ETV Bharat / bharat

লক্ষ্ণৌত আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী চক্ৰ উৎখাত, উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ গৰাকী মহিলা গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশত সৰ্ববৃহৎ চাইবাৰ অপৰাধী চক্ৰ উৎখাত৷ আৰক্ষীয়ে অভিযান চলাই ১১৯ জন লোকক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰে ৪০ গৰাকী যুৱতী-মহিলা আৰু তেওঁলোক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাসিন্দা৷

CYBER FRAUD HUB BUSTED
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 3, 2026 at 12:53 AM IST

4 Min Read
Choose ETV Bharat

লক্ষ্ণৌ(উত্তৰ প্ৰদেশ): উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ হৈ পৰিছে অপৰাধীৰ ৰম্যভূমি ৷ লক্ষ্ণৌৰ ছামিট বিল্ডিঙৰ সমীপতে আৰক্ষীৰ নাকৰ তলতে চলি আছিল এক বৃহৎ চাইবাৰ অপৰাধৰ বজাৰ ৷ কিন্তু দেৰীকৈ হ’লেও এই চক্ৰটোৰ কথা পোহৰলৈ অহাত সকলো আচৰিত হৈ পৰিছে ।

এই চক্ৰটোৰ সৈতে দীৰ্ঘদিনৰে পৰা জড়িত আছিল উচ্চশিক্ষিত একাংশ যুৱতী-মহিলা ৷ তেওঁলোকে ইমান সলসলীয়াকৈ ইংৰাজী ভাষাটো ক’ব পাৰে যে তেওঁলোক যে কোনো অপৰাধৰ সৈতে জড়িত হ’ব পাৰে, সেয়া সহজে অনুমান কৰাটো কঠিন ৷

কিন্তু এই যুৱতী-মহিলাসকলেই চাইবাৰ অপৰাধ সংঘটিত কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰিছিল ৷ মহিলাসকলে প্ৰতিটো মাহে নিজৰ চিকাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৷ তেওঁলোকক দৰমহাৰ উপৰিও প্ৰৱঞ্চনাৰ পৰা পোৱা ধনৰ ওপৰত ভিত্তি কৰি কমিচন দিয়া হৈছিল ।

লক্ষ্ণৌৰ এটা কল চেণ্টাৰত আৰক্ষীয়ে শেহতীয়াকৈ অভিযান চলায় ৷ এই অভিযানৰ জৰিয়তে কল চেণ্টাৰটো প্ৰায় ২০০ কোটিৰো অধিক মূল্যৰ কেলেংকাৰী সংঘটিত হোৱাৰ মুখ্য স্থান বুলি আৰক্ষীয়ে পোহৰলৈ আনে ৷ প্ৰৱঞ্চকসকলে বহিঃৰাজ্যৰ ব্যক্তিসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ।

CYBER FRAUD HUB BUSTED
অট্টালিকাটোত অভিযানকাৰী আৰক্ষীৰ দল (ETV Bharat)

প্ৰায় ১১৯ জনীয়া যুৱক-যুৱতীৰ এটা দলে সন্ধিয়া ৭ বজাত সক্ৰিয় হৈ পুৱা ৩ বজালৈকে লক্ষ্ণৌৰ পৰা নিজৰ প্ৰৱঞ্চনামূলক কাম-কাজ চলাই নিছিল । তেওঁলোকে প্ৰথমে নিৰ্দিষ্ট ব্যক্তিগৰাকীক বিনিয়োগৰ লোভ দেখুৱাই প্ৰৱঞ্চনাৰ জালত পৰাৰ লগে লগে লুটি নিছিল ৷

আৰক্ষীয়ে অভিযান চলাই ১১৯ জন লোকক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰে ৪০ গৰাকী যুৱতী ৷ এই অপৰাধ চক্ৰৰ সৈতে জড়িত যুৱতী-মহিলাসকলে কৰ্ম সংস্থাপনৰ সন্ধানত ৰাজ্যখনলৈ আহিছিল ৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰা এইসকল যুৱতী-মহিলা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, তেওঁলোক প্ৰায় আটাইকেইগৰাকীয়ে ইংৰাজীত পাকৈত আছিল যদিও মাত্ৰ ২৫,০০০ টকা দৰমহাত কাম কৰি আছিল । অৱশ্যে এয়া যে এটা চাইবাৰ অপৰাধী চক্ৰ, সেয়া তেওঁলোকৰ সম্পূৰ্ণৰূপে জ্ঞাত আছিল ৷ আৰক্ষীয়ে কৰা জেৰাত মহিলাসকলে অধিক উপাৰ্জনৰ আশাত এই কাম কৰা বুলি স্বীকাৰ কৰিছে ৷ গুজৰাট, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, উত্তৰাখণ্ড, ৰাজস্থান আৰু দিল্লীৰ একাংশ ব্যক্তিয়ো এই নেটৱৰ্কৰ অংশ আছিল, যিবোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

