'২৬ ৰ বুকাৰ বঁটাৰ তালিকাত ভাৰতীয় মূলৰ কানাডিয়ান লেখিকা পদ্মা বিশ্বনাথনৰ অনুবাদ গ্ৰন্থ
ব্ৰাজিলৰ লেখিকা আনা প’লা মাইয়াৰ পৰ্তুগীজ ভাষাৰ On Earth As It Is Beneath নামৰ উপন্যাসখনৰ ইংৰাজী অনুবাদক হিচাপে স্থান লাভ কৰিছে বুকাৰৰ তালিকাত ।

Published : February 25, 2026 at 11:22 AM IST
নতুন দিল্লী: ভাৰতীয় মূলৰ কানাডিয়ান লেখিকা পদ্মা বিশ্বনাথনে ২০২৬ চনৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাৰ তালিকাত ব্ৰাজিলৰ লেখিকা আনা প’লা মাইয়াৰ পৰ্তুগীজ ভাষাৰ On Earth As It Is Beneath নামৰ উপন্যাসখনৰ ইংৰাজী অনুবাদক হিচাপে স্থান লাভ কৰিছে ।
লেখক আৰু অনুবাদকৰ মাজত সমানে ভাগ কৰা ৫০ হাজাৰ পাউণ্ডৰ এই বাৰ্ষিক পুৰস্কাৰটো যোৱা বছৰ কানাড়া লেখক বনু মুস্তাক আৰু অনুবাদক দীপা ভাষ্টীয়ে ‘হাৰ্ট লেম্প’ নামৰ চুটিগল্প সংকলনৰ বাবে লাভ কৰিছিল । আনহাতে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা বিশ্বনাথনে অনুবাদ কৰা এই কামৰ বিষয়ে বিচাৰক পেনেলে কয়, “অন আৰ্থ এজ ইট ইজ বিনিথ হৈছে ক্ষমতা, হিংসা, ধ্বংস আৰু প্ৰতিষ্ঠানিক দুৰ্নীতিৰ এক তীব্ৰ, অস্থিৰ অন্বেষণ যি বহুদিনৰ পিছতো পাঠকৰ মাজত টিকি থাকিব ।”
বুকাৰ বঁটাৰ বাবেমনোনীত ১৩খন গ্ৰন্থৰ তালিকা:
1. The Nights Are Quiet in Tehran by Shida Bazyar, translated from German by Ruth Martin, published by Scribe UK
2. We Are Green and Trembling by Gabriela Cabezón Cámara, translated from Spanish by Robin Myers, published by Harvill
3. The Remembered Soldier by Anjet Daanje, translated from Dutch by David McKay, published by Scribe UK
4. The Deserters by Mathias Énard, translated from French by Charlotte Mandell, published by Fitzcarraldo Editions
5. Small Comfort by Ia Genberg, translated from Swedish by Kira Josefsson, published by Wildfire
6. She Who Remains by Rene Karabash, translated from Bulgarian by Izidora Angel, published by Peirene Press
7. The Director by Daniel Kehlmann, translated from German by Ross Benjamin, published by riverrun
8. On Earth As It Is Beneath by Ana Paula Maia, translated from Portuguese by Padma Viswanathan, published by Charco Press
9. The Duke by Matteo Melchiorre, translated from Italian by Antonella Lettieri, published by Foundry Editions
10. The Witch by Marie NDiaye, translated from French by Jordan Stump, published by MacLehose Press
11. Women Without Men by Shahrnush Parsipur, translated from Persian by Faridoun Farrokh, published by Penguin International Writers
12. The Wax Child by Olga Ravn, translated from Danish by Martin Aitken, published by Viking
13. Taiwan Travelogue by Yáng Shuāng-zǐ, translated from Mandarin Chinese by Lin King, published by And Other Stories
৩১ মাৰ্চৰ ভিতৰত এই গ্ৰন্থসমূহৰ পৰা ছখন গ্ৰন্থ বাছনি কৰা হ'ব ৷ বাছনিকৃত প্ৰতিখন গ্ৰন্থৰ বাবে ৫ হাজাৰ পাউণ্ডৰ পুৰস্কাৰৰ নিশ্চয়তা দিয়া হ’ব ৷ কিতাপখনৰ লেখক আৰু ইংৰাজী অনুবাদকৰ মাজত সমানে এই ধনৰাশি ভগাই দিয়া হ’ব । ১৯ মে’ত লণ্ডনৰ টেট মডাৰ্ণত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত বিজয়ী কিতাপখনৰ ঘোষণা কৰা হ’ব ।
আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা প্ৰতি বছৰে কল্পকাহিনীৰ একক ৰচনাৰ বাবে প্ৰদান কৰা হয় ৷ সেয়া উপন্যাস বা চুটিগল্পৰ সংকলন যিকোনো হ'ব পাৰে ৷ আন ভাষাত লিখা আৰু ইংৰাজীলৈ অনুবাদ কৰা আৰু ব্ৰিটেইন বা আয়াৰলেণ্ডত প্ৰকাশ কৰা গ্ৰন্থ হ'ব লাগিব ।
(পি টি আইৰ ইনপুটৰ সৈতে)

