শাৰীৰিক বাধা নেওচি এভাৰেষ্টত ভাৰতৰ ত্ৰিৰংগা উৰুৱালে দীপেন্দ্ৰই
৭ বছৰ বয়সতে দুৰ্ঘটনাত এখন হাত হেৰুওৱা দীপেন্দ্ৰই অতি দুৰ্গম আৰু কঠিন পথ অতিক্ৰম কৰি প্ৰায় ৫,৩৬৪ মিটাৰ উচ্চতাত উৰুৱাইছে দেশৰ ত্ৰিৰংগা ।

Published : May 10, 2026 at 7:06 PM IST
জয়পুৰ (ৰাজস্থান) : আত্মবিশ্বাস, ধৈৰ্য আৰু সাহস থাকিলে যিকোনো বাধা অতিক্ৰম কৰিব পাৰি । জয়পুৰৰ যুৱক দীপেন্দ্ৰ সিং হাডাই সেই কথাই যেন পুনৰ এবাৰ প্ৰমাণ কৰিলে । বিশেষভাৱে সক্ষম স্বত্বেও তেওঁ এভাৰেষ্ট বেছ কেম্পত ভাৰতৰ ত্ৰিৰংগা উৰুৱাবলৈ সক্ষম হৈছে । ৭ বছৰ বয়সতে দুৰ্ঘটনাত এখন হাত হেৰুৱাইছিল যুৱকজনে । তাৰ পিছতো তেওঁ মানসিকভাৱে ভাগৰি পৰা নাছিল । অৱশেষত তেওঁ এই বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
এই অভিজ্ঞতা বৰ্ণনা কৰি দীপেন্দ্ৰই ইটিভি ভাৰতক কয় যে প্ৰায় ৫,৩৬৪ মিটাৰ উচ্চতালৈ যাত্ৰা কৰাটো শাৰীৰিক শক্তি আৰু মানসিক ধৈৰ্য দুয়োটাৰে কঠিন পৰীক্ষা আছিল । তেওঁ কয়, "প্ৰবল শীতল বতাহ, অক্সিজেনৰ অভাৱ, দুৰ্গম পথ আৰু অহৰহ পৰিৱৰ্তিত বতৰে প্ৰতিটো খোজতে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল ।
এয়া কেৱল ট্ৰেকিং নহয়, ই অন্তৰ্ভুক্তি আৰু সম সুযোগৰ এক শক্তিশালী বাৰ্তাও আছিল ।" দীপেন্দ্ৰই উল্লেখ কৰে যে বিশেষভাৱে সক্ষম লোকক দুঃসাহসিক ক্ৰীড়াত সম অংশগ্ৰহণৰ লক্ষ্যৰে টিংকেশ এবিলিটি ফাউণ্ডেচনৰ উদ্যোগত এই অভিযান আৰম্ভ কৰা হৈছিল ।
২০০৮ চনৰ ১৪ ডিচেম্বৰত মুখামুখি হোৱা ভয়ংকৰ দুৰ্ঘটনাটোৰ কথা স্মৰণ কৰি দীপেন্দ্ৰই কয় যে বন্ধুৰ সৈতে খেলি থাকোঁতে ৩৩ হাজাৰ ভল্টৰ বৈদ্যুতিক তাঁৰৰ ওচৰতে নিৰ্মিত এটা অট্টালিকাৰ চাদৰ ওপৰত উঠিছিল । সেই সময়ত তেওঁ গম নোপোৱাকৈয়ে সেই উচ্চ ক্ষমতাৰ বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহিছিল । তেতিয়া তেওঁ বিদ্যুৎস্পৃষ্ট হৈ বাগৰি পৰিছিল । চিকিৎসালয়ৰ বিছনাত তেওঁ ৩ মাহ ধৰি মৃত্যুৰে যুঁজিছিল । পিছত চিকিৎসকৰ প্ৰচেষ্টাত তেওঁৰ জীৱন ৰক্ষা পৰিছিল যদিও সোঁহাতখন কাটি পেলাবলগীয়া হৈছিল । এখন হাত হেৰুওৱাৰ পিছত তেওঁ জীৱনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও দীপেন্দ্ৰই ইয়াক দুৰ্বলতা হিচাপে লোৱা নাছিল ।
তেওঁ কয়, "দুৰ্ঘটনাটোৰ পিছত প্ৰথম কেইবছৰমান অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ আছিল । মই খঙাল হৈ পৰিছিলোঁ । মানুহৰ লগত বহু কথাকৈ কথা পাতিছিলোঁ আৰু আঁতৰি থাকিবলৈ লৈছিলোঁ । নিজক এনেদৰে গ্ৰহণ কৰা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল । সমাজত চলি থকা প্ৰতিক্ৰিয়াবোৰেও মোক গভীৰভাৱে আঘাত দিছিল । মানুহে মোৰ ফালে চাই থাকিছিল । কেতিয়াবা আনকি মোক মোৰ পৰিয়ালৰ ওপৰত বোজা বুলিও গণ্য কৰিছিল । মই দৃঢ়প্ৰতিজ্ঞ আছিলো যে মই বোজা নহয়, বৰঞ্চ তেওঁলোকৰ গৌৰৱ হ'ম ।"
