হাছিনাৰ প্ৰত্যৰ্পণৰ বিতৰ্কৰ মাজতে ভাৰতৰে সুসম্পৰ্ক বজাই ৰখাৰ সংকেত দিছে নেকি ঢাকাই ?
হাছিনাক প্ৰত্যৰ্পণৰ দৰে অমীমাংসিত সমস্যাই ভাৰতৰে বহল কৌশলগত সহযোগিতাত বাধাৰ সৃষ্টি নকৰে বুলি জোৰ দিছে ঢাকাই ।

Published : December 1, 2025 at 3:04 PM IST
নতুন দিল্লী : বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হোছেইনে দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰত্যৰ্পণৰ স্পৰ্শকাতৰ বিষয়টোকে ধৰি 'দুটামান অমীমাংসিত সমস্যা'ৰ দ্বাৰা ভাৰতৰ সৈতে সম্পৰ্ক ক্ষতিগ্ৰস্ত নহ'ব বুলি ইংগিত দিছে । ইয়াৰ লগে লগে আপাতঃ দৃষ্টিত ঘৰুৱা সংঘৰ্ষৰ মাজতো ভাৰতৰ সৈতে ঢাকাৰ কৌশলগত সম্পৰ্কৰ ধাৰাবাহিকতা বজাই ৰখাৰ উদ্দেশ্যৰ সংকেত পোৱা গৈছে ।
তেওঁৰ এই মন্তব্যই এই কথাত গুৰুত্ব আৰোপ কৰে যে বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তনে উভয় ৰাষ্ট্ৰৰ আঞ্চলিক আৰু নিৰাপত্তা স্বাৰ্থৰ বাবে জটিল হৈ থকা সম্পৰ্কৰ মৌলিক দিশসমূহৰ পৰিৱৰ্তন ঘটাব পৰা নাই ।
ঢাকা ট্ৰিবিউনে হোছেইনৰ উদ্ধৃতিৰে কয় যে বাংলাদেশৰ কূটনৈতিক সংবাদদাতা সংস্থাই আয়োজন কৰা 'বাংলাদেশৰ বৈদেশিক নীতি : পৰিৱৰ্তিত বিশ্বত প্ৰাসংগিক ভূমিকা' শীৰ্ষক আলোচনাৰ সময়ত কৈছে, "তিস্তাৰ পানী হওঁক বা সীমান্তৰ হত্যাকাণ্ড হওঁক – এইবোৰ শ্বেখ হাছিনাক ঘূৰাই অনাৰ বিষয়টোৰ বিপৰীত হৈ থাকিব । এটা আনটোৰ ওপৰত নিৰ্ভৰশীল নহয় । আমাৰ স্বাৰ্থ থাকিব আৰু সেইবোৰ সুৰক্ষিত কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব । আমি বিচাৰো যে তেওঁলোকক ঘূৰাই দিয়া হওঁক যাতে শাস্তি কাৰ্যকৰী কৰিব পাৰি । কিন্তু ইয়াৰ বাবে বাকী সকলো বিষয় স্তব্ধ হৈ থাকিব বুলি মই নাভাবো ।" একে সময়তে তেওঁ কয় যে তিস্তাৰ পানী ভাগ-বাটোৱাৰা আৰু সীমান্তত হত্যাকাণ্ডক লৈ হতাশা গম্ভীৰ ।

তেওঁ প্ৰশ্ন কৰে, "১৫ বছৰ ধৰি ভাৰতৰ সৈতে ভাল সম্পৰ্ক থকা পূৰ্বৰ চৰকাৰখনে – এই দুটা সমস্যাৰ এটাও সমাধান কৰিবলৈ সক্ষম হ'লনে ? এই বাহ্যিক সম্পৰ্ক আচল কথা নহয় । আচল কথাটো হ'ল আমাৰ স্বাৰ্থ সুৰক্ষিত কৰা হৈছিল নেকি;স্পষ্টভাৱে নাছিল । গতিকে ভাৰতৰ সৈতে মই 'ভাল সম্পৰ্ক' আছিল বুলি ক'ব নিবিচাৰোঁ । এক প্ৰকাৰৰ সম্পৰ্ক আছিল – যি চৰকাৰৰ বাবে গভীৰ আছিল ।"
উল্লেখ্য যে বিগত বছৰৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে গণ বিদ্ৰোহৰ পিছত চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশৰ ঘৰুৱা আৰু বৈদেশিক নীতিৰ দিশত বৃহৎ পৰিৱৰ্তন আহিছে । এই পৰিৱৰ্তনে নতুন প্ৰশাসনে – বিশেষকৈ ইয়াৰ অন্তৱৰ্তীকালীন চৰকাৰ আৰু টেকন'ক্ৰেটিক উপদেষ্টাসকলে – হাছিনাৰ কাৰ্যকালত ভাৰতৰ সৈতে ৰক্ষা কৰা ঐতিহাসিকভাৱে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিবনে ?
বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে যোৱা মাহৰ আৰম্ভণিতে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাৰ পিছত ঢাকাই হাছিনাক প্ৰত্যৰ্পণৰ বাবে ভাৰতক আবেদন জনাইছে । এই সময়তে হোছেইনৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে । ভাৰতে কৈছে যে চলি থকা ন্যায়িক আৰু আভ্যন্তৰীণ আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে এই আবেদন পৰীক্ষা কৰা হৈছে ।
হাছিনাক প্ৰত্যৰ্পণৰ এই নতুন আবেদনৰ প্ৰতি নতুন দিল্লীয়ে সঁহাৰি জনাব বুলি ঢাকাই আশা কৰিছে বুলি হোছেইনে কোৱাৰ পিছতে ভাৰতেও নিজৰ স্থিতি স্পষ্ট কৰি দিছে । একে সময়তে তেওঁ কৈছে যে নতুন দিল্লীয়ে এসপ্তাহৰ ভিতৰতে ঢাকাৰ আবেদনৰ উত্তৰ দিব বুলি আশা কৰা নাই ।
বাংলাদেশৰ সংবাদ মাধ্যমে ২৬ নৱেম্বৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত প্ৰত্যৰ্পণৰ আবেদনৰ স্থিতিৰ বিষয়ে সোধাত হোছেইনে কৈছিল, "ঢাকাৰ আবেদনৰ এসপ্তাহৰ ভিতৰত তেওঁলোকে উত্তৰ দিব বুলি মই আশা কৰা নাই, কিন্তু আমি আশা কৰিছোঁ যে আমি উত্তৰ পাম ।"
দেওবাৰে দেশখনৰ মূল বিৰোধী বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ নেত্ৰী খালেদা জিয়াক সংকটজনক অৱস্থাত ঢাকাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু সেই সময়তে হোছেইনে এই মন্তব্য কৰাত বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰিছে । ইফালে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দেশত সংসদীয় নিৰ্বাচন অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব বুলিও ঘোষণা কৰিছে ।

আনহাতে হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশে পাকিস্তানৰ সৈতেও কূটনৈতিক সম্পৰ্ক উন্নত কৰি আহিছে । দৰাচলতে ইছলামবাদত থকা বাংলাদেশৰ উচ্চায়ুক্ত ইকবাল হুছেইন খানে চলিত সপ্তাহৰ আৰম্ভণিতে ঘোষণা কৰিছে যে ডিচেম্বৰৰ পৰা পাকিস্তান আৰু বাংলাদেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱা পুনৰ আৰম্ভ হ'ব ।
এইটোও উল্লেখ কৰা প্ৰয়োজন যে হাছিনাক উৎখাত কৰাৰ সময়ত বাংলাদেশৰ ৰাজনৈতিক পৰিৱেশতো উগ্ৰ ইছলামিক উপাদানৰ উত্থান ঘটিছিল, যাৰ ফলত ধৰ্মীয় সংখ্যালঘু বিশেষকৈ হিন্দুৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ হিংসা হৈছিল । এই ঘটনাক লৈ ভাৰতে অহৰহ উদ্বেগ প্ৰকাশ কৰি আহিছে ।
এতিয়া দেওবাৰে হোছেইনৰ শেহতীয়া মন্তব্যৰ লগে লগে বাংলাদেশে যেন ইংগিত দিছে যে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কটো অতি গুৰুত্বপূৰ্ণ, যাতে হাছিনাৰ প্ৰত্যৰ্পণৰ বিষয়টোক কেন্দ্ৰ কৰি ৰাজনৈতিক সংবেদনশীলতাই বাধাৰ সৃষ্টি কৰিব নোৱাৰে । হাছিনাৰ দীৰ্ঘদিনীয়া কাৰ্যকালত গভীৰ কৌশলগত, অৰ্থনৈতিক আৰু নিৰাপত্তামূলক সহযোগিতাৰ পৰিপ্ৰেক্ষিতত এইটো অতি গুৰুত্বপূৰ্ণ ।
প্ৰায় ১৫ বছৰ ধৰি হাছিনাৰ চৰকাৰ দক্ষিণ এছিয়াত ভাৰতৰ ঘনিষ্ঠ ৰাজনৈতিক অংশীদাৰ আছিল । তেওঁ সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা, যোগাযোগ প্ৰকল্প, শক্তি বাণিজ্য, উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহৰ বিৰুদ্ধে নিৰাপত্তা সমন্বয় আৰু সুস্থিৰ সীমান্ত ব্যৱস্থাপনাৰ ওপৰত আলোচনা কৰিছিল । সেয়েহে ভাৰত সুস্থিৰ পূব সীমান্ত আৰু উপ-আঞ্চলিক সংযোগ ব্যৱস্থাপনাৰ বাবে হাছিনাৰ নীতিৰ বাবে যথেষ্ট পৰিমাণে ঋণী ।
কিন্তু ঢাকাৰ সাংবাদিক ছাইফুৰ ৰহমান তপনে কয় যে হোছেইনৰ বক্তব্য বেছিকৈ গুৰুত্ব দিব নালাগে কাৰণ তেওঁ এজন কেৰিয়াৰ কূটনীতিবিদ ।
ঢাকাৰ পৰা ইটিভি ভাৰতক ফোনযোগে তপনে কয়, "হোছেইনে সদায় কূটনীতিবিদৰ দৰে বক্তব্য দিয়ে । ভাৰতীয় কৰ্তৃপক্ষৰ পৰা অনুমতি নোপোৱাৰ বাবে ভাৰতৰ সীমান্তৰ ওচৰত বাংলাদেশৰ পৰা ভূটানলৈ সামগ্ৰীৰ ট্ৰেন্সশ্বিপমেণ্ট স্থবিৰ হৈ পৰাটো আপোনালোকে লক্ষ্য কৰা উচিত ।"
ভাৰতীয় কৰ্তৃপক্ষৰ পৰা সময়মতে প্ৰয়োজনীয় ক্লিয়াৰেন্স নোপোৱাৰ বাবে চিটাগং বন্দৰৰ মাজেৰে ভূটানৰ প্ৰথমটো ট্ৰাইল ট্ৰেনজিট চালান বুৰিমাৰী স্থল বন্দৰত আবদ্ধ হৈ পৰিছে । বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি শনিবাৰে পুৱা বুৰিমাৰীত উপস্থিত হোৱা এই চালান চেঙৰাবন্ধা স্থল বন্দৰৰ মাজেৰে ভাৰতলৈ যোৱাৰ কথা আছিল । অৱশ্যে ভাৰতীয় শুল্ক বিভাগে ভূটান কৰ্তৃপক্ষৰ পৰা অতিৰিক্ত নিশ্চিতকৰণ পত্ৰ বিচাৰিছে । কিন্তু ভূটানত সাপ্তাহিক বন্ধৰ বাবে এনে কোনো নথি পোৱা হোৱা নাই ।
অৱশেষত ক'বলৈ গ'লে হোছেইনৰ মন্তব্যই আশ্বাসৰ অনুভূতি প্ৰদান কৰিলেও ভাৰত–বাংলাদেশৰ সম্পৰ্ক থেৰোগেঁৰো হৈ আছে । বাংলাদেশৰ আভ্যন্তৰীণ ৰাজনৈতিক বন্দোবস্তৰ ট্ৰেজেক্টৰী আৰু পূৰ্বৰ শাসন ব্যৱস্থাৰ সৈতে জড়িত বিষয়সমূহ ঢাকাই কেনেদৰে চম্ভালে তাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব ।
লগতে পঢ়ক :শ্বেখ হাছিনাৰ প্ৰত্যৰ্পণ : প্ৰতিশ্ৰুতি দিয়াৰ পৰা কিয় বিৰত আছে ভাৰত ?

