ETV Bharat / bharat

জগন্নাথ ৰথ যাত্ৰা: এআই কেমেৰা, ড্ৰোনেৰে নিয়ন্ত্ৰণ কৰিব ভিৰ

পুৰীত লাখ লাখ ভক্তক নিয়ন্ত্ৰণৰ বাবে ওড়িশা চৰকাৰৰ ব্য়াপক প্ৰস্তুতি । ৭ গৰাকী জ্য়েষ্ঠ আইপিএছ বিষয়াক দায়িত্ব অৰ্পণ ।

Lord Jagannath's Rath Yatra in Puri
জগন্নাথ ৰথ যাত্ৰা: এআই কেমেৰা, ড্ৰোনেৰে নিয়ন্ত্ৰণ কৰিব ভিৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 16, 2026 at 7:10 PM IST

5 Min Read
Choose ETV Bharat

পুৰী (ওড়িশা): ওড়িশাৰ তীৰ্থনগৰী পুৰীত জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ বাবে চলিছে ব্য়াপক প্ৰস্তুতি । অহা ১৬ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া এই যাত্ৰা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে এতিয়াৰে পৰাই আৰম্ভ হৈছে প্ৰস্তুতি পৰ্ব । ২০২৪ চনত এই পবিত্ৰ যাত্ৰাৰ সময়ত সংঘটিত দুৰ্ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে সতৰ্কতা অৱলম্বনেৰেই চহৰখনত প্ৰস্তুতি চলোৱা হৈছে ।

এইবাৰ মহাপ্ৰভু জগন্নাথৰ পবিত্ৰ ৰথ যাত্ৰা (চৰিঅ'ত উৎসৱ)ত পুৰীত লাখ লাখ ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে । সেয়েহে ওড়িশা চৰকাৰে বিগত দুবছৰত সংঘটিত বিশৃংখলতা আৰু কৰুণ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে ।

বিষয়াসকলৰ মতে, চৰকাৰে এইবাৰৰ উৎসৱৰ বাবে এক বিস্তৃত নিৰাপত্তা আৰু ভিৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থাপনাৰ পৰিকল্পনা ৰূপায়ণ কৰিছে । সেয়েহে ৭ গৰাকী জ্যেষ্ঠ আইপিএছ বিষয়াক মূল দায়িত্ব অৰ্পণ কৰা হৈছে । লাখ লাখ ভক্তই যাতে সুচাৰুৰূপে চলাচল আৰু সুৰক্ষিত হৈ থাকে তাৰবাবে চৰকাৰে ব্য়ৱস্থা গ্ৰহণ কৰিছে । চৰকাৰে সমগ্ৰ পুৰী চহৰত এ আই চালিত কেমেৰা, ড্ৰ’ন, একমুখী যান-বাহন ব্যৱস্থা আৰু ৬৫টা এলইডি তথ্য প্ৰদৰ্শিত পৰ্দা স্থাপনৰ ব্য়ৱস্থা কৰিছে ।

উল্লেখ্য় যে ২০২৪ চনত পবিত্ৰ ৰথযাত্ৰাত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাক টানি অনাৰ সময়ত পৃথক পৃথক দুৰ্ঘটনাত দুজন ভক্তৰ মৃত্যু হৈছিল । তদুপৰি কেইবাগৰাকী ভক্ত আহত হৈছিল । আন এক ঘটনাত শ্ৰীজগন্নাথ মন্দিৰৰ কমেও ৯ জন সেৱক পাহান্দী অনুষ্ঠানৰ সময়ত ভুলবশতঃ ভগৱান বলভদ্ৰৰ মূৰ্তি তেওঁলোকৰ ওপৰত পৰি আঘাতপ্ৰাপ্ত হৈছিল । ইয়াৰ পিছৰ বছৰত ভগৱান বলভদ্ৰৰ ৰথ টানি নিয়াত সময়ত বড়া দাণ্ডাত হোৱা হুলস্থুলত দুগৰাকী মহিলাসহ কমেও তিনিগৰাকী ভক্তৰ মৃত্যু হোৱাৰ লগতে ১০গৰাকী আহত হৈছিল ।

সেইবাবে চৰকাৰে এতিয়াৰে পৰাই সতৰ্কতা অৱলম্বন কৰিছে । ভিৰ পৰিচালনাৰ ব্যৱস্থাক লৈ সমালোচনা হোৱাৰ মাজতে চৰকাৰে পবিত্ৰ চহৰখনৰ সকলো কাম-কাজ চোৱাচিতা কৰিবলৈ এই ৭ গৰাকী জ্য়েষ্ঠ আইপিএছ বিষয়াক নিযুক্তি দিছে । এই সময়ত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় সেইবোৰ দিশতো এই বিষয়াকেইগৰাকীয়ে দৃষ্টি ৰাখিব ।

ইতিমধ্যে এই বিষয়াসকলে সঘনাই পুৰী ভ্ৰমণ কৰি স্থলভাগত প্ৰস্তুতি পুনৰীক্ষণ কৰি আহিছে । এই বছৰ ভিৰ ব্যৱস্থাপনাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে । সমগ্ৰ চহৰখনক এআই ভিত্তিক চিচিটিভিৰ নিৰীক্ষণলৈ অনা হ’ব । উত্তৰা ছাকৰ পৰা পুৰী চহৰলৈ বড়া দণ্ডা আৰু ইয়াৰ কাষৰীয়া লেনকে ধৰি কেমেৰা স্থাপন কৰা হ’ব । ড্ৰ’ন ব্যৱহাৰ কৰিও ভিৰৰ গতিবিধি নিৰীক্ষণ কৰা হ’ব আৰু বাস্তৱ সময়ত যানজঁটৰ স্থান চিনাক্ত কৰা হ’ব বুলি বিষয়াসকলে সদৰী কৰিছে ।

