অসুস্থ শিশুৰ বাবে ইন্দোৰত বিমানৰ জৰুৰীকালীন অৱতৰণ; চিকিৎসাৰ সময়তে মৃত্যু
মঙলবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত জয়পুৰৰ পৰা ৰাওনা হোৱা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানখন নিশা ৮.১০ বজাত বেংগালুৰুত অৱতৰণ কৰাৰ কথা আছিল ।

Published : January 7, 2026 at 9:48 PM IST
ইন্দোৰ: জয়পুৰ-বেংগালুৰুৰ এখন বিমানৰ ইন্দোৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ । বিমানখনত থকা এটি এবছৰীয়া শিশু মাজ আকাশতে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত বিমানখন জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয় ।
বিমানখন অৱতৰণৰ পিছতে জৰুৰীকালীন চিকিৎসা প্ৰদান কৰি এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ সময়তে শিশুটিৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জনায় ।
মঙলবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত জয়পুৰৰ পৰা ৰাওনা হোৱা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানখন নিশা ৮.১০ বজাত বেংগালুৰুত অৱতৰণ কৰাৰ কথা আছিল । কিন্তু বিমানখনে টেক-অফ কৰাৰ কিছু সময়ৰ পিছতে এবছৰীয়া ল’ৰা এটিৰ স্বাস্থ্যৰ অৱনতি ঘটে । লগে লগে পৰিয়ালৰ লোকে বিষয়টো কেবিন ক্ৰুৰ দৃষ্টিগোচৰ কৰে ।
ইন্দোৰ বিমানবন্দৰৰ সঞ্চালক সুনীল মেগীৰৱাৰে কয় যে পাইলটে সন্ধিয়া প্ৰায় ৭.৩০ বজাত ইন্দোৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ পৰা জৰুৰী চিকিৎসা অৱতৰণৰ অনুমতি বিচাৰিছিল । "এ টি চিয়ে লগে লগে মেডিকেল ইমাৰ্জেন্সী ঘোষণা কৰি বিমানখন অৱতৰণৰ বাবে ব্যৱস্থা কৰে । আগতীয়াকৈ বিমানবন্দৰত চিকিৎসকৰ এটা দল মোতায়েন কৰা হয়" - তেওঁ কয় ।
মহম্মদ আব্ৰাৰ (১) নামৰ শিশুটিয়ে শ্বাস-প্ৰশ্বাসত তীব্ৰ অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে । অৱশ্যে বিমানখন অৱতৰণ কৰাৰ লগে লগে চিকিৎসকে বিমানবন্দৰতে শিশুটিক চি পি আৰ প্ৰদান কৰে যদিও তেওঁৰ অৱস্থাৰ উন্নতি নহ’ল । ইয়াৰ পিছতে তেওঁক ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু চিকিৎসাৰ সময়তে তাত শিশুটিৰ মৃত্যু হয় ।
চিকিৎসকে জনোৱা মতে, শিশুটি বিমানত উঠাৰ আগতেই হয়তো ইতিমধ্যে অসুস্থ হৈ আছিল । ধাৰাবাহিকভাৱে কৰা প্ৰচেষ্টাৰ অন্ততো তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল । মৃত্যুৰ সঠিক কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
উল্লেখ্য যে পিতৃ-মাতৃৰ সৈতে জয়পুৰৰ পৰা বেংগালুৰুস্থিত তেওঁলোকৰ ঘৰলৈ গৈ আছিল শিশুটি । ঘটনাৰ সময়ত বিমানখনত ১৬০ জনৰো অধিক যাত্ৰী আছিল ।

