ETV Bharat / bharat

জেইই এডভান্সড ২০২৬ৰ ফলাফল ঘোষণা: শীৰ্ষস্থানত উজলিল বিহাৰৰ শুভম কুমাৰ

জেইই এডভান্সড ২০২৬ত শীৰ্ষ তিনি স্থানপ্ৰাপ্ত দিল্লী সংমণ্ডলৰ ৷ সংমণ্ডলটোৰে আৰোহী দেশপাণ্ডেই দখল কৰিলে মহিলাৰ ভিতৰত শীৰ্ষ স্থান ৷

JEE Advanced 2026 Results
জেইই এডভান্সড ২০২৬ৰ ফলাফল ঘোষণা (ANI)
author img

By ETV Bharat Assamese Team

Published : June 1, 2026 at 2:57 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইটি)ত নামভৰ্তিৰ বাবে অনুষ্ঠিত যুটীয়া প্ৰৱেশ পৰীক্ষা (জেইই) এডভান্সড ২০২৬ৰ ফলাফল দেওবাৰে মাজনিশা ঘোষণা কৰা হয় ৷ বিহাৰৰ গয়াৰ বাসিন্দা শুভম কুমাৰে শীৰ্ষস্থান দখল কৰে । তেওঁ ৩৬০ নম্বৰৰ ভিতৰত ৩৩০ নম্বৰ লাভ কৰে ৷ ৩২৯ নম্বৰেৰে কবীৰ চিল্লাৰে দ্বিতীয় স্থান আৰু যতীন চহৰে ৩১৯ নম্বৰেৰে তৃতীয় স্থান দখল কৰে ৷

ইফালে দিল্লী সংমণ্ডলৰ আৰোহী দেশপাণ্ডেই ৩৬০ৰ ভিতৰত ২৮০ নম্বৰ লাভ কৰি মহিলা প্ৰাৰ্থীৰ ভিতৰত শীৰ্ষস্থান দখল কৰে । কমন ৰেংক লিষ্ট (চিআৰএল)ত তেওঁ ৭৭ নম্বৰ স্থান লাভ কৰে । এক আনুষ্ঠানিক বিবৃতি অনুসৰি প্ৰথম তিনিটা স্থানপ্ৰাপ্ত আইআইটি দিল্লী সংমণ্ডলৰ ৷

আইআইটি ৰুড়কীৰ পৰিচালনাত চলিত বৰ্ষত অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল সোমবাৰে পুৱা ১০ বজাত ঘোষণাৰ কথা আছিল যদিও নিৰ্ধাৰিত ঘোষণাৰ সময়ৰ কেইবা ঘণ্টা পূৰ্বে মাজনিশা প্ৰকাশ কৰা হয় । প্ৰাৰ্থীসকলে তেওঁলোকৰ ৰোল নম্বৰ, জন্ম তাৰিখ আৰু পঞ্জীয়নভুক্ত মোবাইল নম্বৰ ব্যৱহাৰ কৰি জেইই এডভান্সড পৰ্টেল (jeeadv.ac.in)ৰ জৰিয়তে লাভ কৰিব পাৰিব ৷

২০২৬ চনৰ জেইই (এডভান্সড)ৰ বাবে মুঠ ১,৮৭,৩৮৯ জন পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল আৰু ইয়াৰে ১,৭৯,৬৯৪ জন পৰীক্ষাৰ্থীয়ে ১৭ মে’ত অনুষ্ঠিত জেইই (এডভান্সড)ৰ ১ আৰু ২ নং পেপাৰ দুয়োটাতে অৱতীৰ্ণ হৈছিল । ৫৬,৮৮০ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে আৰু ইয়াৰে ১০,১০৭গৰাকী মহিলা প্ৰাৰ্থী ।

আইআইটি ৰুড়কীৰ সঞ্চালক অধ্যাপক কমল কিশোৰ পণ্টে সকলো যোগ্য প্ৰাৰ্থীক অভিনন্দন জনাই কাউঞ্চিলিং আৰু আসন আৱণ্টন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে । তেওঁ কয়, "মই জেইই (এডভান্সড) ২০২৬ চনত যোগ্যতা অৰ্জন কৰা সকলো প্ৰাৰ্থীকে আন্তৰিকতাৰে অভিনন্দন জনাইছো । এই কৃতিত্ব তেওঁলোকৰ নিষ্ঠা, অধ্যৱসায় আৰু শৈক্ষিক উৎকৃষ্টতাৰ প্ৰমাণ ।

তেওঁ লগতে কয়, “অৱশ্যে চূড়ান্ত নামভৰ্তিৰ বাবে জেইই (এডভান্সড) ২০২৬ তথ্য ব্ৰ’চাৰত নিৰ্ধাৰিত শতাংশ সম্পৰ্কীয় যোগ্যতাৰ প্ৰয়োজনীয়তা আৰু অন্যান্য প্ৰযোজ্য চৰ্তসমূহ পূৰণ কৰা হ’ব ।” জেইই (এডভান্সড) ২০২৬ৰ ফলাফল পৰীক্ষা কৰিবলৈ প্ৰাৰ্থীসকলে তেওঁলোকৰ ৰোল নম্বৰ, জন্ম তাৰিখ আৰু পঞ্জীয়নভুক্ত মোবাইল নম্বৰ ব্যৱহাৰ কৰি লগ ইন কৰিব লাগিব ।

স্ক’ৰকাৰ্ডত প্ৰাৰ্থীৰ নাম, অৰ্হতাৰ অৱস্থা, অল ইণ্ডিয়া ৰেংক (এআইআৰ), বিষয়ভিত্তিক নম্বৰ, লাভ কৰা মুঠ নম্বৰ, শিতানভিত্তিক ৰেংক আৰু কাটঅফ মাৰ্ক আদি গুৰুত্বপূৰ্ণ তথ্য সন্নিবিষ্ট কৰা হয় ।

লগতে পঢ়ক : ১ জুনত ঘোষণা হ’ব JEE ADVANCED 2026 ৰ ফলাফল

JEE 2026 Mains ৰ শীৰ্ষস্থান অধিকাৰী কবীৰলৈ আহিল আন এক বিশেষ সুযোগ

ঘোষণা হ'ল জেইইৰ মূল পৰীক্ষাৰ ফলাফল, শীৰ্ষত ৰাজস্থানৰ কবীৰ