ETV Bharat / bharat

‘সংৰক্ষণ বিৰোধী আন্দোলন’ৰ প্ৰতিনিধিৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী নাড্ডাৰ বৈঠক

পৰৱৰ্তী সময়ত আম আদমি পাৰ্টী আৰু ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিনিধিসকলৰ সৈতে চৰকাৰৰ বৈঠক কেতিয়া হ’ব, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

Union minister J P Nadda
জে পি নাড্ডাৰ ফাইল ফটো (IANS)
author img

By PTI

Published : August 28, 2026 at 10:42 AM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: ছাত্ৰ সমাজৰ প্ৰতিবাদৰ পিছত এইবাৰ সংৰক্ষণ ব্যৱস্থাৰ বাতিলকৰণৰ বাবে আন এক আন্দোলনে গা কৰি উঠিছে ৷ বৃহস্পতিবাৰে ‘সংৰক্ষণ বিৰোধী আন্দোলন’ৰ নেতৃত্ব দিয়া গোটটোৰ প্ৰতিনিধিসকলক চৰকাৰে এক বৈঠকৰ বাবে আমন্ত্ৰণ জনায় ৷ চৰকাৰৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাই এই বৈঠকত উপস্থিত থাকি আন্দোলনটোৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে ৷

ইনষ্টাগ্ৰাম ভিত্তিক ‘ৰিজাৰ্ভেছন হটাও আন্দোলন’(স্ক্ৰেপ ৰিজাৰ্ভেচন) নামৰ এটা পেজে জনোৱা আহ্বানমৰ্মে ২১ আগষ্টত নতুন দিল্লীত কেইবাজনো লোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ তাৰ ঠিক এসপ্তাহৰ পিছতে চৰকাৰে প্ৰতিবাদৰ সৈতে জড়িত প্ৰতিনিধিসকলক বৈঠকলৈ আহ্বান জনায় ।

এই বৈঠক সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী নাড্ডাই এক্সৰ এটা পোষ্টত কয়, ‘‘পূৰ্ব নিৰ্ধাৰিত পৰিকল্পনা অনুসৰি ২১ আগষ্টত যন্তৰ-মন্তৰত হোৱা প্ৰতিবাদৰ পিছত প্ৰতিবাদকাৰীসকলৰ মাজৰে হৰ্ষ ডুবে, ৰণ বাহাদুৰ সিং চৌহান আৰু মৃত্যুঞ্জয় পাঠকৰ সৈতে এক আলোচনাত মিলিত হওঁ ৷ আমি এই বিষয় সন্দৰ্ভত অতি শীঘ্ৰে পুনৰবাৰ সাক্ষাতত মিলিত হ’ম ।’’

অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী বৈঠকৰ স্থান, সময় বা বিষয় সন্দৰ্ভত কোনো কথা মুকলিকৈ প্ৰকাশ কৰা নাই ৷ বিগত ২১ আগষ্টত যন্তৰ-মন্তৰত হোৱা প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে সংৰক্ষণ(কোটা) ব্যৱস্থাৰ বিলুপ্তিকৰণৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল ৷ তেওঁলোকৰ মতে চৰকাৰী সাহায্য আৰু সংৰক্ষণৰ বাবে যোগ্যতা নিৰ্ণয়ৰ বাবে জাতিতকৈ অৰ্থনৈতিক অৱস্থাই মূল মাপকাঠী হোৱা উচিত ।

উল্লেখ্য যে, উক্ত দিনা যন্তৰ-মন্তৰত উপস্থিত হোৱা কেইবাজনো প্ৰতিবাদকাৰীক দিল্লী আৰক্ষীয়ে আটক কৰি ৰাখিছিল । উক্ত স্থানত কোনো ধৰণৰ প্ৰতিবাদ, শোভাযাত্ৰা বা সমূহীয়াকৈ গোট খোৱাৰ ক্ষেত্ৰত আৰক্ষীয়ে কোনো অনুমতি নিদিয়া বুলি জানিবলৈ দিয়ে । যাৰ বাবে প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰে ৷ পূৰ্বৰ ক’কৰোচ্ছ জনতা পাৰ্টীৰ অধীনত ছাত্ৰ সমাজে কৰা প্ৰতিবাদৰ পিছত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰে গঠিত এটা বৃহৎ নিৰাপত্তা বাহিনী যন্তৰ-মন্তৰত মোতায়েন কৰা হৈছিল ৷

পৰৱৰ্তী সময়ত আম আদমি পাৰ্টী আৰু ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিনিধিসকলৰ সৈতে চৰকাৰৰ বৈঠক কেতিয়া হ’ব, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ উল্লেখ্য যে, যোৱা মাহত ক’কৰোচ্ছ জনতা পাৰ্টীৰ নেতৃত্বত ‘জেন জি’য়ে ৰাজধানী চহৰৰ যন্তৰ-মন্তৰত নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ তাৰ পিছতে দুয়োটা দলেই জাতিভিত্তিক সংৰক্ষণৰ পুনৰীক্ষণৰ দাবীৰে চৰকাৰৰ স্পষ্ট স্থিতিৰ দাবী জনায় ৷

ক’কৰোচ্ছ জনতা পাৰ্টী চমুকৈ চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই মন্ত্ৰী নাড্ডাক সংৰক্ষণ বিৰোধী আন্দোলন সন্দৰ্ভত মোদী চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছিল ৷ তেওঁ লগতে ২১ আগষ্টৰ প্ৰতিবাদ সন্দৰ্ভতো প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছিল । সেই সন্দৰ্ভত দীপকেই সামাজিক মাধ্যমতো এক পোষ্ট কৰে ৷ এক্সৰ এটা পোষ্টত তেওঁ এনেদৰে লিখে, ‘‘২১ আগষ্টৰ সেই আন্দোলনৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কি ক’ব বিচাৰিব ? যিটোৰ কথা এইপৰ্যন্ত নাড্ডা ডাঙৰীয়াই উল্লেখ কৰা নাই ৷ দেশখনে সমগ্ৰ বিষয়টো জানিব বিচাৰে ।’’

আনহাতে, আপৰ দিল্লী শাখাৰ মুৰব্বী সৌৰভ ভৰদ্বাজেও সংৰক্ষণৰ পুনৰ বিবেচনাৰ দাবীৰ কথা উল্লেখ কৰি চৰকাৰৰ স্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নাড্ডাক স্থিতি স্পষ্ট কৰিবলৈ অনুৰোধ জনাইছিল ৷ ভৰদ্বাজে কয়, ‘‘সংৰক্ষণৰ পুনৰ বিবেচনাৰ বিষয়টো বিজেপিৰ সৱৰ্ণ মৰ্চাৰ আন্দোলনৰ মূল দাবী আছিল ৷ এই বিষয়ত স্থিতি স্পষ্ট কৰক ৷’’

তদানীন্তন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছত যোৱা জুলাই মাহত প্ৰতিবাদ সামৰা চিজেপিৰ প্ৰতিনিধিসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীদ্বয় ক্ৰমে জেপি নাড্ডা আৰু জিতেন্দ্ৰ সিঙে বৈঠকত মিলিত হৈছিল ।

লগতে পঢ়ক: অসম-উত্তৰ পূৰ্বাঞ্চলে চুবুৰীয়া দেশৰ ইছলামিক সন্ত্ৰাসবাদৰ ভাবুকিৰ সন্মুখীন হৈছে : হিমন্ত বিশ্ব শৰ্মা