ETV Bharat / bharat

ইন্দোৰবাসীৰ বাবে ভগৱানৰ ৰূপত এগৰাকী জিলা দণ্ডাধীশ

ইন্দোৰবাসী জিলা দণ্ডাধীশ শিৱম বাৰ্মাৰ অনুৰাগী হৈ পৰিছে । কাৰণ তেওঁৰ ওচৰলৈ গ'লেই যিকোনো সমস্যা তৎক্ষণাৎ সমাধান হয় ।

indore collector
ইন্দোৰবাসীৰ বাবে ভগৱানৰ ৰূপত এগৰাকী জিলা দণ্ডাধীশ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 5:21 PM IST

4 Min Read
Choose ETV Bharat

ইন্দোৰ : সম্প্ৰতি মধ্যপ্ৰদেশত সকলোৰে মুখে মুখে এগৰাকী জিলা দণ্ডাধীশৰ নাম । জনহিতৈষী আৰু মানৱ দৰদী চিন্তাই তেওঁক সকলোৰে মাজত জনপ্ৰিয় কৰি তুলিছে । জিলাখনত চলি থকা লোক আদালতৰ জৰিয়তে তেওঁ অধিক চৰ্চা লাভ কৰিছে ।

শুনানিসমূহ পৰিচালনাৰ অনন্য শৈলীৰ বাবে জনপ্ৰিয়তা লাভ কৰা জিলা দণ্ডাধীশ বা কালেক্টৰগৰাকী হৈছে শিৱম বাৰ্মা । নিজৰ নিজৰ সমস্যা সমাধানৰ আশাৰে ইন্দোৰৰ বাসিন্দাসকলে এতিয়া দণ্ডাধীশৰ কাৰ্যালয়ত ভিৰ কৰিছে । প্ৰতিগৰাকী নাগৰিক আশাবাদী যে দণ্ডাধীশৰ ওচৰলৈ গ'লেই তেওঁলোকৰ সমস্যা সমাধান হ'ব । আন বিষয়া বা বিভাগৰ ওচৰলৈ নোযোৱাকৈয়ে তেওঁলোকৰ সমস্যা সমাধান হ'ব বুলিও তেওঁলোক নিশ্চিত ।

ইন্দোৰৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ত ভিৰ (ETV Bharat)

প্ৰতি মঙলবাৰে জিলা দণ্ডাধীশৰ কাৰ্যালয়ত ভিৰ

প্ৰতি মঙলবাৰে জিলা দণ্ডাধীশৰ কাৰ্যালয়ত লোক আদালতৰ সময়ত একেধৰণৰ দৃশ্যই দেখা যায় । দণ্ডাধীশৰ সাক্ষাৎ পোৱাৰ আশাত বৃহৎ জনসমাগম হয় । নিজৰ নিজৰ অভিযোগ লৈ লোকসকল আহে আৰু দণ্ডাধীশে ব্যক্তিগতভাৱে তেওঁলোকক লগ কৰি ঠাইতে সমস্যাবোৰ সমাধানৰ চেষ্টা কৰে ।

indore collector
লোক আদালতৰ সময়ত আৰ্তজনৰ প্ৰতিটো সমস্যা শুনে জিলা দণ্ডাধীশ শিৱম বাৰ্মাই (ETV Bharat)

কোনো কামৰ বাবে চৰকাৰী কাৰ্যালয়ত প্ৰায়ে তাঁতবাটি কৰিবলগীয়া হয় । আমোলাতন্ত্ৰিক ব্যৱস্থাৰ বাধাও থাকে । কিন্তু ইন্দোৰৰ জিলা দণ্ডাধীশ শিৱম বাৰ্মাই ইয়াৰ বিপৰীত পন্থা গ্ৰহণ কৰিছে । বিভিন্ন সমস্যাৰ সৈতে যুঁজি থকা বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকসকলক তাৎক্ষণিকভাৱে সহায় আগবঢ়ায় । এই কাৰণেই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা জনসাধাৰণে নিজৰ উদ্বেগ লৈ এই লোক আদালতত ভিৰ কৰে ।

কাষতে বহুৱাই লৈ অভিযোগ শুনে জিলা দণ্ডাধীশে

indore collector office
ইন্দোৰৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ত ভিৰ (ETV Bharat)

মূল গেটৰ পৰা দীঘলীয়া শাৰী পাতি, পঞ্জীয়নৰ প্ৰক্ৰিয়া সমাপ্ত কৰি ভিৰৰ মাজত যেতিয়া শুনানি কক্ষত প্ৰৱেশ কৰে তেতিয়া আবেদনকাৰীসকলে যথেষ্ট সকাহ পায় । কোঠাৰ ভিতৰত জিলা দণ্ডাধীশ শিৱম বাৰ্মাই ব্যক্তিগতভাৱে আবেদনকাৰীক তেওঁৰ কাষত বহিবলৈ দিয়ে আৰু তেওঁলোকৰ অভিযোগ ধৈৰ্যৰে শুনে । ইয়াৰ পিছত তেওঁ সংশ্লিষ্ট বিষয়াক সমস্যা সমাধানৰ বাবে তাৎক্ষণিক নিৰ্দেশনা জাৰি কৰে ।

