ETV Bharat / bharat

পুনৰ কাৰ্যক্ষম ইণ্ডিগ’ৰ নেটৱৰ্ক, সময়মতে চলাচল ৯১ শতাংশ বিমানৰ

যোৱা সপ্তাহত বিমান চলাচলৰ সময়সূচীক লৈ দেখা দিয়া সমস্যাৰ অন্ত পৰাৰ ইংগিত দিছে ইণ্ডিগ’ৱে ৷

INDIGO CRISIS
প্ৰতীকী ফটো (ANI)
author img

By ANI

Published : December 9, 2025 at 2:22 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: বিগত কেইদিনমানত দেশী-বিদেশী লাখ লাখ যাত্ৰীক প্ৰভাৱিত কৰিছিল ইণ্ডিগ’ৰ বিমানসেৱাই ৷ বিমান চলাচলত জন্মা ব্যাঘাতৰ পিছত সোমবাৰে ইণ্ডিগ’ই সমগ্ৰ নেটৱৰ্কত ১৮০০ ৰো অধিক বিমান চলাচল কৰি থকাৰ কথা জানিবলৈ দিয়ে ৷ তদুপৰি বিমান সংস্থাটোৱে দেশৰ প্ৰতিটো বিমানবন্দৰক পুনৰ সংযোগ কৰাৰ চেষ্টা অব্য়াহত ৰখা বুলিও কয় ৷

বিমান সংস্থাটোৱে জনোৱা মতে, ৯১ শতাংশ বিমানৰ চলাচল নিৰ্ধাৰিত সময়ত কৰাৰ বাবেই বিমান চলাচল ব্যৱস্থাটো ক্ৰমাৎ সুস্থিৰ হৈছে ৷ ইয়ে যোৱা সপ্তাহত ইণ্ডিগ’ত বিমান চলাচলৰ সময়সূচীক লৈ দেখা দিয়া সমস্যাৰ অন্ত পৰাৰ ইংগিত দিছে ৷

ইণ্ডিগ’ৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি বিমান সংস্থাটোৱে কয় যে তেওঁলোকে যাতে অতি কমসংখ্যক বিমানৰ যাত্ৰাহে বাতিল কৰিবলগীয়া হয়, সেয়া নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই কথা সংস্থাটোৰ গ্ৰাহকসকলক বহু পূৰ্বেই জনোৱা বুলিও দাবী কৰে সংস্থাটোৱে ৷ বিবৃতিটোত কোৱা হৈছে যে নিৰ্ধাৰিত সময়ত ইণ্ডিগ’ৰ বিমানৰ চলাচল পূৰ্বৰ প্ৰায় ৭৫ শতাংশৰ পৰা সোমবাৰে ৯০ শতাংশলৈ বৃদ্ধি কৰা হৈছে ৷ একেদৰে চলাচল কৰা বিমানৰ সংখ্যা প্ৰায় ১৬৫০ ৰ পৰা ১৮০০ৰো অধিকলৈ বৃদ্ধি পাইছে । বিমান সংস্থাটোৰ মতে, নেটৱৰ্ক কভাৰেজ সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰা হৈছে ।

ইণ্ডিগ’ৱে কয় যে তেওঁলোকে ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সহায় কৰা আৰু বাকী থকা সমস্যাসমূহ সমাধান কৰাত মনোনিৱেশ কৰিছে । ইণ্ডিগ’ৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয়, ‘‘আমি আমাৰ গ্ৰাহকসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ প্ৰশ্ন আৰু অনুৰোধসমূহ যুদ্ধংদেহী মনোভাৱেৰে সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । ইয়াৰ বাবে আমি কেইবাটাও আভ্যন্তৰীণ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তুলিছো ৷’’

বিমান সংস্থাটোৱে লগতে জনাইছে যে চলিত বৰ্ষৰ ১৫ ডিচেম্বৰলৈকে বাতিল হোৱা বিমান সেৱাৰ বাবে ইতিমধ্যে ৮২৭ কোটি টকাৰ ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া চলি আছে । ইণ্ডিগ’ই এনেদৰে জনাইছে, ‘‘১-৭ ডিচেম্বৰৰ ভিতৰত বিমানবন্দৰত আবদ্ধ গ্ৰাহকৰ বাবে ৯৫০০ ৰো অধিক হোটেলৰ কোঠা আৰু প্ৰায় ১০ হাজাৰ কেব আৰু বাছৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে ৪৫০০ ৰো অধিক বেগ ঘূৰাই দিয়া হৈছে আৰু বাকী থকা বেগসমূহ পৰৱৰ্তী ৩৬ ঘণ্টাৰ ভিতৰত প্ৰকৃত গৰাকীৰ হাতত পৰাৰ সম্ভাৱনা আছে ।’’

ইণ্ডিগ’ৰ তথ্য অনুসৰি দৈনিক প্ৰায় দুই লাখ গ্ৰাহকক বিভিন্ন যোগাযোগ মাধ্যমৰ জৰিয়তে সহায় কৰা হৈছে । বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে যাত্ৰীসকলক তেওঁলোকৰ বিমানৰ শেহতীয়া স্থিতি পৰীক্ষা কৰি ৱেবছাইট বা গ্ৰাহক সেৱা চেনেলৰ জৰিয়তে ধন ঘূৰাই দিয়াৰ সহায় ল’বলৈ আহ্বান জনাইছে বিমান সংস্থাটোৱে ।

মুখপাত্ৰগৰাকীয়ে কয়, ‘‘আমি এই ব্যাঘাতৰ বাবে দুখ প্ৰকাশ কৰিছো আৰু আমাৰ সকলো গ্ৰাহকৰ ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো । আমি পুনৰ ক'ব বিচাৰিছো যে আমাৰ সকলো কাৰ্যকলাপে প্ৰাসংগিক এফ ডি টি এলৰ নীতি আৰু সুৰক্ষা নিয়মসমূহ সম্পূৰ্ণৰূপে মানি চলিছে, যিদৰে যোৱা দুটা দশক ধৰি চলি আহিছে । আমি কৰ্তৃপক্ষৰ সৈতে সম্পূৰ্ণ সহযোগিতাৰে কাম-কাজত স্বাভাৱিকতা ঘূৰাই অনাৰ কাম অব্যাহত ৰাখিছো ।’’

কৃতজ্ঞতা প্ৰকাশ কৰি মুখপাত্ৰগৰাকীয়ে কয়, ‘‘আমাৰ যাত্ৰীসকলে দেখুওৱা ধৈৰ্য আৰু বুজাবুজিৰ লগতে আমাৰ কৰ্মচাৰী আৰু অংশীদাৰসকলৰ অটল দায়বদ্ধতাৰ বাবে আমি গভীৰভাৱে কৃতজ্ঞ ।’’

লগতে পঢ়ক: ডি জি চি এক প্ৰতিবেদন দাখিল ইণ্ডিগ’ৰ, বিচাৰিলে ক্ষমা