ETV Bharat / bharat

ডি জি চি এক প্ৰতিবেদন দাখিল ইণ্ডিগ’ৰ, বিচাৰিলে ক্ষমা

বিমান সংস্থাটোৱে নিঃচৰ্তভাৱে ক্ষমা বিচৰাৰ লগতে বিমানসেৱাত জন্মা ব্যাঘাতৰ সঠিক কাৰণসমূহ নিৰ্ণয় কৰাটো সম্ভৱ নহয় বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল ৷

INDIGO CRISIS
প্ৰতীকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 12:18 PM IST

3 Min Read
Choose ETV Bharat

সুৰভি গুপ্তাৰ প্ৰতিবেদন

নতুন দিল্লী: ইণ্ডিগ’ই অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডি জি চি এ) ৰ ওচৰত দাখিল কৰিছে প্ৰতিবেদন । ডি জি চি এয়ে এই সম্পৰ্কে সম্প্ৰতি পৰ্যালোচনা কৰি আছে । ইণ্ডিগ’ সংকটৰ ফলত দেশৰ প্ৰায় আটাইকেইটা বিমানবন্দৰত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ লগতে বিমান যাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা সময় বাগৰাৰ লগে লগে অধিক কঠিন হৈ পৰিছে ৷

ইণ্ডিগ’ৰ মুৰব্বী আৰু মুখ্য পৰিচালন বিষয়াৰ স্বাক্ষৰ সম্বলিত প্ৰতিবেদন অথবা জাননীৰ উত্তৰ সোমবাৰে সন্ধিয়া ৬.০১ বজাত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক দাখিল কৰা হয় ।

বিমান সংস্থাটোৱে নিজৰ আবেদনত নিঃচৰ্ত ক্ষমা বিচাৰি কয় যে তেওঁলোকে গভীৰভাৱে দুখী ৷ লাখ লাখ যাত্ৰীৰ অসুবিধাৰ বাবে অনুশোচনাও কৰে ইণ্ডিগ’ৱে । ইণ্ডিগ’ৱে এই সংকটৰ কাৰণ কেইবাটাও কাৰকৰ সংমিশ্ৰণৰ প্ৰভাৱ বুলি কয়, যি সঁচাকৈয়ে দুৰ্ভাগ্যজনক আৰু অপ্ৰত্যাশিত ৷

কিন্তু নিজৰ নেটৱৰ্ক সম্বন্ধীয় কাৰ্যকলাপৰ জটিলতা আৰু পৰিসৰৰ কথা উল্লেখ কৰি এই পৰ্যায়ত বাস্তৱিকভাৱে সঠিক কাৰণসমূহ চিনাক্ত কৰাটো সম্ভৱ নহয় বুলি বিমান সংস্থাটোৱে দাবী কৰে । ডি জি চি এৰ নিৰ্দেশনাৰ কথা উল্লেখ কৰি ইণ্ডিগ’ই কয় যে বিমান সংস্থাসমূহক সাধাৰণতে কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিবলৈ ১৫ দিনৰ সময় দিয়া হয় ৷ সামগ্ৰিকভাৱে বিষয়টোৰ মূল কাৰণ বিশ্লেষণ(RCA) সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময়ৰ অনুৰোধ জনোৱা হৈছিল । চূড়ান্ত প্ৰতিবেদন সম্পূৰ্ণ হ’লে নিয়ন্ত্ৰকৰ সৈতে ভাগ কৰা হ’ব বুলিও আশ্বাস দিয়ে ইণ্ডিগ’ৱে ৷

ইণ্ডিগ’ৱে এই ব্যাঘাতৰ আঁৰৰ প্ৰাৰম্ভিক অৰিহণা যোগোৱা কাৰকসমূহক তালিকাভুক্ত কৰে ৷ য’ত সৰু সৰু কাৰিকৰী ত্ৰুটি, শীতকালীন সময়সূচীৰ পৰিৱৰ্তন, প্ৰতিকূল বতৰ, সমগ্ৰ ব্যৱস্থাটোত বৃদ্ধি পোৱা যানজঁট আৰু ক্ৰুসকলৰ বাবে দ্বিতীয় পৰ্যায়ৰ বিমানৰ কৰ্তব্য সময়সীমা (এফ ডি টি এল) ৰূপায়ণৰ প্ৰত্যাহ্বান আদিক অন্তৰ্ভুক্ত কৰা হৈছে ।

বিমান সংস্থাটোৱে কয় যে ডি জি চি এৰ সৈতে তেওঁলোকে ধাৰাবাহিকভাৱে আলোচনা কৰি আছে ৷ তদুপৰি তেওঁলোকে আপডেট কৰা ক্ৰু ডিউটি ​​নৰ্মছৰ পৰিৱৰ্তন বা সম্প্ৰসাৰণ বিচাৰিছে ৷ কোম্পানীটোৱে দাবী কৰিছে যে ডিচেম্বৰৰ আৰম্ভণিতে কাম কমি অহাৰ সময়তে বৃদ্ধি পাইছে এই হেঁচা ।

ক্ৰুৰ উপলব্ধতা হ্ৰাসৰ লগতে সমগ্ৰ নেটৱৰ্কতে ব্যাঘাত জন্মাৰ বাবে ইণ্ডিগ’ই কয় যে ৫ ডিচেম্বৰত তেওঁলোকে এক কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য হৈছে, য'ত নেটৱৰ্কব্যাপী "ৰিবুট" অন্তৰ্ভুক্ত কৰা হৈছে । য’ত বিমানৰ পুনৰ স্থানান্তৰ কৰা, ক্ৰুসকলক পুনৰ সংগঠিত কৰিবলৈ আৰু বিমানবন্দৰত যানজঁট হ্ৰাস কৰিবলৈ বৃহৎ সংখ্যক বিমান বাতিল কৰা হৈছিল । বিমান সংস্থাটোৱে কয় যে এই পুনৰ নিৰ্ধাৰণ কাৰ্যসূচীয়ে ৬ ডিচেম্বৰৰ পৰা বিমান সেৱা সুস্থিৰ কৰাত সহায় কৰিছে ৷

বিমান সংস্থাটোৱে লগতে কয় যে ডি জি চি এৰ যাত্ৰী অধিকাৰ নিয়মৰ অধীনত সময়োপযোগী তথ্য, খাদ্য, থকাৰ ব্যৱস্থা আৰু পৰিবহণৰ ব্যৱস্থা যথাসম্ভৱ প্ৰদান কৰা হৈছে ৷ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত যাত্ৰীসকলৰ ক্ষেত্ৰত পৰ্যাপ্ত ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াও অব্যাহত ৰখা হৈছে ।

ডি জি চি এ-ই কয় যে বৰ্তমান ইয়াৰ সঁহাৰি পৰীক্ষা কৰি থকা হৈছে আৰু প্ৰয়োজন হ’লে সঠিক সময়ত সঠিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ইণ্ডিগ’ৰ ব্যাখ্যা আৰু প্ৰশমন ব্যৱস্থা সেয়া নিৰ্ণয় কৰিবলৈ যথেষ্ট হয় নে নহয়, তাৰো পৰীক্ষা কৰিছে বিমান নিয়ন্ত্ৰকে । এনে নহ’লে দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোক জৰিমনা আৰু সংশোধনীৰ নিৰ্দেশনা দিয়াৰ সম্ভাৱনা আছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ৷

লগতে পঢ়ক: ইণ্ডিগ’ৰ মুৰব্বীলৈ কাৰণ দৰ্শোৱাৰ জাননী, ২৪ ঘণ্টাৰ ভিতৰত বিচাৰিলে উত্তৰ