৫০০ কিলোমিটাৰ দূৰত্বৰ বাবে ৭৫০০ টকা, ইণ্ডিগ’ৰ সংকটৰ মাজতে চৰকাৰী সিদ্ধান্ত
সাৱধান ! বিমানেৰে যাত্ৰা কৰাৰ পূৰ্বে দহবাৰ পৰীক্ষা কৰক যাত্ৰাসূচী । এইবাৰ বিমান ভাৰায়েও আপোনাৰ যাত্ৰাত লগাব পাৰে কেনা !

By PTI
Published : December 6, 2025 at 7:42 PM IST
নতুন দিল্লী : সৰ্বত্ৰে ইণ্ডিগ’ৰ বিমান সেৱাৰ চৰ্চা । ইণ্ডিগ’ৰ বিমানৰ সেৱাত ব্যাঘাত জন্মোৱাৰ ফলত বৃদ্ধি পাইছে বিমানৰ ভাৰা । ইয়াৰ মাজতে শনিবাৰে কেন্দ্ৰীয় চৰকাৰে দূৰত্বৰ ওপৰত ভিত্তি কৰি ৭,৫০০ ৰ পৰা ১৮,০০০ টকালৈ বিমান ভাৰা নিৰ্ধাৰণ কৰে । এই সীমাৰ অধীনত ৫০০ কিলোমিটাৰ পৰ্যন্ত বিমানৰ ভাৰা ৭,৫০০টকা আৰু ৫০০ৰ পৰা ১০০০ কিলোমিটাৰৰ ভিতৰৰ বিমানৰ ভাৰা ১২,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে ।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক আদেশত উল্লেখ কৰিছে যে প্ৰযোজ্য মাচুল বাদ দি ভাৰাৰ সীমা বিজনেছ ক্লাছ আৰু UDAN বিমানৰ বাবে প্ৰযোজ্য নহয় । কিন্তু এই সীমা ইকনমি ক্লাছৰ টিকটৰ ক্ষেত্ৰত প্ৰযোজ্য নে ইকনমি আৰু প্ৰিমিয়াম ইকনমি ক্লাছ দুয়োটা টিকটৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব সেই আদেশত স্পষ্ট কৰা হোৱা নাই ।
ইয়াৰ ভিতৰত ১০০০-১,৫০০ কিলোমিটাৰ বিমানৰ বাবে ১৫,০০০ টকা আৰু ১৫০০ কিলোমিটাৰৰ অধিক দূৰত্বৰ বিমানৰ বাবে ১৮,০০০ টকাৰ সীমা ।
এই সীমাৰ অৰ্থ হ’ল ১৩০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰা দিল্লী-মুম্বাই বিমানৰ নূন্যতম ইকনমি ক্লাছৰ ভাৰা ১৮ হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে । মন্ত্ৰালয়ে এক বিবৃতিত কয় যে পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে এই সীমাবদ্ধতা থাকিব ।
The Ministry of Civil Aviation has invoked its regulatory powers to ensure fair and reasonable fares across all affected routes.
— ANI (@ANI) December 6, 2025
Domestic scheduled airlines shall not charge the fares to passengers more than the limits specified below:
Maximum Fare Rs 7500 for Stage Length… https://t.co/JM6rT8Z4vu pic.twitter.com/t4Jq0scAOD
ইণ্ডিগ’ৰ সংকট আৰু বৃদ্ধি পোৱা বিমান ভাৰাৰ মাজতে চৰকাৰে ঘৰুৱা বিমানৰ ভাৰাৰ ওপৰত সীমা নিৰ্ধাৰণ কৰিছে । এই নিয়ম ২০২৫ চনৰ ৬ ডিচেম্বৰৰ পৰা তৎক্ষণাত কাৰ্যকৰী হ’ব । নতুন মূল্য তলত দিয়া ধৰণৰ -
দূৰত্ব (কিলোমিটাৰ) অনুসৰি সৰ্বোচ্চ ভাৰা-
- ০–৫০০ কিলোমিটাৰ ৭,৫০০ টকা
- ৫০০–১০০০ কিলোমিটাৰ ১২,০০০ টকা
- ১০০০–১৫০০ কিলোমিটাৰ ১৫,০০০ টকা
- ১৫০০ কিলোমিটাৰতকৈ অধিক ১৮ হাজাৰ টকা

