যুদ্ধৰ বাবে বিদেশত আৱদ্ধ ভাৰতীয়ক সুৰক্ষিতভাৱে ঘূৰাই আনিবলৈ ভাৰতে মিছন মোডত কাম কৰি আছেঃ কিৰেণ ৰিজিজু
ইৰাণ-ইজৰাইল যুদ্ধই উপসাগৰীয় দেশসমূহত বসবাস কৰা ভাৰতীয়সকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে । ভাৰতে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

Published : March 2, 2026 at 2:05 PM IST
কাংগৰা (হিমাচল প্ৰদেশ) : কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ সময়ত বহিঃৰাষ্ট্ৰত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু প্ৰত্যাৱৰ্তনৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে ৷
সোমবাৰে হিমাচল প্ৰদেশৰ কাংগৰা বিমানবন্দৰত সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট নিৰ্দেশ জাৰি কৰিছে যে বহিঃৰাজ্যত বাস কৰা কোনো ভাৰতীয় নাগৰিকক কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন কৰা নহ'ব ৷ কোনো ভাৰতীয় যদি কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে তেওঁলোকক সুৰক্ষিতভাৱে ভাৰতলৈ ঘূৰাই অনাৰ বাবে ব্যাপক আৰু তৎকালীন পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷"
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, "বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰি মিছন মোডত কাম কৰি আছে ৷ ভাৰতীয় নাগৰিক আবদ্ধ হৈ থকা দেশসমূহত ভাৰতীয় দূতাবাস সক্ৰিয়ভাৱে সমন্বয় সাধন কৰা হ'ব আৰু প্ৰয়োজন হ'লে তেওঁলোকক নিৰাপদে খালী কৰিবলৈ বিশেষ অভিযান আৰম্ভ কৰা হ'ব ৷ আজি ভাৰতৰ বৈদেশিক নীতি আৰু কূটনৈতিক সংযোগ পূৰ্বতকৈ অধিক শক্তিশালী হৈছে ৷ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতীয় নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ এনে স্পৰ্শকাতৰ সময়ত ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷" তেওঁ আশ্বাস দিয়ে যে কেন্দ্ৰীয় চৰকাৰ প্ৰতিজন ভাৰতীয়ৰ সৈতে থিয় দিছে আৰু প্ৰয়োজন হ’লে সকলো ধৰণৰ সহায় আগবঢ়াব ৷
ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে আজি অৰ্থাৎ সোমবাৰে তৃতীয় দিনাও আক্ৰমণ অব্যাহত ৰাখিছে ৷ আমেৰিকা আৰু ইজৰাইলৰ এই আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ লগতে কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী আৰু সামৰিক সেনাধ্যক্ষৰ মৃত্যু হয় ৷ আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ইৰাণে সমগ্ৰ মধ্যপ্ৰাচ্যৰ আমেৰিকাৰ সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে ৷ ইজৰাইলক লক্ষ্য কৰি লৈছে ইৰাণৰ ক্ষেপণাস্ত্ৰ ৷ ইৰাণে বাহৰেইন, কুৱেইট, চৌদি আৰব, কাটাৰকে ধৰি মধ্যপ্ৰাচ্যৰ ৭খন দেশতো আক্ৰমণ চলাইছে ৷
ইৰাণৰ এই প্ৰতিশোধমূলক কাৰ্যই প্ৰায় সমগ্ৰ মধ্যপ্ৰাচ্যক যুদ্ধৰ কবলত পেলাইছে ৷ ইৰাণৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীকে ধৰি উপসাগৰীয় কেইবাখনো দেশে ৷ উপসাগৰীয় দেশসমূহৰ এই সংঘৰ্ষই তাত বসবাস কৰা ভাৰতীয়কে ধৰি বহু লোকৰ বাবে অনিশ্চয়তাৰ সৃষ্টি কৰিছে ৷
বহু ভাৰতীয় নাগৰিক ডুবাই, কটাৰ, আৰু চৌদি আৰৱৰ লগতে অন্যান্য দেশত আবদ্ধ হৈ আছে ৷ ভাৰত চৰকাৰেও তাত আবদ্ধ হৈ থকা লোকসকলক ঘূৰাই অনাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে ৷

