পৌৰনিগমৰ বিষাক্ত পানী খাই মৃত্যু ৭; আহত শতাধিক
প্ৰাৰম্ভিক তথ্য অনুসৰি পানীৰ পাইপলাইনত নলাৰ পানী মিহলি হোৱাৰ বাবে ব্যক্তিকেইজনৰ মৃত্যু হয় ।

Published : December 31, 2025 at 6:18 PM IST
ইন্দোৰ : 'পৰিষ্কাৰ চহৰ' হিচাপে খ্যাত মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত হৈছে এক ভয়ানক ঘটনা । চহৰখনৰ ভাগীৰথপুৰা অঞ্চলত বিষাক্ত পানী খাই প্ৰায় ১২০ জন লোক অসুস্থ হৈ পৰে । ইয়াৰে ভিতৰত ৭ জনৰ মৃত্যু হয় । অৱশ্যে চৰকাৰীভাৱে তিনিজন লোকৰ মৃত্যুৰ কথাহে প্ৰকাশ কৰিছে । এই কথা নিশ্চিত কৰিছে মেয়ৰ পুষ্পমিত্ৰ ভাৰ্গৱে । তেওঁ কয়, "ভাগীৰথপুৰা অঞ্চলত পানীৰ বিষক্ৰিয়া ঘটি তিনিজন লোকৰ মৃত্যু ঘটিছে । কিন্তু মই পোৱা তথ্য অনুযায়ী আৰু চাৰিজন লোকৰ স্বাস্থ্যৰ অৱনতি ঘটাত হাস্পতালত ভৰ্তি কৰোৱা হয় । পিছত তেওঁলোক চাৰিওজনৰে মৃত্যু হয় । প্ৰাৰম্ভিক তথ্য অনুসৰি পানীৰ পাইপলাইনত নলাৰ পানী মিহলি হোৱাৰ বাবে ব্যক্তিকেইজনৰ মৃত্যু হয় ।"
তেওঁ লগতে কয় যে মৃতকৰ পৰিয়ালক ২ লাখ টকাকৈ চৰকাৰী সাহায্য প্ৰদান কৰা হৈছে । য'ত য'ত লেতেৰা পানীৰ বিষয়ে অভিযোগ আহিছে সেই অঞ্চলবোৰ চিনাক্ত কৰা হৈছে । সম্পূৰ্ণ অঞ্চলটোত ঘৰে ঘৰে গৈ সমীক্ষা চলোৱা হৈছে । অসুস্থ ব্যক্তিসকলৰ চিকিৎসাৰ বাবে চিকিৎসক ২৪ ঘণ্টা নিয়োজিত হৈ আছে । মুখ্যমন্ত্ৰী মোহন যাদৱে সমগ্ৰ ঘটনাৰ ওপৰত নিৰীক্ষণ কৰি আছে আৰু অসুস্থ সকলোকে উন্নত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে ।
উল্লেখ্য যে পানী পৰিবাহী পাইপ আৰু নলাৰ পাইপ একেলগে থকাৰ বাবে এই প্ৰদূষিত দ্ৰৱ্য পানী পৰিবাহী পাইপত মিহলি হোৱাৰ বাবে কেইবাজনো লোকৰ মৃত্যু হয় । কিন্তু নলাৰ পাইপ ক'ত ফুটিছে সেইটো চিনাক্ত কৰিবৰ চলোৱা অভিযানত এইটো ধৰা পৰিছে । এতিয়া এই বিষাক্ত পানী মিহলি হোৱা স্থানত পাইপৰ মেৰামতি কৰা হৈছে ।
আনহাতে, ইন্দোৰৰ স্বচ্ছতা সন্দৰ্ভত সৃষ্টি হোৱা উদ্বেগৰ ঘটনাৰ পিছতে বহু প্ৰশ্নৰ অৱতাৰণা হৈছে । এই ঘটনা পোহৰলৈ অহাৰ পিছতে মন্ত্ৰী কৈলাস বিজয়বৰ্গীয় আৰু মেয়ৰ পুষ্পমিত্ৰ ভাৰ্গৱে অঞ্চলটো নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছে ।
इंदौर शहर के भागीरथपुरा क्षेत्र में हुई घटना बेहद दुखद है। मृतकों को श्रद्धांजलि अर्पित करते हुए उपचाररत प्रभावितों के शीघ्र स्वस्थ होने की कामना करता हूं।
— Dr Mohan Yadav (@DrMohanYadav51) December 30, 2025
मृतकों के परिवारजनों को 2-2 लाख रुपये की सहायता राशि दी जाएगी। मरीजों के इलाज का पूरा खर्च सरकार वहन करेगी। स्थिति पर नजर…
এই সন্দৰ্ভত মন্ত্ৰী কৈলাস বিজয়বৰ্গীয়ই কয়, "ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত চলি আছে । এই ঘটনাত যিয়ে দোষী সাব্যস্ত হয় তেওঁলোকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

