দেশজুৰি বিমানযাত্ৰীক ঘটিয়ে ঘটিয়ে পানী খুৱাইছে ইণ্ডিগ'ৱে: ১৮০ খনতকৈও অধিক বিমান বাতিল
দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, বেংগালুৰু আৰু হায়দৰাবাদ বিমানবন্দৰত ইণ্ডিগ'ৰ অন টাইম পাৰফৰমেন্স (অ’ টি পি) ১৯.৭ শতাংশলৈ হ্ৰাস পায় ৩ ডিচেম্বৰত ৷

Published : December 4, 2025 at 2:01 PM IST
মুম্বাই : ঘৰুৱা বিমান সংস্থা ইণ্ডিগ’ই বৃহস্পতিবাৰে দেশৰ তিনিটা ডাঙৰ বিমানবন্দৰৰ পৰা ১৮০ খনতকৈও অধিক বিমান বাতিল কৰিছে ৷ গুৰুগ্ৰামস্থিত বিমান সংস্থাটোৱে পাইলটৰ বাবে বিমান কৰ্তব্য আৰু জিৰণি সময়ৰ নতুন নিয়মৰ বাবে বিমান চলাচলৰ ক্ষেত্ৰত প্ৰয়োজনীয় ক্ৰুৰ ব্যৱস্থা কৰাত অসুবিধাৰ সন্মুখীন হৈছে ৷
পি টি আইক এক সূত্ৰই জনোৱা মতে, ইণ্ডিগ’ই বৃহস্পতিবাৰে তিনিটা বিমানবন্দৰ- মুম্বাই, দিল্লী আৰু বেংগালুৰুত ১৮০খনতকৈও অধিক বিমান বাতিল কৰিছে ৷ মুম্বাই বিমানবন্দৰত দিনটোৰ বাবে বাতিল কৰা বিমানৰ সংখ্যা ৮৬খন (৪১খন আগমন আৰু ৪৫খন প্ৰস্থান) হোৱাৰ বিপৰীতে বেংগালুৰুত ৪১খন আগমন বিমানকে ধৰি ৭৩খন বিমান বাতিল কৰা হৈছে ৷ ইয়াৰ উপৰিও বৃহস্পতিবাৰে দিল্লী বিমানবন্দৰত ৩৩খন বিমানৰ উৰণ-অৱতৰণ বাতিল কৰা বুলি সূত্ৰটোৱে উল্লেখ কৰি দিনটোৰ শেষলৈকে বাতিলৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে ৷
৩ ডিচেম্বৰত ছটা গুৰুত্বপূৰ্ণ বিমানবন্দৰ ক্ৰমে দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, বেংগালুৰু আৰু হায়দৰাবাদত বিমান সংস্থাটোৰ অন টাইম পাৰফৰমেন্স (অ’ টি পি) ১৯.৭ শতাংশলৈ হ্ৰাস পায়, কাৰণ বিমান সংস্থাটোৱে নিজৰ সেৱা চলাবলৈ প্ৰয়োজনীয় ক্ৰু লাভ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে ৷
বুধবাৰে পি টি আইক এক সূত্ৰই জনায়, "এফ ডি টি এল (ফ্লাইট ডিউটি টাইম লিমিটেচন)ৰ দ্বিতীয় পৰ্যায়ৰ নিয়ম কাৰ্যকৰী হোৱাৰ পিছৰে পৰা ইণ্ডিগ’ তীব্ৰ ক্ৰুৰ নাটনিৰ সন্মুখীন হৈছে, যাৰ ফলত সমগ্ৰ বিমানবন্দৰসমূহত ইয়াৰ উৰণ-অৱতৰণ বাতিল আৰু বহু পলম হৈছে ৷
