ETV Bharat / bharat

আতচবাজী কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, সাতজন শ্ৰমিকৰ মৃত্যু

অগ্নিকাণ্ডৰ ঘটনাত আতংকৰ সৃষ্টি ৷ দোষীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰক্ষী আয়ুক্তৰ ৷

JAIPUR FIRE ACCIDENT
আতচবাজী কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 9, 2026 at 8:43 PM IST

4 Min Read
Choose ETV Bharat

জয়পুৰ(ৰাজস্থান): আৱাসিক এলেকাত থকা আতচবাজীৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড ৷ কাৰখানাটোৰ গুদামত সংঘটিত অগ্নিকাণ্ডই স্বাভাৱিকতে ব্যাপক আতংকৰ সৃষ্টি কৰিছে ৷ এই খবৰ লাভৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী ৷ তেওঁলোকে ততাতৈয়াকৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও ইতিমধ্যে ৭ জনকৈ শ্ৰমিকৰ মৃত্যু ঘটে ৷

অগ্নিকাণ্ডটো পুৱা প্ৰায় ১১.৩০ বজাত সংঘটিত হয় ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই কাৰখানাটোৰ বিস্তৰ ক্ষতিসাধন হয় ৷ পিংক চিটীখ্যাত জয়পুৰৰ খো-নাগোৰিয়ান থানাৰ অন্তৰ্গত এটা আৱাসিক এলেকাত মঙলবাৰে এই অগ্নিকাণ্ড সংঘটিত হৈছে ৷ অগ্নিকাণ্ডটোত গুৰুতৰভাৱে আহত এজন শ্ৰমিক সম্প্ৰতি এছএমএছ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

JAIPUR FIRE ACCIDENT
চিকিৎসালয়ৰ সন্মুখত ভিৰ (ETV Bharat)

স্থানীয় নাছিৰ এছএমএছ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ দীপক মহেশ্বৰীয়ে নিশ্চিত কৰিছে যে চিকিৎসাধীন অৱস্থাত থকা শ্ৰমিককে ধৰি নিহত হোৱা লোকৰ মুঠ সংখ্যা ৭ জন ৷

মন্তব্য প্ৰকাশৰ পৰা বিৰত স্থানীয় ৰাইজ

উল্লেখ্য যে, এলেকাটোত অৱস্থিত এই আতজবাজী কাৰখানাটো অবৈধ আছিল ৷ কাৰখানাটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে এইক্ষেত্ৰত স্থানীয় লোকসকলৰ সহায়-সহযোগিতা তথা প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ বিচাৰিছে যদিও তেওঁলোকে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে ৷

তথাপিও তাৰ মাজতে দুই-একে জানিবলৈ দিয়া মতে এই অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে মুহূৰ্তৰ ভিতৰতে কাৰখানাটো ছাই হৈ পৰে ৷ কাৰখানাটোত কাম কৰি থকা শ্ৰমিকসকলে প্ৰাণৰ মমতাত তেনেকৈয়ে দৌৰি বাহিৰলৈ আহে যদিও তেওঁলোকৰ দেহৰ অধিকাংশ জ্বলি যোৱাত পথৰ মাজতে বাগৰি পৰি ছটফটাবলৈ লয় ৷

JAIPUR FIRE ACCIDENT
ঘটনাস্থলীত উদ্ধাৰকাৰী দল (ETV Bharat)

এই অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত বৃহৎ জনসমাগম হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ লোকসকলক নিৰাপদ দূৰত্বলৈ স্থানান্তৰ কৰে ৷ অৱশ্যে এই জুই ইমানেই ভয়ংকৰ আছিল যে আৰক্ষীয়ে কিছু দূৰৈতহে অৱস্থান কৰিবলগীয়া হয় ৷

আৰক্ষীৰ তদন্ত আৰম্ভ

আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়াসকল ক্ৰমে - জয়পুৰৰ জিলা আয়ুক্ত সন্দেশ নায়ক, জয়পুৰ আৰক্ষী আয়ুক্ত শচীন মিট্টল, অতিৰিক্ত আৰক্ষী আয়ুক্ত ডাঃ ৰাজীৱ পাচাৰ আৰু উপ-আৰক্ষী আয়ুক্ত(পূব) ৰঞ্জিতা শৰ্মাকে ধৰি প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰে ।

বিধায়কৰ অভিযোগ

বিধায়ক আমিন কাগজীও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । তেওঁ কাৰখানাটো অবৈধভাৱে চলি থকাৰ লগতে তাত অগ্নিনিৰ্বাপক ব্যৱস্থাৰ অভাৱৰ অভিযোগ উত্থাপন কৰে । তদুপৰি কাৰখানাটোৰ সৈতে কোনো তৃতীয়পক্ষও জড়িত থকা বুলি বিধায়কগৰাকীয়ে অভিযোগ তোলে ৷

JAIPUR FIRE ACCIDENT
কাৰখানাটো অবৈধ আছিল বুলি অভিযোগ উঠিছে (ETV Bharat)

কাৰ গাফিলতিৰ বাবে এনেধৰণৰ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ’ল তাৰো উত্তৰ বিচাৰি বিধায়কগৰাকীয়ে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ৷ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্ৰক অমিত শৰ্মাই মঙলবাৰে আতচবাজী কাৰখানাত সংঘটিত অগ্নিকাণ্ডৰ সন্দৰ্ভত তথ্য লাভ কৰা বুলি জানিবলৈ দিয়ে ।

জ্বলনশীল সামগ্ৰীৰ ফলত জুইৰ আশংকা

এই অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও পোহৰলৈ অহা নাই । কাৰখানাটোৰ গুদামত মজুত থকা কোনো বিস্ফোৰক সামগ্ৰী জুইৰ সংস্পৰ্শলৈ অহাৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ অনুমান কৰা হৈছে ৷

মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ

জয়পুৰৰ আতচবাজী কাৰখানাত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু বিৰোধী দলপতি টীকাৰাম জুলিয়ে শোকপ্ৰকাশ কৰিছে ৷ সামাজিক মাধ্যম এক্সত শোকপ্ৰকাশ কৰে মুখ্যমন্ত্ৰী গেহলটে ৷ মুখ্য়মন্ত্ৰীগৰাকীৰ পোষ্টটো আছিল এনেধৰণৰ, ‘‘জয়পুৰৰ খো-নাগোৰিয়ান অঞ্চলৰ এটা আতচবাজী কাৰখানাত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডত নিহতসকলৰ কথা জানিবলৈ পাই অত্যন্ত দুখ অনুভৱ কৰিছো । এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ । ভগৱানে তেওঁলোকক শক্তি প্ৰদান কৰক আৰু মৃতকৰ আত্মাক শান্তি প্ৰদান কৰক । আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ ।’’

আনহাতে, বিৰোধী দলপতি টীকাৰম জুলিয়ে এক্সত এনেদৰে লিখিছে, ‘‘জয়পুৰৰ খো-নাগোৰিয়ানত এটা ঘৰত চলি থকা ফটকা কাৰখানাত হোৱা ব্যাপক অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ ফলত চাৰিজন লোকৰ মৃত্যু আৰু কেইবাজনো লোক আহত হোৱাৰ খবৰটো গভীৰভাৱে মৰ্মান্তিক আৰু দুখজনক । মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।’’

লগতে পঢ়ক: সলনি হ’ল কাৰ্যালয়ৰ সময়সূচী: মাহৰ প্ৰতিটো শনিবাৰে চৰকাৰী বন্ধ