ETV Bharat / bharat

ইণ্ডাষ্ট্ৰী ফাউণ্ডেশ্যন-NSRLM ৰ অংশীদাৰিত্ব : নাগালেণ্ডত বাঁহভিত্তিক জীৱিকাৰ জৰিয়তে ৩০ হাজাৰ মহিলা কৃষকক সবলীকৰণ

চুক্তিখনৰ মূল উদ্দেশ্য হৈছে পুনৰুৎপাদনশীল বাঁহ খেতিকক উৎসাহিত কৰা, গ্ৰামীণ পৰিয়ালৰ আয় বৃদ্ধি আৰু ৰাজ্যজুৰি মহিলাসকলৰ বাবে জলবায়ু-সহনশীল তথা দীৰ্ঘস্থায়ী জীৱিকাৰ সুযোগ সৃষ্টি কৰা ।

Bamboo Livelihoods in Nagaland
ইণ্ডাষ্ট্ৰী ফাউণ্ডেশ্যন-NSRLM ৰ অংশীদাৰিত্ব (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 10:19 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: নাগালেণ্ডত মহিলা নেতৃত্বাধীন জীৱিকা গঢ়ি তোলাৰ লক্ষ্যৰে Industree Foundation আৰু নাগালেণ্ড ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনে(NSRLM) এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে । এই অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যখনৰ ৩০,০০০ গৰাকী ক্ষুদ্ৰ মহিলা কৃষকক বাঁহ খেতিৰ সৈতে সংযুক্ত কৰা হ'ব ।

দেওবাৰে নাগালেণ্ডৰ কোহিমাত স্বাক্ষৰিত এই চুক্তিৰ মূল উদ্দেশ্য হৈছে পুনৰুৎপাদনশীল বাঁহ খেতিকক উৎসাহিত কৰা, গ্ৰামীণ পৰিয়ালৰ আয় বৃদ্ধি কৰা আৰু ৰাজ্যজুৰি মহিলাসকলৰ বাবে জলবায়ু-সহনশীল তথা দীৰ্ঘস্থায়ী জীৱিকাৰ সুযোগ সৃষ্টি কৰা । লগতে বাঁহ প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজনক কেন্দ্ৰ কৰি মহিলা-নেতৃত্বাধীন সমবায় উদ্যোগ গঢ়ি তোলাতো এই প্ৰকল্পই সহায় কৰিব ।

Bamboo Livelihoods in Nagaland
বাঁহভিত্তিক জীৱিকাৰ জৰিয়তে ৩০ হাজাৰ মহিলা কৃষকক সবলীকৰণ (ETV Bharat Assam)

এই পদক্ষেপ দীনদয়াল অন্ত্যোদয় যোজনা - ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছন (DAY-NRLM)-ৰ অধীনস্থ Bamboo Sub-Sector Initiative-ৰ অংশ । ভাৰত চৰকাৰৰ গ্ৰামীণ উন্নয়ন মন্ত্ৰালয়ে ৰূপায়ণ কৰা এই ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ লক্ষ্য হৈছে অহা চাৰি-পাঁচ বছৰৰ ভিতৰত বাঁহ খেতি, মূল্য সংযোজন আৰু উন্নত বজাৰ সংযোগৰ জৰিয়তে ১০ লাখ গ্ৰামীণ মহিলাক আৰ্থিকভাৱে সবলীকৰণ কৰা ৷

কাৰিকৰী আৰু জ্ঞান-সহযোগী হিচাপে Industree Foundation-এ NSRLM-ৰ সৈতে মিলি উন্নত বাঁহ বাগিচা গঢ়ি তোলা, বাঁহ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপন, নতুন বাঁহভিত্তিক সামগ্ৰী উন্নয়ন আৰু মহিলা উৎপাদকসকলক উচ্চ মূল্যৰ দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত সহায় আগবঢ়াব ৷ ইয়াৰ লগতে কাৰ্বন ক্ৰেডিট স্বীকৃতি লাভৰ দিশতো পদক্ষেপ গ্ৰহণ কৰা হ'ব, যাৰ ফলত জলবায়ু সুৰক্ষাৰ লগতে আয় বৃদ্ধিৰ নতুন পথ মুকলি হ'ব ।

