ETV Bharat / bharat

ইথানল মিশ্ৰিত পেট্ৰ'লে সঁচাকৈয়ে গাড়ীৰ ক্ষতি কৰে নেকি ? টয়োটা কিৰ্লোস্কাৰৰ শীৰ্ষ বিষয়াই দিছে ব্যাখ্যা

বৰ্তমান দেশত ইথানল মিশ্ৰিত ইন্ধন ব্যৱহাৰৰ দ্বাৰা বাহনৰ ক্ষতি সন্দৰ্ভত বিভিন্ন চৰ্চা চলি আছে । তেনে পৰিপ্ৰেক্ষিতত টয়োটা কিৰ্লোস্কৰাৰ মুৰব্বী বিক্ৰম গুলাটিৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

E20 FUEL
৫ জুনত নতুন দিল্লীৰ পুছা ৰোডৰ ইণ্ডিয়ান অইলত বিশ্ব পৰিৱেশ দিৱসত ই-৮৫ ইন্ধন মুকলি কৰাৰ সময়ত গাড়ীত ইন্ধন ভৰাই থকাৰ সময়ত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী (ANI)
author img

By ETV Bharat Assamese Team

Published : July 4, 2026 at 2:05 PM IST

7 Min Read
Choose ETV Bharat

নতুন দিল্লী: বৰ্তমান সমগ্ৰ ভাৰততে ইথানলৰ ওপৰত তীব্ৰ বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে । ইথানল মিশ্ৰিত ইন্ধন বাহনত ব্যৱহাৰ কৰাৰ ফলত বাহনসমূহৰ ইঞ্জিনৰ সমস্যা আৰু মাইলেজৰ সমস্যাই দেখা দিয়া বুলি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অভিযোগ উত্থাপন হৈছে । তেনে পৰিস্থিতিত টয়োটা কিৰ্লোস্কাৰ মটৰৰ শীৰ্ষ কাৰ্যবাহী বিষয়া বিক্ৰম গুলাটিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । তেওঁ কয় যে ই-২০ (ইথানল-২০) মিশ্ৰিত ইন্ধনৰ পৰা বাহনৰ ক্ষতি হোৱাটো কেৱল এক উৰাবাতৰি । ২০২৩ চনৰ পিছত দেশত বিক্ৰী হোৱা প্ৰতিখন বাহন ই-২০ ইন্ধন সক্ষম আৰু আনকি ২০২৩ চনৰ পূৰ্বৰ বাহনসমূহেও এই ইন্ধনৰ দ্বাৰা “কোনো সমস্যা নোহোৱাকৈ” চলিব পাৰে ।

টয়োটা কিৰ্লোস্কাৰ মটৰৰ দেশৰ মুৰব্বী তথা কাৰ্যবাহী উপ-সভাপতি (কৰ্প'ৰেট পৰিক্ৰমা আৰু প্ৰশাসন) বিক্ৰম গুলাটিয়ে এক সাক্ষাৎকাৰত কয় যে ইথানল মিশ্ৰিত ইন্ধনক লৈ মাইলেজৰ ক্ষতিৰ পৰা আৰম্ভ কৰি বাহনৰ ক্ষতি আৰু সামঞ্জস্যতাৰ সমস্যালৈকে যিবোৰ কথা ওলাই আছে সেয়া কেৱল এক ভুল ব্যাখ্যা ।

গুলাটিয়ে কয় যে যদিও এইটো সত্য যে ইথানল মিহলি কৰা ইন্ধনৰ পৰা “ইন্ধন কাৰ্যক্ষমতাত কিছু পৰিৱৰ্তন” হয়, কিন্তু এই পৰিৱৰ্তন “ইমান ডাঙৰ নহয়, যিমানখিনি কৈ থকা হৈছে” ।

গুলাটিয়ে কয়, "ই-৮৫ (E85) আৰু ই-১০০ (E100) অৰ্থাৎ 85% আৰু 100% ইথানল সাধাৰণ গাড়ীৰ বাবে নহয় । ই হৈ হৈছে এক পৃথক প্ৰযুক্তিৰ বাবে আৰু ইয়াক ফ্লেক্স-ফিউৱেল বাহন বুলি কোৱা হয় । এই বাহনবোৰ ইথানলৰ যিকোনো মিশ্ৰণৰ দ্বাৰা চলিব পাৰে । সেয়ে মানুহে চিন্তা কৰাৰ প্ৰয়োজন নাই । ই-২০ হৈছে এক ষ্টেণ্ডাৰ্ড ইন্ধন যিটো উপলব্ধ হ'ব আৰু ই পুৰণি আৰু নতুন দুয়ো প্ৰকাৰৰ বাহনৰ সৈতে সামঞ্জস্যপূৰ্ণ । ১ এপ্ৰিল ২০২৩ চনৰ পিছৰ সকলো বাহন ই-২০ ব্যৱহাৰৰ বাবে সম্পূৰ্ণৰূপে সাজু ।”

