ETV Bharat / bharat

সৰ্বাধিক দীঘলীয়া সময়ৰ বাবে নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে অভিলেখ প্ৰধানমন্ত্ৰী মোদীৰ : সম্পূৰ্ণ কৰিলে ৮,৯৩১ দিনীয়া কাৰ্যকাল

গুজৰাটৰ সৰ্বাধিক দীঘলীয়া সময়ৰ বাবে দায়িত্ব চম্ভালা মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

PM Modi Sets Record
প্ৰধানমন্ত্ৰী মোদীৰ ফাইল ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 6:03 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : কেইবাটাও নতুন অভিলেখৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাজনীতিত এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে ৷ দেশৰ ভিতৰতে সৰ্বাধিক দীৰ্ঘদিনীয়া সময়ৰ বাবে নিৰ্বাচিত চৰকাৰৰ মুৰব্বীত পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী মোদী ।

ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে ৮,৯৩০ দিন ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা পৱন কুমাৰ চামলিঙক চেৰ পেলায় । বৰ্তমান তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে মিলি ৮,৯৩১ দিনৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ অভিলেখ স্থাপন কৰিছে ৷ তেওঁৰ শীৰ্ষ নেতৃত্বৰ ভূমিকা পালন কৰাৰো ২৫ বছৰ পূৰ্ণ হৈছে ৷

প্ৰধানমন্ত্ৰীগৰাকীৰ এই কৃতিত্ব বিৰল আৰু উল্লেখযোগ্য সাফল্য হিচাপে পৰিচিত হৈছে, যিয়ে দশক দশক ধৰি চলি অহা নিৰৱচ্ছিন্ন জনসেৱা আৰু শীৰ্ষ পৰ্যায়ৰ ৰাজনৈতিক নেতৃত্বক প্ৰতিফলিত কৰিছে । ৰাজনৈতিক জীৱনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ আটাইতকৈ দীৰ্ঘ সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে পূৰ্বৰ সকলো অভিলেখ ভাঙি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

স্বাধীনতাৰ পিছত জন্মগ্ৰহণ কৰা ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে ২০১৪, ২০১৯ আৰু ২০২৪ চনত একেৰাহে তিনিবাৰকৈ লোকসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰধানমন্ত্ৰী মোদীৰ এই কৃতিত্ব তেখেতৰ ৰাজনৈতিক দীৰ্ঘায়ু আৰু অবিৰত জনসমৰ্থনক আলোকপাত কৰিছে ৷

২০০১ চনৰ ৭ অক্টোবৰত প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২১ মে’লৈকে পদটোত অধিষ্ঠিত আছিল ।ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ ১৩ বছৰতকৈও অধিক সময় ৰাজ্যখনৰ নেতৃত্ব বহন কৰিছিল । ২০১৪ চনৰ ২৬ মে’ত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ চতুৰ্দশগৰাকী প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি লোকসভাত নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰা প্ৰথমগৰাকী অ-কংগ্ৰেছী নেতাত পৰিগণিত হয় ।

পৰৱর্তী সময়ত তেওঁ দুটাকৈ পূৰ্ণাংগ কাৰ্যকালৰ প্ৰথমগৰাকী অ-কংগ্ৰেছ প্ৰধানমন্ত্ৰী আৰু একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যনিৰ্বাহ কৰা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীত পৰিগণিত হয় । এই সাফল্যৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে চলিত বছৰত বিশেষকৈ ডিজিটেলখণ্ডত আন কেইবাটাও উল্লেখযোগ্য সাফল্যও অৰ্জন কৰিছে ।

চলিত মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীৰ ইউ টিউব চেনেলে ৩ কোটি গ্ৰাহকক অতিক্ৰম কৰি এই প্লেটফৰ্মত সৰ্বাধিক ফল’ৱাৰ্ছ থকা বিশ্বৰ অন্যতম নেতা হিচাপে তেওঁৰ স্থান আৰু অধিক শক্তিশালী কৰি তুলিছিল । এই দিশত প্ৰধানমন্ত্ৰীগৰাকীয়ে একাংশ অন্যান্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাতকৈ বহু পৰিমাণে আগবাঢ়ি আছে ।

বিগত ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীৰ ইনষ্টাগ্ৰামত ফ’ল’ৱাৰ্ছৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰাত এই প্লেটফৰ্মত মাইলৰ খুঁটি অৰ্জন কৰা প্ৰথমগৰাকী বিশ্ব নেতা আৰু ৰাজনীতিবিদত পৰিগণিত হৈছে । ২০১৪ চনত ইনষ্টাগ্ৰাম একাউণ্ট খোলাৰে পৰা প্ৰধানমন্ত্ৰীৰ উপস্থিতি ক্ৰমাগতভাৱে বিশ্বৰ অন্যান্য নেতাসকলৰ তুলনাত আটাইতকৈ সক্ৰিয় আৰু বহুলভাৱে অনুসৰণ কৰা একাউণ্টত পৰিণত হৈছে ৷ যিয়ে ভাৰতৰ ভিতৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জনসাধাৰণক আকৰ্ষিত কৰাৰ লক্ষ্যৰে এক স্থায়ী কৌশলক প্ৰতিফলিত কৰিছে । বৰ্তমান সামাজিক মাধ্যমৰ প্লেটফৰ্মত প্ৰধানমন্ত্ৰী মোদীৰ ১০ কোটি ১০ লাখ ফ’ল’ৱাৰ্ছ আছে । আনহাতে, এক্সত প্ৰধানমন্ত্ৰী মোদীৰ ১০৬.৪ মিলিয়ন ফ’ল’ৱাৰ্ছ আছে ।

লগতে পঢ়ক: প্ৰতি টোপাল পানী সংৰক্ষণ কৰক; বিশ্ব জল দিৱসত দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান