ভাৰতলৈ অনা হ’ব জোনবাইৰ দেশৰ ভূমি ! ইছৰোৰ সঞ্চালকৰ বৃহৎ ঘোষণা
ইছৰোৱে চন্দ্ৰপৃষ্ঠৰ মাটি আৰু শিলৰ নমুনা ভাৰতলৈ অনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷

Published : May 29, 2026 at 12:30 AM IST
ভূপাল(মধ্যপ্ৰদেশ): চন্দ্ৰযান ২ আৰু ৩ৰ অপাৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকল এতিয়া চন্দ্ৰযান ৪ আৰু চন্দ্ৰযান ৫ ৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত । চন্দ্ৰযান ৫ য়ে চন্দ্ৰত পানীৰ উপস্থিতিৰ অনুসন্ধান চলাব ৷
ইফালে ইছৰোৱে চন্দ্ৰপৃষ্ঠৰ মাটি আৰু শিলৰ নমুনা ভাৰতলৈ অনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইছৰোৰ এনআৰএছচিৰ সঞ্চালক ড৹ প্ৰকাশ চৌহানে বৃহস্পতিবাৰে ভূপালত এই কথা সদৰী কৰে ৷ তেওঁ কয়, ‘‘ইছৰোৱে চন্দ্ৰযান ৪ ৰ বাবে ২০২৮ চনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ আমাৰ বিজ্ঞানীসকলে এই লক্ষ্য মনত ৰাখিয়েই কাম কৰি আছে ।’’
ভাৰতলৈ অনা হ’ব চন্দ্ৰৰ মাটি আৰু শিলৰ নমুনা
ইছৰোৰ সঞ্চালক ড৹ প্ৰকাশ চৌহানে কয়, ‘‘ইছৰোৱে চন্দ্ৰৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈ অবিৰতভাৱে কাম কৰি আছে । চন্দ্ৰযান ২-য়ে এতিয়াও ইতিবাচক ফলাফল দিছে । চন্দ্ৰযান ২ ৰ অৰ্বিটাৰে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত থকা চাৰিটা স্থায়ী ক’লা গহ্বৰৰ তলত পোত খাই থকা বৰফৰ কথা আৱিষ্কাৰ কৰিছে । ইয়াৰ দ্বাৰা চন্দ্ৰত পানীৰ উপস্থিতিৰ প্ৰবল ইংগিত পোৱা যায় । ইছৰ’ই এতিয়া এই দিশত অধিক কাম কৰিবলৈ সাজু হৈছে ।’’
তেওঁ পুনৰ কয়, ‘‘ইছৰোৱে সম্প্ৰতি চন্দ্ৰৰ দক্ষিণ মেৰুত পানী আৰু বৰফৰ লগতে অন্যান্য সম্পদৰ সন্ধান কৰিবলৈ চন্দ্ৰযান ৫ প্ৰস্তুত কৰি আছে । এই অভিযান ইছৰো আৰু জাপানৰ মহাকাশ সংস্থা জাক্সা(JAXA) ৰ দ্বাৰা পৰিচালিত হ'ব ৷ ই হ'ব লেণ্ডাৰ-ৰভাৰ অভিযান । এই অভিযানৰ বাবে ইছৰোৱে লেণ্ডাৰ নিৰ্মাণ কৰি থকাৰ বিপৰীতে জাপানী সংস্থাটোৱে ৰভাৰ নিৰ্মাণ কৰি আছে । ই চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব ।’’
চন্দ্ৰযান ৫ ৰ ৰভাৰখন চন্দ্ৰযান ২ আৰু ৩ তকৈ গধুৰ