এই এআই ব্যৱস্থাই কৰ্তৃপক্ষক অতিমাত্ৰা ভিৰ ধৰা পেলোৱাত সহায় কৰিব আৰু তাৎক্ষণিক সংশোধনী ব্যৱস্থা গ্ৰহণ কৰিব । উল্লেখ্য় যে বিগত বৰ্ষত ২৫০টাতকৈও অধিক এআই কেমেৰা স্থাপন কৰা হৈছিল । এইবাৰ এই কেমেৰাৰ সংখ্যা বৃদ্ধি কৰা হৈছে বুলিও বিষয়াসকলে লগতে কয়।

কৰ্তৃপক্ষই যান-বাহন আৰু ভিৰ নিয়ন্ত্ৰণৰ বিশেষ পৰিকল্পনাও প্ৰস্তুত কৰিছে । ভক্তৰ মসৃণ গতিবিধি নিশ্চিত কৰিবলৈ কেইবাটাও পথ একমুখী পথলৈ ৰূপান্তৰিত কৰা হৈছে । তদুপৰি বাছ ষ্টেণ্ড, ৰে'লৱে ষ্টেচন আৰু অন্যান্য ডাঙৰ প্ৰৱেশদ্বাৰক বড়া দাণ্ডা আৰু শ্ৰীগুন্দিচা মন্দিৰৰ সৈতে সংযোগ কৰা কেইবাটাও পথ নিয়ন্ত্ৰিত হ’ব ।

ভক্তৰ সৈতে যোগাযোগৰ উন্নতিৰ বাবে সমগ্ৰ পুৰীত স্থাপন কৰা হ’ব ৬৫খন এলইডি স্ক্ৰীণ। এই পৰ্দাসমূহে ভিৰৰ অৱস্থা, দৰ্শনৰ ব্যৱস্থা, যান-বাহনৰ পৰামৰ্শ আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্যৰ ওপৰত বাস্তৱ সময়ৰ আপডেট প্ৰদান কৰিব । বিষয়াসকলৰ মতে সময়মতে তথ্য প্ৰচাৰে আতংক ৰোধ কৰাত সহায় কৰিব আৰু স্পৰ্শকাতৰ স্থানত ভিৰৰ চাপ হ্ৰাস কৰিব ।

উল্লেখ্য় যে এই বিষয়াসকলৰ ভিতৰত এডিজি সৌমেন্দ্ৰ প্ৰিয়াদৰ্শীয়ে সামগ্ৰিকভাৱে ৰথ যাত্ৰা পৰিচালনাৰ তদাৰক কৰিব । আনহাতে, অগ্নিনিৰ্বাপক বাহিনীৰ ডিজি সুধাংশু সাৰংগী আৰু জ্যেষ্ঠ বিষয়া অনুপ কুমাৰ ছাহুক বিশেষ দায়িত্ব দিয়া হৈছে । ইপিনে, পিনক মিশ্ৰই পাহাণ্ডী আৰু আভ্যন্তৰীণ মন্দিৰ পৰিচালনাৰ তদাৰক কৰিব । সিংহদ্বাৰত ব্যৱস্থা চোৱাচিতা কৰিব সৰ্থক সাৰংগীয়ে আৰু এডিজি সঞ্জীৱ পাণ্ডা আৰু চেণ্ট্ৰেল ৰেঞ্জৰ আইজি সত্যজিৎ নায়কে ভিৰ আৰু যান-বাহন ব্যৱস্থাপনাৰ দায়িত্ব ল’ব। জ্যেষ্ঠ বিষয়া চৰণ সিং মীনা, অমিতাভ ঠাকুৰ আৰু কনোৱাৰ বিশাল সিঙকো গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰা হৈছে ।

প্ৰস্তুতিৰ সন্দৰ্ভত আৰক্ষীৰ আই জি (চেণ্ট্ৰেল ৰেঞ্জ) সত্যজিৎ নায়কে কয়, "আৰক্ষী, জিলা প্ৰশাসন, মন্দিৰ প্ৰশাসন আৰু সেৱকক জড়িত কৰি একাধিক সমন্বয় সভা অনুষ্ঠিত কৰা হৈছে । আমি বিশেষকৈ গুণ্ডিচা মন্দিৰৰ আশে-পাশে থকা অঞ্চলৰ বাবে এক বিশদ ভিৰ পৰিচালনাৰ পৰিকল্পনা প্ৰস্তুত কৰিছো । নিৰীক্ষণৰ বাবে এআই কেমেৰা আৰু ড্ৰোন ব্যৱহাৰ কৰা হ'ব । খোৱাপানী আৰু অন্যান্য মৌলিক সামগ্ৰীৰ ব্যৱস্থা ।"

নায়কে লগতে কয় যে ৰথযাত্ৰা, সুনাবেছা আদি অনুষ্ঠানৰ সময়ত শৃংখলাবদ্ধ দৰ্শনৰ ব্যৱস্থাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে । তদুপৰি সাগৰীয় পথত নিৰাপত্তা ব্যৱস্থাও শক্তিশালী কৰা হৈছে, উৎসৱৰ সময়ত নাও টহল দিয়াৰ পৰিকল্পনা কৰা হৈছে ।

লগতে পঢ়ক:বিশ্বৰ সৰ্বশ্ৰেষ্ঠ তথা সুন্দৰ বিমানবন্দৰৰ তালিকাত অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