ETV Bharat / bharat

ইণ্ডিগ’ৰ মুৰব্বীলৈ কাৰণ দৰ্শোৱাৰ জাননী, ২৪ ঘণ্টাৰ ভিতৰত বিচাৰিলে উত্তৰ

জাননীখনত উল্লেখ কৰা হৈছে যে বিমান সেৱাত বাধাৰ সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে সংশোধিত প্ৰয়োজনীয়তা পূৰণৰ বাবে পৰ্যাপ্ত ব্যৱস্থাৰ অভাৱ ।

INDIGO FLIGHT CANCELLATIONS
ইণ্ডিগ’ৰ মুৰব্বী পিটাৰ এলবাৰ্ছ (ANI)
author img

By ETV Bharat Assamese Team

Published : December 7, 2025 at 1:09 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: শনিবাৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে(ডি জি চি এ) ইণ্ডিগ’ৰ মুৰব্বী পিটাৰ এলবাৰ্ছ আৰু একাউণ্ট মেনেজাৰ ইচিড্ৰ’ পৰ্কেৰাছলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে ৷ বিমান পৰিবহণ সংস্থাটোৰ মইমতালিৰ বাবে দেশজুৰি হাজাৰ হাজাৰ যাত্ৰী আবদ্ধ হৈ পৰাত বিমান সেৱাত যি ব্যাঘাত জন্মিছে, তাৰ প্ৰতি সঁহাৰি জনাবলৈও ইণ্ডিগ’ক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ৷

বিগত পাঁচ দিনত ইণ্ডিগ’ৰ কাম-কাজ ব্যাহত হৈ পৰাত শ শ বিমান বাতিল আৰু পলম হোৱাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে । উল্লেখ্য যে, ভাৰতীয় বিমান পৰিবহণ খণ্ডত ইণ্ডিগ’ এয়াৰলাইন্সৰ বজাৰ অংশীদাৰিত্ব হৈছে ৬০% তকৈ অধিক । এলবাৰ্ছ আৰু পৰ্কেৰাছলৈ প্ৰেৰণ কৰা এখন জাননীত সঞ্চালকালয়ে কয় যে ব্যাপক কাৰ্যকৰী বিফলতাই পৰিকল্পনা, তত্বাৱধান আৰু সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত যথেষ্ট ত্ৰুটি প্ৰতিফলিত কৰে ।

উল্লেখ্য যে, পৰ্কেৰাছ ইণ্ডিগ’ৰ একাউণ্টছ মেনেজাৰ আৰু মুখ্য পৰিচালন বিষয়া ৷ নিয়ন্ত্ৰকগৰাকীয়ে এলবাৰ্ছলৈ প্ৰেৰণ কৰা জাননীত কয়, ‘‘মুৰব্বী হিচাপে আপুনি বিমান সংস্থাটোৰ পৰিচালনাৰ বাবে দায়বদ্ধ ৷ কিন্তু নিৰ্ভৰযোগ্য পৰিচালনাৰ লগতে সময়মতে ব্যৱস্থা নিশ্চিত কৰাৰ লগতে যাত্ৰীসকলক প্ৰয়োজনীয় সুবিধা প্ৰদান কৰাত আপুনি নিজৰ কৰ্তব্যত পালনত ব্যৰ্থ হৈছে ।’’

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এলবাৰ্ছ আৰু পৰ্কেৰাছক ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ জাননীখনত উল্লেখ কৰা হৈছে, ‘‘বিমান সংস্থাটোৰ বাবে অনুমোদিত এফ ডি টি এল(ফ্লাইট ডিউটি ​​টাইম লিমিটেশ্যন) আঁচনিখন সূচাৰুৰূপে ৰূপায়ণৰ বাবে সংশোধিত প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে পৰ্যাপ্ত ব্যৱস্থাৰ ব্যৱস্থা নকৰাটোৱেই হৈছে বিমান সেৱাৰ ব্যাঘাতৰ প্ৰধান কাৰণ ।’’

শনিবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ লগতে এলবাৰ্ছৰ সৈতে পৰিস্থিতি পৰ্যালোচনা আৰু সমস্যাসমূহৰ সমাধানৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ কথা জানিবলৈ দিয়ে এজন চৰকাৰী বিষয়াই ৷

তদন্ত সমিতিৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি ইণ্ডিগ’ৰ বিমানত ব্যাঘাত জন্মা সন্দৰ্ভত কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক: ৯৫% নেটৱৰ্ক সংযোগ পুনৰুদ্ধাৰ কৰাৰ কথা ঘোষণা ইণ্ডিগ’ৰ