিমালয়ৰ গিৰিপথ হওক, সেনাৰ লগত এই কুকুৰো যায় ৷ বোমা চিনাক্ত, শত্ৰু খেদা অথবা বিপদৰ সময়ত সৈনিকক ৰক্ষা কৰা প্ৰতিটো কামতে এওঁলোক সদায় সাজু ৷
উল্লেখ্য যে, মেঘালয়ৰ উমৰৈত ভাৰত মহাসাগৰীয় অঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ ১২খন বন্ধুত্বপূর্ণ দেশৰ সশস্ত্ৰ বাহিনীৰ মাজত বহুজাতিক যৌথ সামৰিক অনুশীলন ‘প্ৰগতি ২০২৬’ অব্যাহত আছে ৷ এই অনুশীলনৰ প্ৰথম সংস্কৰণত ১২খন বন্ধুত্বপূর্ণ দেশৰ ৪০০ৰো অধিক সামৰিক জোৱানে অংশগ্ৰহণ কৰি আঞ্চলিক শান্তি, সুৰক্ষা আৰু সহযোগিতাৰ প্ৰতি এক যৌথ অঙ্গীকাৰ প্ৰকাশ কৰিছে বুলি প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহিন্দ্ৰ ৰৱাটে জানিবলৈ দিয়ে ৷

