ETV Bharat / bharat

জম্মু-কাশ্মীৰত আকস্মিক গ্ৰেনেড বিস্ফোৰণত ২ জোৱান নিহত

আহত জোৱান দুজনক সেনাবাহিনীৰ ৯২ বেছ হাস্পতাললৈ স্থানান্তৰ কৰা হয় আৰু কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে ।

ACCIDENTAL GRENADE BLAST
প্ৰতিনিধিত্বমূলক ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : June 10, 2026 at 10:51 AM IST

1 Min Read
Choose ETV Bharat

শ্ৰীনগৰ (জম্মু-কাশ্মীৰ) : জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ উৰি ছেক্টৰত মঙলবাৰে সংঘটিত হোৱা আকস্মিক গ্ৰেনেড বিস্ফোৰণত দুজন জোৱানৰ মৃত্যু হয় ।

বিষয়াসকলে জনোৱা মতে, উৰিৰ কমলকোটেৰ এটা শিবিৰত নিয়মিতভাৱে সঁজুলি গতাই দিয়াৰ সময়ত ‘আকস্মিকভাৱে’ এটা হেণ্ড গ্ৰেনেড বিস্ফোৰণ ঘটি দুজন জোৱান আহত হয় । আহত জোৱান দুজনক সেনাবাহিনীৰ ৯২ বেছ হাস্পতাললৈ স্থানান্তৰ কৰা হয় আৰু কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আইন অনুসৰি প্ৰয়োজনীয় তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সম্পূৰ্ণ তথ্য লাভ কৰাৰ পিছতহে এই সন্দৰ্ভত মন্তব্য দিব বুলি শ্ৰীনগৰস্থিত ডিফেন্স পিআৰঅ’ই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা লেফটেনেণ্ট বীৰশ্বৰ গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি সেনাৰ

পাকিস্তানলৈ যোৱাৰ পৰিকল্পনা বিফল : জম্মু-কাশ্মীৰ আৰক্ষীৰ তৎপৰতাত দুই কুখ্যাত সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

খাৱৈত পৰিল সেনাৰ বাহন : শ্বহীদ ১০ জোৱান, আহত ১১