লক্ষ্ণৌৰ আৰক্ষী আয়ুক্ত অমৰেন্দ্ৰ সিং চেংগাৰে এই অভিযান সন্দৰ্ভত এনেদৰে কয়, ‘‘মহিলাসকলক প্ৰতিটো মাহতে নতুন টাৰ্গেট নিৰ্ধাৰণ কৰি দিয়া হৈছিল ৷ সেই লক্ষ্যৰ অধীনত প্ৰৱঞ্চনা কৰি ঘটা ধনৰ ১০% তেওঁলোকে লাভ কৰিছিল । ফলস্বৰূপে এই প্ৰৰোচনাৰ বলি হৈ মহিলাসকলে তাত দীৰ্ঘদিন ধৰি কাম কৰি আহিছিল ।’’

অভিযানৰ সময়ত আৰক্ষীয়ে এটা ভিঅ’আইপি কলিং চিষ্টেম, আইবিম ডায়েলাৰ, বিদেশী নাগৰিকৰ তথ্য, কলিং স্ক্ৰীপ্ট আৰু বহুসংখ্যক জাল নথি-পত্ৰ জব্দ কৰে । এই চক্ৰটোৱে পূৰ্বে আমেৰিকাৰ নাগৰিকক লক্ষ্য কৰি চাইবাৰ প্ৰবঞ্চনা কৰি আহিছিল ৷ অভিযুক্তই আমাজন, মাইক্ৰ’ছফ্ট, এপল, পেপাল, নেটফ্লিক্স, ফেচবুকৰ দৰে আগশাৰীৰ কোম্পানীসমূহৰ গ্ৰাহক সমৰ্থন প্ৰতিনিধিৰ ৰূপ লৈ মানুহক ফান্দত পেলাইছিল । পৰৱৰ্তী সময়ত তেওঁলোকে নিজকে এফবিআই, এফটিচি আৰু অন্যান্য আমেৰিকান চৰকাৰী সংস্থাৰ বিষয়া বুলি দাবী কৰি গ্ৰেপ্তাৰৰ ভাবুকি আৰু আইনী ব্যৱস্থা গ্ৰহণৰ ধমকিৰে ভুক্তভোগীৰ পৰা ধন আদায় কৰি আহিছিল ৷

এনে প্ৰবঞ্চনাৰে ঘটা ধন গিফ্ট কাৰ্ড, ক্ৰিপ্ট’কাৰেন্সী, ডিজিটেল ভাউচাৰৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল যাতে ধনৰ সন্ধান উলিয়াব পৰা নাযায় । কল চেণ্টাৰটোৱে কৰ্প’ৰেট ছেক্টৰৰ দৰেই কাম কৰিছিল ৷ তেওঁলোকে সুকীয়া সুকীয়া দল আৰু বিপিঅ’ বা আন্তঃৰাষ্ট্ৰীয় কলিঙৰ পূৰ্বৰ অভিজ্ঞতা থকা ব্যক্তিক এই গেঙত চামিল কৰাইছিল ৷

লক্ষ্ণৌৰ যুটীয়া আৰক্ষী আয়ুক্ত বাবলু কুমাৰে কয়, ‘‘আৰক্ষীয়ে এতিয়া এই গেঙৰ সৈতে জড়িত আন ব্যক্তি, কাৰিকৰী সহযোগী, চাৰ্ভাৰ, ই-মেইল একাউণ্ট আৰু সমগ্ৰ বিত্তীয় নেটৱৰ্কৰ তদন্ত কৰি আছে ।’’

ধৃত চাইবাৰ অপৰাধীসকলে অট্টালিকাটোত কাৰ্যালয়টো চলাবলৈ প্ৰতিমাহে ৩ কোটি টকা ব্যয় হোৱাৰ কথা আৰক্ষীৰ আগত ব্যক্ত কৰে ৷ ইয়াৰ দ্বাৰা তাত কাম কৰা ১১৯ জন কৰ্মচাৰীয়ে প্ৰতিমাহে কৰা চাইবাৰ প্ৰবঞ্চনাৰ পৰিসৰৰ বিষয়ে ধাৰণা কৰিব পাৰি । বিগত কেইবাবছৰ ধৰি এই কেন্দ্ৰটোৱে ছামিট বিল্ডিঙৰ বাহিৰত কাম কৰি আহিছিল ৷ চক্ৰটোৰ সৈতে জড়িত অপৰাধীসকলে অট্টালিকাটোৰ ১১নং মহলাত দুটা কাৰ্যালয়ৰ বাবে ঠাই ভাড়ালৈ লৈছিল । এই প্ৰবঞ্চকসকলৰ বিৰুদ্ধে চাইবাৰ অপৰাধ আৰক্ষী থানাত বিএনএছ, আইটি আইন আৰু টেলিকম আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক: মেঘৰ গৰ্জনৰ দৰেই স্বামীৰ নাকৰ শব্দ, উপায়ন্তৰ পত্নীয়ে বিচাৰিলে বিবাহ বিচ্ছেদ