তেওঁ কয় যে গ্ৰাহকসকলক এই কথাত আশ্বস্ত কৰাটো প্ৰয়োজন যে ২০২১ চনত ভাৰতে যেতিয়া ই-২০ গ্ৰহণ কৰিছিল, তাৰ পূৰ্বে অটোমোটিভ ৰিছাৰ্চ এছ’চিয়েচন অব ইণ্ডিয়াই (Automotive Research Association of India, ARAI) এক বিশদ বৈজ্ঞানিক অধ্যয়ন কৰিছিল । এই অধ্যয়নে এইটো স্পষ্টভাৱে প্ৰতিষ্ঠা কৰিছিল যে পুৰণি গাড়ী আৰু দুচকীয়া বাহনৰ ইয়াৰ পৰা কোনো ক্ষতি নহয় ।

এএনআইৰ আগত তেওঁ কয়, "এই ক্ষতি তেনেই নগণ্য । লগতে ইয়াৰ দ্বাৰা এইটোও প্ৰমাণিত হৈছে যে ইয়াৰ দ্বাৰা ইন্ধনৰ কাৰ্যক্ষমতাত ২ৰ পৰা ৪ শতাংশলৈকে কম আহে ।"

ইথানল সন্দৰ্ভত চৰকাৰৰ শেহতীয়া পৰিসংখ্যাৰ উদ্ধৃতি দি গুলাটিয়ে কয় যে এই কাৰ্যসূচীৰ জৰিয়তে এতিয়ালৈকে ১.৯ ট্ৰিলিয়ন টকা ৰাহি কৰাত সহায় কৰিছে ।

তেওঁ কয়, "ইয়াৰ ভিতৰত ১,৬০,০০০ কোটি টকা কৃষকৰ হাতলৈ গৈছে । গতিকে ভাৰতৰ ক্ষেত্ৰত ই আমাক কেৱল এটা পৰ্যায়লৈকে শক্তিৰ সংকট দূৰ কৰাত সহায় কৰাই নহয়, কিন্তু কৃষকসকলক সহায় কৰাতো সহায় কৰিছে... কেৱল ভাৰতেই নহয়, আন বহু দেশেও এই কাম এই কাৰণেই কৰি আছে যাতে ইয়াৰ দ্বাৰা শক্তি সুৰক্ষা হয়, কৃষি ভিত্তিক অৰ্থনীতিয়ে অগ্ৰগতি লাভ কৰে, লগতে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাতো সহায় কৰে ।"

তেওঁ আশ্বাস দিয়ে যে ২০২৩ চনৰ পূৰ্বৰ বাহনসমূহো ই-২০ ইন্ধনৰ দ্বাৰা “কোনো সমস্যা নোহোৱাকৈ” চলিব পাৰে ।

তেওঁ কয়, "যেনেদৰে মই উল্লেখ কৰিছোঁ, অধ্যয়নত দেখা গৈছে যে মাইলেজ সামান্য হ্ৰাস পায় আৰু ই হৈছে প্ৰায় ৪-৫% । এনেকুৱাই হয় । ইয়াৰ কাৰণটো হ'ল যে ইথানলত শক্তিৰ পৰিমাণ কম; সেয়েহে ই-২০ ব্যৱহাৰ কৰিলে মাইলেজ প্ৰায় ৪ৰ পৰা ৫% হ্ৰাস পায় । প্ৰকৃততে গাড়ীৰ ত্বৰণ (acceleration) ভাল হোৱাৰ বাবে পাৰফৰমেন্স উন্নত হয় । ইথানলৰ অক্টেন সংখ্যা যথেষ্ট বেছি । আনকি আপুনি এইটো জানিও আচৰিত হ'ব যে ফৰ্মূলা-১ ৰেচিঙত বিশুদ্ধ ইথানল ব্যৱহাৰ কৰা হয় । গতিকে, আপুনি এইটো ক’ব নোৱাৰে যে বাস্তৱত পাৰফৰমেন্স বেয়া হয়; আচলতে ত্বৰণ, টৰ্ক (torque) আদিৰ ক্ষেত্ৰত প্ৰদৰ্শন উন্নত হয় ।”

টিকেএমৰ শীৰ্ষ বিষয়াগৰাকীয়ে কয় যে ইথানল মিশ্ৰিত ইন্ধনৰ কাৰ্যসূচী বহু পূৰ্বৰ কথা, “হয়তো ২২ বছৰতকৈও অধিক পুৰণি” ।

তেওঁ কয় যে ইয়াৰ কাৰণ হ’ল যিহেতু ভাৰতে সদায় শক্তিৰ অভাৱত ভুগি আহিছে ​​আৰু দেশখনে বিপুল পৰিমাণৰ খাৰুৱা তেল আমদানি কৰি আহিছে, সেয়েহে ই অৰ্থনীতি আৰু পৰিৱেশত আঘাত হানিছে । একে সময়তে দেশখনক “যিকোনো প্ৰকাৰৰ যোগান ব্যাঘাতৰ প্ৰতি সংবেদনশীল” কৰি তুলিছে ।

গুলাটিয়ে কয় যে ইথানল কাৰ্যসূচীয়ে শেহতীয়া বছৰবোৰত গতি লাভ কৰিছে আৰু কৃষকৰ সৈতে জড়িত সমস্যাকে ধৰি আন বহুতো গুৰুত্বপূৰ্ণ সামাজিক সমস্যা সমাধানত সহায় কৰিছে ।

