ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ পিছতে প্ৰধানমন্ত্ৰীক 'মুদ্ৰাস্ফীতি মানৱ' আখ্যা ৰাহুল গান্ধীৰ
দেশত পুনৰ ইন্ধনৰ মূল্যবৃদ্ধিক লৈ সৰৱ বিৰোধী । চৰকাৰ তথা প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ।

By ANI
Published : May 25, 2026 at 1:19 PM IST
নতুন দিল্লী: বিগত প্ৰায় ১০ দিনত চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য । সোমবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ২.৬১ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ২.৭১ টকা বৃদ্ধি হৈছে । লগে লগে সাধাৰণ জনতাৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী দলবোৰেও চৰকাৰক তীব্ৰ সমালোচনা আৰম্ভ কৰিছে । ১০ দিনৰ ভিতৰত চতুৰ্থবাৰৰ বাবে ইন্ধনৰ মূল্যবৃদ্ধিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে । তেওঁ দাবী কৰে যে নিৰ্বাচনৰ সময়ত ইন্ধনৰ মূল্য নিয়ন্ত্ৰণত আছিল যদিও এতিয়া চৰকাৰে কিস্তি কিস্তি হিচাপত মূল্য বৃদ্ধি কৰিছে আৰু আগলৈও বৃদ্ধি পাব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'মুদ্ৰাস্ফীতি মানৱ' বুলি অভিহিত কৰি ৰাহুল গান্ধীয়ে কয় যে তেওঁ পূৰ্বেই আহিবলগীয়া 'অৰ্থনৈতিক ধুমুহা'ৰ বিষয়ে সকীয়াই দিছিল । কিন্তু সেই সময়ত প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত মনোনিৱেশ কৰি আছিল বুলি তেওঁ অভিযোগ কৰে ।
महंगाई मानव मोदी का फिर से हमला।
— Rahul Gandhi (@RahulGandhi) May 25, 2026
पेट्रोल-डीज़ल के दाम किश्तों में बढ़ाते हैं - ताकि चुपके-चुपके आपकी जेब कटती रहे।
मैं महीनों से आर्थिक तूफान आने की बात कह रहा था। पर मोदी जी तब हमेशा की तरह चुनाव में व्यस्त थे - और चुनाव खत्म होते ही पेट्रोल-डीजल ₹8 महंगा कर दिया।
और, ये…
এক্সৰ এটা পোষ্টত তেওঁ লিখিছে, ""মুদ্ৰাস্ফীতি মানৱ মোদীয়ে আকৌ আঘাত কৰিছে । কিস্তি হিচাপত তেওঁলোকে পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি কৰিছে--যাতে আপোনাৰ পকেটৰ পৰা গম নোপোৱাকৈয়ে ধন ওলাই গৈ থাকে । মই কেইবামাহো ধৰি অৰ্থনৈতিক ধুমুহা অহাৰ সতৰ্কবাণী দি আহিছোঁ । কিন্তু মোদী জীয়ে তেতিয়াৰ নিৰ্বাচনত ব্যস্ত আছিল আৰু নিৰ্বাচন শেষ হোৱাৰ পিছত পেট্ৰ'ল-ডিজেলৰ মূল্য ৮ টকা বৃদ্ধি কৰা হ'ল ।"
তেওঁ পোষ্টটোত লগতে কয়, "আৰু এই বৃদ্ধি হৈয়েই থাকিব । মুদ্ৰাস্ফীতি মানৱ মোদীৰ এয়াই একমাত্ৰ কাম--নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া আৰু বাকী সময়ত জনসাধাৰণৰ পকেটত আঘাত কৰা ।"
The Daily Assault of FUEL LOOT is not over yet!
— Mallikarjun Kharge (@kharge) May 25, 2026
4th hike in 10 days !!
Petrol – ₹7.35/litre
Diesel – ₹7.53/litre
Modi Govt has sprinkled Petrol to Burn the Savings of common people.
⛽️Between 2004 and 2014, during the UPA, international crude oil prices increased by… pic.twitter.com/4rP8BfasNj
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও চৰকাৰক লক্ষ্য কৰি কয় যে কৃষকৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ উদ্যোগলৈকে সমাজৰ প্ৰতিটো শ্ৰেণীয়ে বিজেপিয়ে দেশত চলোৱা লুটপাতৰ বোজা বহন কৰিছে । তেওঁ লিখিছে, "ইন্ধন লুটপাতৰ দৈনিক আক্ৰমণ শেষ হোৱা নাই ! প্ৰতিবিধ ইন্ধনৰ মূল্যবৃদ্ধি ঘৰুৱা বাজেটৰ ওপৰত আন এক আঘাত আৰু অৰ্থনীতিৰ প্ৰতিটো দিশতে ইয়াৰ প্ৰভাৱ পৰে ।"
উল্লেখ্য যে যোৱা ১৫ মে'ত পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি কৰা হৈছিল । তাৰ পিছত ১৯ মে'ত প্ৰতি লিটাৰত ৯০ পইচা বৃদ্ধি কৰা হয় । ২৩ মে'ত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৮৭ পইচা বৃদ্ধি হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯১ পইচা বৃদ্ধি পায় । অৱশ্যে এই বৃদ্ধিৰ কাৰণ পশ্চিম এছিয়াৰ সংঘাত, বিশ্বজুৰি খাৰুৱা তেলৰ মূল্যবৃদ্ধি আৰু মুদ্ৰা বিনিময়ৰ হাৰ কম বেছি বুলি চৰকাৰে ঘোষণা কৰি আহিছে ।
লগতে পঢ়ক :
জনতাৰ মূৰত মাধমাৰ: পুনৰ প্ৰতি লিটাৰ পেট্ৰ’লত ২.৬১ টকা আৰু ডিজেলত ২.৭১ টকাকৈ মূল্যবৃদ্ধি