ইতিমধ্যে ডি জি চি এই এই সন্দৰ্ভত তদন্ত কৰি থকা বুলি জনাইছে আৰু বিমান সংস্থাটোক বৰ্তমানৰ পৰিস্থিতিৰ কাৰণ দাখিল কৰিবলৈ কৈছে, লগতে বিমান বাতিল আৰু পলম হ্ৰাস কৰাৰ পৰিকল্পনাও দাখিল কৰিবলৈ কয় ৷
উল্লেখ কৰিব পাৰি যে পাইলট সকলৰ সংস্থা ফেডাৰেচন অৱ ইণ্ডিয়ান পাইলটছে (এফ আই পি) অভিযোগ কৰিছে যে ককপিটৰ ক্ৰুৰ বাবে নতুন বিমানৰ কৰ্তব্য আৰু জিৰণিৰ সময়ৰ নিয়ম সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পূৰ্বে দুবছৰৰ প্ৰস্তুতিৰ সময় পোৱাৰ পিছতো ইণ্ডিগ’ই 'ব্যাখ্যাহীনভাৱে' 'হায়াৰিং ফ্ৰীজ' গ্ৰহণ কৰিছিল ৷
এফ আই পিয়ে কয় যে তেওঁলোকে সুৰক্ষা নিয়ন্ত্ৰক ডি জি চি এক আহ্বান জনাইছে যে বিমান সংস্থাসমূহৰ ঋতুভিত্তিক বিমানৰ সময়সূচী অনুমোদন নকৰিব যদিহে তেওঁলোকৰ সেৱাসমূহ নিউ ফ্লাইট ডিউটি টাইম লিমিটেচন (এফ ডি টি এল)ৰ নীতি অনুসৰি 'নিৰাপদ আৰু নিৰ্ভৰযোগ্যভাৱে' চলাবলৈ পৰ্যাপ্ত কৰ্মচাৰী নাথাকে ৷
বুধবাৰে সন্ধিয়া অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়লৈ লিখা এখন পত্ৰত এফ আই পি য়ে ডি জি চি এক আহ্বান জনাইছে যে যদি ইণ্ডিগ'ৱে 'নিজৰ পৰিহাৰযোগ্য কৰ্মচাৰীৰ অভাৱৰ বাবে যাত্ৰীসকলৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈ থাকে তেন্তে শীৰ্ষ ছুটী আৰু কুঁৱলীৰ বতৰত বিঘিনি নোহোৱাকৈ চলাব পৰা ক্ষমতা থকা অন্যান্য বিমান সংস্থাসমূহলৈ স্লটসমূহ পুনৰ মূল্যায়ন আৰু পুনৰ আবণ্টন কৰাৰ কথা বিবেচনা কৰিবলৈ ৷
চেন্নাই বিমানবন্দৰত এজন যাত্ৰীয়ে এ এন আইক কয়, "ইণ্ডিগ'ৰ সেৱাত মই বিৰক্ত হৈ পৰিছো । কালি মোৰ মুম্বাইৰ পৰা কলকাতালৈ পোনপটীয়া বিমান আছিল, কিন্তু চেন্নাই হৈ বাতিল কৰি পুনৰ সময় নিৰ্ধাৰণ কৰা হৈছিল । চেন্নাই পোৱাৰ পিছত সেই বিমানখনো বাতিল কৰা হৈছিল । তাৰ পিছত তেওঁলোকে মোৰ চেন্নাইৰ পৰা প'ৰ্ট ব্লেয়াৰলৈ আৰু আগলৈ কলকাতালৈ যোৱা যাত্ৰাটো পুনৰ সংশোধন কৰিছিল । এতিয়া মোৰ আন এটা বাৰ্তা আহিছে যে প'ৰ্ট ব্লেয়াৰৰ পৰা কলকাতালৈ বিমান যাত্ৰাও বাতিল কৰা হৈছে ৷"
লগতে পঢ়ক : যাত্ৰাৰ পূৰ্বে নিশ্চিত হওক, বাতিল কৰা হৈছে কেইবাখনো বিমান