ড৹ প্ৰকাশ চৌহানে কয় যে ২০১৯ চনৰ ২২ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা চন্দ্ৰযান অভিযানৰ কক্ষপথ বিমানখনে এতিয়াও চন্দ্ৰক প্ৰদক্ষিণ কৰি চন্দ্ৰৰ সৈতে জড়িত তথ্য প্ৰেৰণ কৰি আছে । অৰ্বিটাৰত থকা উন্নত কেমেৰা আৰু যন্ত্ৰৰ দ্বাৰা চন্দ্ৰত পানীৰ উপস্থিতিৰ সবল প্ৰমাণ পোৱা গৈছে । চন্দ্ৰযান ৩ য়েও অতি ইতিবাচক ফলাফল দিলে আৰু এতিয়া চন্দ্ৰযান ৪ ৰ বাবে প্ৰস্তুতি চলি আছে ।

ড৹ প্ৰকাশে লগতে কয়, ‘‘চন্দ্ৰযান ৪ হ’ব এক নমুনা ঘূৰাই অনা অভিযান, যি ২০২৮ চনত সম্পূৰ্ণ কৰিব লাগিব ৷ এই অভিযানৰ দ্বাৰা চন্দ্ৰত ৰবট অৱতৰণ কৰোৱা হ’ব । ৰবটিক বাহু ব্যৱহাৰ কৰি ৰবটটোৱে চন্দ্ৰৰ মাটি আৰু শিলৰ নমুনা সংগ্ৰহ কৰি ভাৰতলৈ ঘূৰাই আনিব । ইয়াৰ পিছৰ বিশ্লেষণ সহজ হৈ পৰিব ।’’
চন্দ্ৰযানৰ তিনিটাবাৰকৈ অভিযান
১৯৯৯ চনত ভাৰতীয় বিজ্ঞান একাডেমীৰ এখন বৈঠকত বৈজ্ঞানিক ভিত্তিত চন্দ্ৰত অভিযান চলোৱাৰ বিষয়ে প্ৰথমে বিবেচনা কৰা হৈছিল । ইয়াৰ পিছতে এই দিশত কাম আৰম্ভ হয় আৰু ২০০৮ চনৰ ২২ অক্টোবৰত চন্দ্ৰযান মিছন ১ আৰম্ভ হয় ৷
এই অভিযানৰ দ্বাৰা চন্দ্ৰত ৰাসায়নিক আৰু খনিজ সম্পদৰ সন্ধানৰ প্ৰয়াস কৰা হয় । এই অৰ্বিটাৰখনে চন্দ্ৰক ৩৪০০ বাৰতকৈও অধিক প্ৰদক্ষিণ কৰি চন্দ্ৰত পানীৰ অণুৰ উপস্থিতিৰ প্ৰমাণ সফলতাৰে আৱিষ্কাৰ কৰে ।
চন্দ্ৰযান ২
২০১৯ চনৰ ২২ জুলাইত চন্দ্ৰযান ২ উৎক্ষেপণ কৰা হৈছিল । এই অভিযানৰ সময়ত লেণ্ডাৰ বিক্ৰমে শেষ মুহূৰ্তত চন্দ্ৰপৃষ্ঠত কঠিনতাৰে অৱতৰণ কৰিছিল, যাৰ ফলত লেণ্ডাৰৰ সৈতে সংস্পৰ্শ হেৰুৱাইছিল । অৱশ্যে চন্দ্ৰ কক্ষপথত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অৰ্বিটাৰখনে অবিৰতভাৱে চন্দ্ৰৰ তথ্য প্ৰেৰণ কৰি আছে । এই অভিযানত চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৃষ্ঠৰ তলত পানীৰ বৰফৰ প্ৰমাণ পোৱা গৈছিল ।
চন্দ্ৰযান ৩
২০২৩ চনৰ ১৪ জুলাইত চন্দ্ৰযান ৩ৰ জৰিয়তে ভাৰতে সফলতা অৰ্জন কৰে । এই অভিযানত ভাৰতে বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰখন চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰি বিশ্বৰ প্ৰথমখন দেশত পৰিগণিত হয় । এই অভিযানত চন্দ্ৰৰ মাটিৰ উষ্ণতা আৰু খনিজ পদাৰ্থৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছিল ।
লগতে পঢ়ক: ভাৰতীয় বিজ্ঞানীৰ সফলতা: চন্দ্ৰৰ দক্ষিণ মেৰুত ধৰা পেলালে বৰফৰ অৱস্থিতি