বৃদ্ধসকলৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হয়

আটাইতকৈ উল্লেখযোগ্য দিশটো হ'ল যে তাত বৃদ্ধসকলে বিশেষ অগ্ৰাধিকাৰ লাভ কৰে । তেওঁলোকক সন্মান জনাই বহিবলৈ দিয়া হয় আৰু তেওঁলোকৰ উদ্বেগ গুৰুত্বসহকাৰে শুনা যায় । শিৱম বাৰ্মাৰ নিৰ্দেশ অনুসৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে বৃদ্ধ লোকসকলক সহায় কৰে । তদুপৰি বিষয়াসকলে পূৰ্বৰ শুনানিৰ সমাধানৰ স্থিতি সম্পৰ্কে আপডেট লৈ থাকে ।

সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে সমস্যা সমাধানৰ বাবে আহে কাৰ্যালয়লৈ

পুৱাৰ পৰাই ভিৰ ইমানেই যে তাৰ তুলনাত নিয়োজিত সহায়ক কৰ্মচাৰী, নিৰাপত্তাৰক্ষী আৰু আন কৰ্মচাৰীৰ অভাৱ হয় । ফলস্বৰূপে ভিৰ পৰিচালনা কৰিবলৈ স্বেচ্ছাসেৱক বা স্কাউট-গাইডৰ সহায়ৰ প্ৰয়োজন হয় । এই লোক আদালতত অংশগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিয়ে নিজৰ অভিযোগ পোনপটীয়াকৈ শিৱম বাৰ্মাৰ ওচৰত দাখিল কৰাৰ লক্ষ্য ৰাখে । প্ৰতি মঙলবাৰে পুৱা ৯ বজাৰ পৰা সন্ধিয়ালৈকে শিৱম বাৰ্মা লোকসকলৰ মাজতে থাকে ।

দায়িত্বহীন বিষয়াৰ বিৰুদ্ধে কঠোৰ জিলা দণ্ডাধীশ

লোক আদালতৰ সময়ত উত্থাপিত সমস্যাসমূহ সমাধানৰ বাবে শিৱম বাৰ্মাই ব্যক্তিগতভাৱে বিভিন্ন নিৰ্দেশনা জাৰি কৰে আৰু তেওঁলোকৰ নিৰীক্ষণৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে । সময়ে সময়ে তেওঁ অভিযোগবোৰ সমাধানৰ স্থিতিও পৰ্যালোচনা কৰে । কিন্তু নাগৰিক বিশেষকৈ বৃদ্ধ লোকসকলৰ কোনো অভিযোগ বা সমস্যা যদি অমীমাংসিত হৈ থাকে তেনেহ'লে তেওঁ সংশ্লিষ্ট বিষয়া বা লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও কুণ্ঠাবোধ নকৰে ।

আইএএছ শিৱম বাৰ্মাৰ পত্নীও এগৰাকী জিলা দণ্ডাধীশ

ইন্দোৰৰ বৰ্তমানৰ জিলা দণ্ডাধীশ শিৱম বাৰ্মা মধ্যপ্ৰদেশৰ কেডাৰৰ আইএএছ বিষয়া । তেওঁৰ ঘৰ উত্তৰ প্ৰদেশত । আইএএছ হোৱাৰ পূৰ্বে তেওঁ ভূপালত মেকানিকেল ইঞ্জিনিয়াৰিঙত বি টেক সম্পূৰ্ণ কৰে । তেওঁৰ পত্নী জয়তী সিঙো এগৰাকী আইএএছ বিষয়া আৰু বৰৱানীত জিলা দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । পূৰ্বে শিৱম বাৰ্মা ইন্দোৰ পৌৰ নিগমৰ আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ লগতে গোৱালিয়ৰ জিলা পঞ্চায়তৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপেও কাম কৰিছিল ।

নিজৰ পদক্ষেপ সম্পৰ্কে কি কয় জিলা দণ্ডাধীশ শিৱম বাৰ্মাই ?

জিলা দণ্ডাধীশ হিচাপে নিজৰ ভূমিকা সম্পৰ্কে এই সেৱামুখী পদক্ষেপৰ বিষয়ে শিৱম বাৰ্মাই কয়, "মুখ্যমন্ত্ৰী মোহন যাদৱৰ নেতৃত্বত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ যাতে আৰ্তজনৰ মাজলৈ যায় তাৰ বাবে আমাৰ এই প্ৰচেষ্টা । কোনো ব্যক্তি বিশেষকৈ বৃদ্ধসকলে যাতে আঁচনিৰ পৰা বঞ্চিত নহয় আৰু তেওঁলোকৰ সমস্যাসমূহ যাতে শীঘ্ৰে সমাধান হয় সেয়া আমাৰ প্ৰথম দায়িত্ব । মানুহৰ সমস্যা সমাধান কৰি ব্যক্তিগতভাৱে সন্তুষ্টি লাভ কৰোঁ ।"

লগতে পঢ়ক :

‘মোৰ জীৱনটো এখন খোলা কিতাপৰ দৰে’ : ৰাম মন্দিৰ বিতৰ্কৰ মাজতে মুখ খুলিলে চম্পত ৰায়ে