৯৫% নেটৱৰ্ক সংযোগ পুনৰুদ্ধাৰ কৰাৰ কথা ঘোষণা ইণ্ডিগ’ৰ
শুকুৰবাৰে প্ৰায় ৭০০ খন বিমান চলোৱাৰ খবৰৰ বিপৰীতে শনিবাৰে ইণ্ডিগ’ৱে ১৫০০ ৰো অধিক বিমান চলাচল কৰা বুলি দাবী কৰে ।

Published : December 7, 2025 at 9:56 AM IST
নতুন দিল্লী: বিগত কেইবাদিনো ধৰি বিমান বাতিলৰ ফলত বিমানবন্দৰত সৃষ্টি হোৱা বিশৃংখলতাৰ পিছত শনিবাৰে ইণ্ডিগ’ই কয় যে তেওঁলোকে যাত্ৰীক গন্তব্যস্থানত উপনীত কৰোৱাৰ ক্ষেত্ৰত নিজৰ নেটৱৰ্ক সংযোগৰ ৯৫ শতাংশ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
শনিবাৰে সন্ধিয়াৰ ভাগত জাৰি কৰা এক বিবৃতিত বিমান সংস্থাটোৱে কয় যে শনিবাৰে ১৩৮টা গন্তব্যস্থানৰ ভিতৰত ১৩৫টালৈ বিমান সেৱা আগবঢ়াইছে আৰু দিনটোৰ শেষলৈকে ১৫০০ৰো অধিক বিমান উৰণ-অৱতৰণৰ বাবে সাজু হৈছে ৷ বিমান সংস্থাটোৱে কয়, "আমি বুজি পাওঁ যে আমি বহু দূৰ যাবলৈ বাকী আছে, তথাপিও আমি আমাৰ গ্ৰাহকৰ আস্থা পুনৰ ঘূৰাই পাবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।"
পুনৰবাৰ ক্ষমা বিচাৰি ইণ্ডিগ’ৱে কয়, "আমি আমাৰ সকলো অংশীদাৰ আৰু চৰকাৰী সংস্থাক তেওঁলোকৰ অহৰহ সহায় আৰু পথ প্ৰদৰ্শনৰ বাবে ধন্যবাদ জনাইছোঁ । সৰ্বোপৰি আমি আমাৰ গ্ৰাহক আৰু কৰ্মচাৰীসকলক এই কঠিন সময়ৰ মাজেৰে ধৈৰ্য আৰু সহযোগিতাৰ বাবে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।”
A good news for passengers.@IndiGo6E again resumed a operations with 1,500 flights per day, marking a significant step toward restoring normalcy in their network, as confirmed in their press statement.
— Adv. Amit Kharkhari (@KharkhariAmit) December 6, 2025
A step once again toward smoother travel for everyone. 💙 #IndiGo #Aviation… pic.twitter.com/EADBSNRNrJ
কম খৰচী বিমান সংস্থাটোৱে যোৱা তিনিদিন ধৰি হাজাৰ হাজাৰ বিমান বাতিল কৰিছিল । শুকুৰবাৰৰ দিনটো বিমান বাতিলৰ ক্ষেত্ৰত 'গুৰুতৰভাৱে প্ৰভাৱিত দিন' হিচাপে বিবেচিত হৈছিল, কিয়নো প্ৰায় ১০০০খন বিমান বাতিল কৰা হৈছিল । শেহতীয়াকৈ নিজৰ নেটৱৰ্কত হোৱা ব্যাঘাতৰ সমাধান কৰাৰ দাবী কৰি ইণ্ডিগ’ৱে কয় যে তেওঁলোকে যথেষ্ট সংখ্যক বিমান বাতিল কৰিছে আৰু শনিবাৰে ১১৩টা গন্তব্যস্থান সংযোগ কৰি ৭০০ খনতকৈও অধিক বিমান চলাইছে ।
বিমান সংস্থাৰ এগৰাকী মুখপাত্ৰই কয়, "মূল উদ্দেশ্য আছিল নেটৱৰ্ক, চিষ্টেম আৰু ৰ'ষ্টাৰসমূহ পুনৰ আৰম্ভ কৰা । যাতে আমি আৰু অধিক সংখ্যক বিমান আৰু উন্নত স্থিৰতাৰে নতুনকৈ আৰম্ভ কৰিব পাৰো আৰু উন্নতিৰ কিছুমান প্ৰাৰম্ভিক লক্ষণ বৰ্তমান দেখা গৈছে ।"
অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে বিমান সংস্থাটোক ধমক দি দেওবাৰে অৰ্থাৎ ৭ ডিচেম্বৰৰ নিশা ৮.০০ বজাৰ ভিতৰত যাত্ৰা বাতিল হোৱা যাত্ৰীসকলক বাকী থকা ধন ঘূৰাই দিবলৈ কোৱাৰ কেইঘণ্টামানৰ পাছত সংস্থাটোৱে এই কথা প্ৰকাশ কৰে । এই নিৰ্দেশ পূৰণ নকৰিলে বিমান সংস্থাটোৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছিল মন্ত্ৰীগৰাকীয়ে ।
আকাশলংঘী মূল্যবৃদ্ধিৰ খবৰৰ মাজতে ইতিমধ্যে বিমান ভাড়াৰ সীমা নিৰ্ধাৰণ কৰিছে মন্ত্ৰালয়ে । অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মোহলে এক্সত এটা প'ষ্টত ভাড়াৰ সীমাৰ বিশদ বিৱৰণ দিয়া নিৰ্দেশটো শ্বেয়াৰ কৰে । তেওঁ কয় যে চৰকাৰে যাত্ৰীসকলক সুৰক্ষা প্ৰদান আৰু সুস্থিৰ, সুলভ বিমান যাত্ৰা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।
In public interest, the Ministry of Civil Aviation has issued fare caps to prevent unreasonable surge pricing caused by recent disruptions.
— Murlidhar Mohol (@mohol_murlidhar) December 6, 2025
We are committed to protecting passengers and ensuring stable, affordable air travel.@narendramodi @PMOIndia @RamMNK @MoCA_GoI pic.twitter.com/NfNZ3wuNv2
নিৰ্দেশটোত কোৱা হৈছে, "উপযুক্ত ভাড়াৰ সীমা প্ৰযোজ্য ইউ ডি এফ, পি এছ এফ আৰু কৰ ইয়াৰ আওতাত নপৰে । এই সীমা বিজনেছ ক্লাছ আৰু আৰ চি এছ-ইউ ডি এ এ এন বিমানৰ ক্ষেত্ৰতো প্ৰযোজ্য নহয় ।"
শুকুৰবাৰে ইণ্ডিগ’ই স্বীকাৰ কৰে যে বিগত কেইদিনমানৰ পৰা ঘটি থকা বিমানৰ ব্যাঘাতৰ মূল কাৰণ হৈছে ফ্লাইট ডিউটি টাইম লিমিটেচন(এফ ডি টি এল)ৰ দ্বিতীয় পৰ্যায়ৰ নীতি-নিয়ম কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ভুল বিচাৰ আৰু পৰিকল্পনাৰ ব্যৱধান । ইয়াত কোৱা হয়, "এই সমস্যাসমূহৰ সৈতে শীতকালীন বাধাই বিমান বাতিল আৰু পলমৰ ক্ষেত্ৰত অৰিহণা যোগাইছে ।”
সংস্থাটোৱে লগতে কয়, "সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীৰ অসুবিধা হ্ৰাস কৰিবলৈ ইণ্ডিগ’ৱে ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীলৈকে এ ৩২০ পৰিচালনাৰ বাবে নিৰ্দিষ্ট এফ ডি টি এলৰ বিধানৰ পৰা কাৰ্যকৰী তাৰতম্য/ৰেহাইৰ অনুৰোধ জনাইছে ।”
ইণ্ডিগ’ই নিয়ন্ত্ৰকক জনাই যে সংশোধনীমূলক ব্যৱস্থা চলি আছে আৰু ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সুস্থিৰ বিমান পৰিচালনা সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰা হ’ব । অৱশ্যে অহা কেইদিনমানৰ ভিতৰত আৰু অধিক বাতিল হোৱাৰ সম্ভাৱনা আছে ।
ডি জি চি এ জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বিমান সংস্থাটোৱে ৮ ডিচেম্বৰৰ পৰা বিমান চলাচল হ্ৰাস কৰিব, যাতে ব্যৱধান কম কৰিব পৰা যায় । এই ব্যাঘাতৰ পিছতে নাগৰিক উন্নয়ন মন্ত্ৰালয়ে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে ।