কম্পিউটাৰ আৰু প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী দীপেন্দ্ৰই দশম উত্তীৰ্ণৰ পিছত বিজ্ঞান আৰু গণিতক বিষয় হিচাপে লৈছিল । তাৰ পিছত তেওঁ ঘৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰৈত থকা মহাবিদ্যালয় এখনত কম্পিউটাৰ বিজ্ঞানৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰে । প্ৰতিদিনে প্ৰায় ১৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি তেওঁ নিতৌ চাইকেল চলাই গৈছিল । তেওঁ কয়, "এই যাত্ৰা আছিল আত্মনিৰ্ভৰশীল হৈ সমাজৰ বাবে কাম কৰা ।"
কিন্তু শাৰীৰিক বাধা তেওঁৰ জীৱনত কেতিয়াও হেঙাৰ হিচাপে থিয় নিদিলে । সাধাৰণ মানুহে ভয় কৰা কামবোৰ তেওঁৰ জীৱনৰ অংশ হৈ পৰিল । তেওঁ পেৰাগ্লাইডিং, পেৰাচেলিং, চাইকেলিং, জেট স্কিইং আৰু বাঞ্জি জাম্পিঙৰ প্ৰতি আকৰ্ষিত আছিল । আনকি তেওঁ ২২৮ মিটাৰ উচ্চতাৰ বাঞ্জি জাম্পৰ অভিজ্ঞতাও লাভ কৰিছিল । তেওঁৰ বাবে দুঃসাহসিক ক্ৰীড়া হৈছে নিজকে প্ৰত্যাহ্বান জনোৱা আৰু নিজৰ সামৰ্থ্য পৰীক্ষা কৰাৰ এক উপায় ।
তেওঁ কয়, "মোৰ বাবে জীৱনৰ অৰ্থ হ'ল প্ৰতিদিনে নিজকে প্ৰত্যাহ্বান জনোৱা । মই এই প্ৰত্যাহ্বান সহজেই গ্ৰহণ কৰিবলৈ শিকিলোঁ ।"
নেপালৰ ঠেক হিমালয় অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা বিশ্বৰ আটাইতকৈ দুৰ্গম পথসমূহৰ ভিতৰত অন্যতম এভাৰেষ্ট বেছ কেম্পলৈ যোৱাৰ বাবে দীপেন্দ্ৰ আৰু তেওঁৰ দলটোৱে দৈনিক ৮ কিলোমিটাৰৰ পৰা ১০ কিলোমিটাৰ কঠিন পথ অতিক্ৰম কৰিবলগীয়া হৈছিল ।
উচ্চতা বৃদ্ধিৰ লগে লগে অক্সিজেনৰ মাত্ৰাও কমি আহে । প্ৰচণ্ড ঠাণ্ড, বতাহ আৰু সলনি হৈ থকা বতৰে প্ৰতিদিনে নতুন নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰে । দীপেন্দ্ৰই এই যাত্ৰা সন্দৰ্ভত কয়, "কেতিয়াবা পৰিস্থিতি অত্যন্ত কঠিন হৈ পৰে, কিন্তু আমি সাহস হেৰুওৱা নাছিলো । সপোন পূৰণ কৰিবলৈ হ'লে শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে শক্তিশালী হোৱাটো প্ৰয়োজন ।"
তেওঁ লগতে কয় যে শাৰীৰিক বাধা এজন ব্যক্তিৰ প্ৰকৃত সীমাবদ্ধতা নহয়; প্ৰকৃত সীমাবদ্ধতা সমাজৰ ধাৰণাত নিহিত হৈ আছে । এজন ব্যক্তিৰ সম্ভাৱনা তেওঁৰ অক্ষমতাৰ দ্বাৰা জুখিব নোৱাৰি । সমাজে যদি এক সৰ্বাংগীন পৰিৱেশৰ সৃষ্টি কৰে, তেন্তে সকলোৱে নিজৰ সম্পূৰ্ণ সম্ভাৱনাক সফল কৰিব পাৰে ।
তেওঁৰ মতে সাহস, দৃঢ়তা আৰু অধ্যৱসায়ী কঠোৰ পৰিশ্ৰমে এজন ব্যক্তিক য'লৈ যাব বিচাৰে তালৈ লৈ যাব পাৰে । অধ্যৱসায়, আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাৰ জীৱন্ত উদাহৰণ হিচাপে এতিয়া তেওঁ থিয় দিছে ।
লগতে পঢ়ক :
এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা; দাৰিদ্ৰ্যপীড়িত পৰিয়ালৰ দুই ভগ্নীৰ অভিভাৱক হৈ পাতি দিলে বিয়া