ইথানল মিশ্ৰিত ইন্ধন কাৰ্যসূচীক দৃঢ়তাৰে সমৰ্থন কৰি গুলাটিয়ে কয় যে ই 'কাৰ্বন ৰহিত' । তেওঁ কয়, "উদ্ভিদে বৃদ্ধিৰ সময়ত কাৰ্বন-ডাই-অক্সাইড শোষণ কৰে । আৰু যেতিয়া আপুনি ইয়াক ইন্ধন হিচাপে জ্বলাই দিয়ে, তেতিয়া ইয়াৰ পৰা নিৰ্গত কাৰ্বন-ডাই-অক্সাইড আচলতে উদ্ভিদে পুনৰ শোষণ কৰে । সেয়ে ই কাৰ্বন ৰহিত । জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিব বিচাৰিলে ই সৰ্বোত্তম ইন্ধন ।"

তেওঁ কয়, "কেৱল ভাৰতেই নহয়, আন বহু দেশেও এই কাম শক্তি সুৰক্ষা, কৃষি ভিত্তিক অৰ্থনীতিৰ লগতে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে কৰি আছে ।"

আনহাতে, গুলাটিয়ে কয় যে ভুল বুজাবুজি আৰু ভুল তথ্যৰ পৰা হাত সাৰিবলৈ ইথানল মিশ্ৰিত ইন্ধন সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে । তেওঁ কয়, "মানুহৰ পৰা এইটো আশা কৰিব নোৱাৰি যে তেওঁলোক বিশেষজ্ঞ হ'ব । তেওঁলোক উদ্বিগ্ন হৈ পৰে আৰু তেওঁলোকে যি দেখে তাৰ ওপৰতে বিশ্বাস কৰে । গতিকে মই ভাবোঁ সকলো অংশীদাৰ যেনে গাড়ী নিৰ্মাতা কোম্পানী হওক বা তেল বিপণন কোম্পানী বা চৰকাৰ, সকলোৰে এইটো দায়িত্ব যে তেওঁলোকে সঠিক স্থিতি আৰু সঠিক তথ্য ৰাইজৰ মাজলৈ লৈ যাওক ।"

তেওঁ লগতে জনসাধাৰণক কেৱল বৈজ্ঞানিকভাৱে কৰা অধ্যয়নক বিশ্বাস কৰিবলৈ আহ্বান জনোৱাৰ লগতে ছ’চিয়েল মিডিয়াত বিয়পাই থকা ভুল তথ্যক গুৰুত্ব নিদিবলৈ কয় ।

তেওঁ কয়, "ভাৰতত এনে কেইটামান সংস্থা আছে যিবোৰক বাহনৰ পৰীক্ষা, প্ৰমাণ-পত্ৰ, আৰু হ’ম’ল’গেচনৰ (homologation) দায়িত্ব অৰ্পণ কৰা হৈছে । আপুনি কাৰ্বন নিৰ্গমন, গাড়ীৰ আয়ুস আৰু সুৰক্ষাৰ পৰীক্ষা অবিহনে ভাৰতত কোনো গাড়ী বিক্ৰী কৰিব নোৱাৰে ।"

গুলাটিয়ে কয় যে এখন বাহনৰ ইন্ধনৰ কাৰ্যক্ষমতা কেৱল ইন্ধনৰ প্ৰকাৰ দ্বাৰাই নিৰ্ধাৰণ নহয়, আন কেইবাটাও কাৰকৰ দ্বাৰাও নিৰ্ধাৰিত হয় ।

তেওঁ কয়, "ইয়াৰ বহুতো কাৰণ আছে । যেনে টায়াৰৰ চাপ, গাড়ীৰ গতি বৃদ্ধি আৰু হ্ৰাস কৰা, যানজঁট, আপুনি ব্যৱহাৰ কৰা এয়াৰ কণ্ডিচনাৰৰ পৰিমাণ, আপুনি গাড়ীখন ভালদৰে ৰক্ষণাবেক্ষণ কৰি আছেনে নাই আৰু আপোনাৰ এয়াৰ ফিল্টাৰবোৰ পৰিষ্কাৰ হয়নে নহয় । তেনে ক্ষেত্ৰত আপুনি এইটো কেনেকৈ ক'ব পাৰে যে মোৰ ইন্ধনৰ কাৰ্যক্ষমতা কেৱল এইটো কাৰণতেই প্ৰভাৱিত হৈছে ?"

লগতে পঢ়ক :চীনা এপৰ জৰিয়তে ই-ৰিক্সা বিকল দুষ্ট চক্ৰৰ, তথ্য প্ৰযুক্তি মন্ত্ৰণালয় কঠোৰ নিৰ্দেশনা গুগল-এপলক
লগতে পঢ়ক :Z+ কাঢ়ি নি Z ঘূৰাই দিলে লালু-ৰাবৰীক: চৰকাৰৰ বিৰুদ্ধে স্বামী-স্ত্ৰীৰ ক্ষোভ