ETV Bharat / bharat

যাত্ৰীক ক্ষতিপূৰণ দিব লাগিব ৯ হাজাৰ কোটি টকা ! ইণ্ডিগ'লৈ আইনী জাননী

ছত্তীশগড় নাগৰিক সমাজে যাত্ৰীসকলৰ হৈ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীলৈও পঠিয়ালে বিতং অভিযোগ পত্ৰ ।

Representative image
প্ৰতিনিধিত্বমূলক ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 3:32 PM IST

3 Min Read
Choose ETV Bharat

ৰায়পুৰ (ছত্তীশগড়) : বিগত ৬ দিনত ইণ্ডিগ’ এয়াৰলাইন্সে সমগ্ৰ দেশতে ৩৪৫০ খনতকৈও অধিক বিমানৰ যাত্ৰা বাতিল কৰিছে । ইয়াৰ পিছতেই ছত্তীশগড় নাগৰিক সমাজে গ্ৰহণ কৰিলে দৃঢ় পদক্ষেপ । ছত্তীশগড় নাগৰিক সমাজে বিমান সংস্থাটোৰ পৰিচালনা মণ্ডলীলৈ জাৰি কৰিছে আইনী জাননী ।

ছ’চাইটিৰ আহ্বায়ক ডাঃ কুলদীপ ছোলাংকিয়ে ইণ্ডিগ’ এয়াৰলাইন্সৰ পৰিচালন সঞ্চালক/মুখ্য কার্যবাহী বিষয়ালৈ এই জাননী প্রেৰণ কৰিছে । নাগৰিক সমাজে উক্ত জাননীখনত উল্লেখ কৰিছে যে এই কার্যই কেৱল যাত্রীৰ অধিকাৰ উলংঘা কৰাই নহয়, ভাৰতীয় আইন আৰু অসামৰিক বিমান পৰিবহণৰ নিয়মৰ প্ৰতিও অৱজ্ঞা কৰিছে ।

ডাঃ ছোলাংকিয়ে কয়,"ইণ্ডিগ’ এয়াৰলাইন্সে পূৰ্বৰ জাননী অবিহনে আৰু উপযুক্ত কাৰণ নিদিয়াকৈয়ে হাজাৰ হাজাৰ যাত্ৰীৰ ভ্ৰমণ পৰিকল্পনাত ইচ্ছাকৃতভাৱে ব্যাঘাত জন্মাইছে । এই যাত্ৰীসকলে যথেষ্ট আৰ্থিক লোকচান, মানসিক অশান্তি, সময় হেৰুৱাবলগীয়া হৈছে । আক্ৰান্তসকলৰ যথেষ্ট সংখ্যক জ্যেষ্ঠ নাগৰিক, শিশু, মহিলা, ৰোগী, ব্যৱসায়ী আদি । এই ব্যক্তিসকলৰ বাবে হঠাতে বিমান বাতিল হোৱাটো দুৰ্যোগতকৈও কম নহয় ।"

CHHATTISGARH CIVIL SOCIETY
প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা ছত্তীশগড় নাগৰিক সমাজৰ অভিযোগ পত্ৰ (ETV Bharat)

ছত্তীশগড় নাগৰিক সমাজে নিজৰ জাননীত স্পষ্টকৈ উল্লেখ কৰিছে যে ইণ্ডিগ’ৰ এই কাৰ্যই ভাৰতীয় চুক্তি আইন, ১৮৭২, গ্ৰাহক সুৰক্ষা আইন, ২০১৯, বিমান পৰিবহণৰ নিয়ম আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডি জি চি এ)ৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনা গুৰুতৰভাৱে উলংঘা কৰিছে । নাগৰিক সমাজে ইয়াক 'চুক্তি ভংগ' আৰু 'সেৱা'ৰ অভাৱৰ স্পষ্ট ক্ষেত্ৰ বুলি অভিহিত কৰিছে ।

এই জাননীখনত ইণ্ডিগ’ এয়াৰলাইন্সক নিৰ্দেশ দিয়া হৈছে যে প্ৰতিগৰাকী আক্ৰান্ত যাত্ৰীয়ে টিকটৰ মূল্যৰ কমেও দহগুণ লাভ কৰাৰ লগতে হোটেলৰ খৰচ, বিকল্প ভ্ৰমণ, চিকিৎসাৰ খৰচকে ধৰি সকলো প্ৰত্যক্ষ লোকচানৰ সম্পূৰ্ণ পৰিশোধ পাঁচ দিনৰ ভিতৰত কৰিব লাগিব । এই বৃহৎ সংখ্য়ক বিমান বাতিলৰ কাৰণসমূহৰ প্ৰকৃত আৰু উপযুক্ত বিবৃতিও ৰাজহুৱাভাৱে প্ৰকাশ কৰিবলৈ বিমান সংস্থাটোক কোৱা হৈছে ।

ছত্তীশগড় নাগৰিক সমাজে আৰু কয় যে ক্ষতিগ্ৰস্ত যাত্ৰীসকলৰ হৈ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীলৈ বিতং অভিযোগ প্ৰেৰণ কৰা হৈছে । এই অভিযোগত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিশেষ তদন্ত, ইণ্ডিগ’ এয়াৰলাইন্সৰ বিৰুদ্ধে ৯,০০০ কোটি টকাৰ জৰিমনা ​​আৰু ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিবলৈ কঠোৰ নতুন আইন প্ৰণয়নৰ আহ্বান জনোৱা হৈছে ।

জাননীখনত স্পষ্টভাৱে সতৰ্ক কৰি দিয়া হৈছে যে যদিহে বিমান সংস্থাটোৱে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ক্ষতিপূৰণ আৰু জবাবদিহি নিশ্চিত নকৰে তেন্তে ছ’চাইটিয়ে ক্ষতিগ্ৰস্ত যাত্ৰীসকলৰ সৈতে আইনী ব্যৱস্থা গ্ৰহণ কৰিব ।

এই আইনী ব্য়ৱস্থা কেনেদৰে গ্ৰহণ কৰিব ?

  • ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিৰাময় আয়োগ (এন চি ডি আৰ চি)ত ৰাজহুৱা গোচৰ
  • সংশ্লিষ্ট দেৱানী আদালতত চুক্তি ভংগ আৰু ক্ষতিৰ গোচৰ
  • ডি জি চি এ আৰু অন্যান্য কৰ্তৃপক্ষৰ ওচৰত অপৰাধমূলক অভিযোগ দাখিল কৰা

ছ’চাইটিয়ে লগতে কয় যে ইণ্ডিগ’ এয়াৰলাইন্সেই এই কাৰ্যবিধিৰ সকলো আইনী ব্য়য়, ক্ষতিপূৰণ আৰু মাচুলৰ বাবে একমাত্ৰ দায়বদ্ধ হ’ব । কিয়নো এই সংকট ইয়াৰ স্বেচ্ছাচাৰী আৰু দায়িত্বহীন নীতিৰ ফল । ছত্তীশগড় নাগৰিক সমাজে ইণ্ডিগ’ পৰিচালনা সমিতিক এই বিষয়টোক গুৰুত্বসহকাৰে লৈ শীঘ্ৰে সংশোধনী ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:কিহৰ বাবে এই অৱস্থা ? আজি সন্ধিয়া ৬ বজাৰ ভিতৰত উত্তৰ দিব লাগিব ইণ্ডিগ’ৱে

ডি জি চি এক প্ৰতিবেদন দাখিল ইণ্ডিগ’ৰ, বিচাৰিলে ক্ষমা