এই বুজাবুজি চুক্তিত গ্ৰামীণ উন্নয়ন বিভাগৰ যুটীয়া সচিব তথা NSRLM-ৰ মিছন সঞ্চালক মোয়া সাংটামে স্বাক্ষৰ কৰে । অনুষ্ঠানত NSRLM আৰু Industree Foundation-ৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল ।

Bamboo Livelihoods in Nagaland
ৰাজ্যখনৰ ৩০,০০০ গৰাকী ক্ষুদ্ৰ মহিলা কৃষকক বাঁহ খেতিৰ সৈতে সংযুক্ত কৰা হ'ব (ETV Bharat Assam)

Industree Foundation ৰ মুখ্য কাৰ্যবাহী বিষয়া নেজু জৰ্জ আব্ৰাহামে কয় যে নাগালেণ্ডৰ সমৃদ্ধ বাঁহ সম্পদ আৰু পৰম্পৰাগত জ্ঞানৰ আধাৰত বিশাল বাণিজ্যিক সম্ভাৱনা নিহিত হৈ আছে । তেওঁৰ মতে, এই অংশীদাৰিত্বই ৰাজ্যখনত বাঁহ প্ৰক্ৰিয়াকৰণৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে নতুন বজাৰৰ দুৱাৰ মুকলি কৰিব আৰু ভাৰতীয় বাঁহজাত সামগ্ৰীক বিশ্ব বজাৰত প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰিব ।
Industree Foundation-এ দীৰ্ঘদিন ধৰি বিশেষকৈ মহিলাসকলৰ মাজত খালী আৰু কম ব্যৱহৃত ভূমিত বাঁহ খেতিক উৎসাহিত কৰি আহিছে । বাঁহ বাগিচাৰ পৰা সাধাৰণতে চতুৰ্থ বছৰৰ পৰা নিয়মিত আয় আহিবলৈ আৰম্ভ কৰে আৰু প্ৰায় ৪০ বছৰতকৈও অধিক সময় উৎপাদনক্ষম হৈ থাকে ৷ যাৰ ফলত গ্ৰামীণ পৰিয়ালসমূহে দীৰ্ঘম্যাদী আৰ্থিক সুৰক্ষা লাভ কৰে ।

বেংগালুৰুভিত্তিক এই অলাভজনক সংস্থাটোৱে ইতিমধ্যে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা, তেলেংগানা আৰু ত্ৰিপুৰাৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ সৈতে অংশীদাৰিত্বত একেধৰণৰ বাঁহভিত্তিক জীৱিকা কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰি আহিছে ।

শেহতীয়াকৈ সংস্থাটোৱে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ ৬,৬৭১ গৰাকী মহিলা বাঁহ কৃষকৰ বাবে ভাৰতৰ প্ৰথম FSC® Forest Management Certification লাভ কৰিবলৈ সক্ষম হৈছে । এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে ভাৰতীয় উৎপাদকসকলক টেকসইভাৱে সংগ্ৰহ কৰা প্ৰমাণিত বাঁহৰ জৰিয়তে বিশ্বৰ প্ৰিমিয়াম বজাৰত প্ৰৱেশৰ সুযোগ প্ৰদান কৰিব ।

এই নতুন অংশীদাৰিত্বই নাগালেণ্ডৰ বাঁহ অৰ্থনীতি অধিক শক্তিশালী কৰাৰ লগতে মহিলা সবলীকৰণ, নিয়োগ সৃষ্টি আৰু ভাৰতৰ সেউজ উন্নয়ন তথা জলবায়ু-সহনশীল অৰ্থনীতি গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক: আহি আছে আৰু এজাক কলহৰ কাণে ঢলা বৰষুণ ! গুৱাহাটীবাসী জৰুৰী কাম নহ’লে বাহিৰলৈ নোলাব