ETV Bharat / bharat

১২ দিনত ভৰি দিলে উম্মে হবিবাৰ অনশন, ৰাহুল গান্ধীক কঠোৰ সমালোচনা

অনশন ভংগ কৰিবলৈ অস্বীকাৰ উম্মে হবিবাৰ, মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক সমালোচনা ৷

Jharkhand Girl
১২ দিনীত ভৰি দিলে উম্মে হবিবাৰ অনশন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 9:37 PM IST

2 Min Read
Choose ETV Bharat

ৰাঁচী: ঝাৰখণ্ডৰ পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদৰ অন্যতম বিশিষ্ট মুখ হিচাপে পৰিগণিত হোৱা উম্মে হবিবাই ১২ দিনীয়া অনশন ভংগ কৰিবলৈ অস্বীকাৰ কৰে ৷ বিপৰীতে ছাত্ৰ-ছাত্ৰীৰ দাবী পূৰণ নকৰাৰ বাবে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

বিগত ১২ দিন ধৰি অনিৰ্দিষ্টকালীন অনশন কৰি থকা হবিবাৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাত সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তো খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । অনশনৰ বাবে তাইৰ ওজন সাত কিলোগ্ৰাম হ্ৰাস পাইছে ৷ প্ৰথম অৱস্থাত অনশন আৰম্ভ কৰাৰ সময়ত ৰাহুল গান্ধীৰ লগতে ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজীত দীপকেৰ সৈতে কথা পাতিছিল ।

সদৰ চিকিৎসালয়ৰ আইচিইউত ভৰ্তি হোৱাৰ পিছতো হবিবাই নিজৰ দাবী পূৰণৰ পিছতহে অনশন বন্ধ কৰিব বুলি পুনৰবাৰ উল্লেখ কৰি অনশন অব্যাহত ৰাখিছে । ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত ছাত্ৰ-ছাত্ৰীৰ দাবী পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ছোৰেণ আৰু ৰাহুল গান্ধীলৈ আহ্বান জনাই হবিবাই ৷

তেওঁ কয়, "আমিয়েই আপোনালোকক ক্ষমতালৈ আনিছিলো, এই আশাত যে আপুনি যুৱক-যুৱতীসকলৰ স্বাৰ্থত কাম কৰিব । আপুনি আমাৰ আশা অনুসৰি কাম নকৰাটো দুৰ্ভাগ্যজনক । তথাপিও আমি আশাবাদী হৈয়েই আছো ৷ এই আশাই আমাক অনিৰ্দিষ্টকালীন অনশন অব্যাহত ৰাখিবলৈ বাধ্য কৰাইছে । মোৰ শৰীৰ দুৰ্বল হৈ আহিছে, কিন্তু মই মোৰ আত্মাক লৰচৰ কৰিবলৈ দিয়া নাই । ঝাৰখণ্ডৰ এগৰাকী কন্যা হিচাপে মই আপোনালোকক আহ্বান জনাইছো যে ২২–২৩ দিন ধৰি প্ৰতিবাদ কৰি অহা ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাৰ খৰ্ব হ'বলৈ নিদিব ।"

ৰাহুল গান্ধীলৈ আহ্বান কৰি কয়,"বৰ্তমান ইয়াত ক্ষমতাত থকা চৰকাৰখন আপোনাৰ মিত্ৰতাৰ অংশীদাৰ । ইয়াৰ দায়িত্ব আপুনি ল'ব লাগিব । যদি আপুনি ঝাৰখণ্ডৰ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীক সমৰ্থন কৰি আছে, তেন্তে আপুনি এতিয়াও আমাক লগ কৰিবলৈ কিয় অহা নাই ? অনুগ্ৰহ কৰি ৰাঁচীলৈ আহি আমাক লগ কৰক আৰু ১২–১৩ দিন ধৰি অনশন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ অৱস্থাৰ বিষয়ে জানি লওক ।"

লগতে পঢক: দিল্লীলৈ কৃষকৰ পদযাত্ৰা: পঞ্জাব-হাৰিয়ানা সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী