ETV Bharat / bharat

ৰামোজী ফিল্ম চিটীৰ প্ৰশংসাত পঞ্চমুখ ৰাষ্ট্ৰদূত পুনীত আগৰৱাল

ৰামোজী ফিল্ম চিটী পৰিদৰ্শন কৰি অভিভূত হৈ পৰে থাইলেণ্ডস্থিত ভাৰতৰ নৱনিযুক্ত ৰাষ্ট্ৰদূত পুনীত আগৰৱাল আৰু তেওঁৰ পৰিয়াল ।

India's Ambassador to Thailand, Puneet Agarwal with his family visited the Ramoji Film City in Hyderabad
ৰামোজী ফিল্ম চিটীৰ প্ৰশংসাত পঞ্চমুখ ৰাষ্ট্ৰদূত পুনীত আগৰৱাল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 4:09 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : থাইলেণ্ডত ভাৰতৰ নৱনিযুক্ত ৰাষ্ট্ৰদূত পুনীত আগৰৱালে এছিয়াৰ সৰ্ববৃহৎ 'ৰামোজী ফিল্ম চিটী' পৰিদৰ্শন কৰি অভিভূত হৈ পৰে । ৰামোজী ফিল্ম চিটীৰ প্ৰশংসা কৰি তেওঁ ইয়াক 'আশ্চৰ্যকৰ' আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডত নিৰ্মিত বুলি উল্লেখ কৰে ।

'ভাৰত দৰ্শন' ভ্ৰমণৰ অংশ হিচাপে পুনীত আগৰৱালে বুধবাৰে পৰিয়ালৰ সৈতে আইকনিক ফিল্ম চিটীখন পৰিদৰ্শন কৰে । ৰামোজী ফিল্ম চিটীত উপস্থিত হোৱাৰ পিছত ৰাষ্ট্ৰদূতগৰাকীৰ লগতে তেওঁৰ পৰিয়ালক চিতাৰা হোটেলত উষ্ণ আদৰণি জনোৱা হয়, য'ত তেলুগু পৰম্পৰাৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হয় । এই উষ্ম আদৰণিত অতিথি তথা বিশিষ্ট ব্যক্তিসকল আপ্লুত হৈ পৰে ।

ৰামোজী ফিল্ম চিটীৰ প্ৰশংসাত পঞ্চমুখ ৰাষ্ট্ৰদূত পুনীত আগৰৱাল (ETV Bharat)

পৰৱৰ্তী সময়ত ফিল্ম চিটীৰ বিষয়াসকলে ৰাষ্ট্ৰদূতগৰাকীক বিস্তৃত চৌহদটোৰ ভিতৰত উপলব্ধ বিভিন্ন আকৰ্ষণ আৰু সা-সুবিধাসমূহৰ বিষয়ে অৱগত কৰে । এই ভ্ৰমণৰ সময়ত আগৰৱালে কেইবাটাও গুৰুত্বপূৰ্ণ স্থান ভ্ৰমণ কৰে, য'ত অন্তৰ্ভুক্ত আছে আশ্চৰ্যকৰ হাৱা মহল, বিশ্বজুৰি চৰ্চিত বাহুবলী বোলছবি নিৰ্মাণৰ স্থান আৰু চেট আৰু প্ৰিন্স ষ্ট্ৰীট । প্ৰতিটো স্থানে ফিল্ম চিটীৰ পৰিসৰ আৰু সৃষ্টিশীলতাক আকৰ্ষণীয় কৰি তুলিছে ।

এই ভ্ৰমণৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল আধুনিক চলচ্চিত্ৰ নিৰ্মাণ কৌশলৰ লাইভ প্ৰদৰ্শন । ৰাষ্ট্ৰদূতগৰাকীয়ে মোচন কেপচাৰ প্ৰযুক্তি আৰু থ্ৰী-ডি ছবি কেনেকৈ নিৰ্মাণ হয় তাক গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰি ছবি নিৰ্মাণৰ কাৰিকৰী দিশসমূহৰ মূল্যৱান অভিজ্ঞতা লাভ কৰে । বোলছবি নিৰ্মাণত ব্যৱহৃত শিল্প আৰু প্ৰযুক্তিৰ সংমিশ্ৰণে তেওঁক বিশেষভাৱে মুগ্ধ কৰে ।

ৰামোজী ফিল্ম চিটী পৰিদৰ্শন কৰি পুনীত আগৰৱালাই কয় যে সমগ্ৰ চৌহদটো অতি আকৰ্ষণীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে তুলনা কৰিব পাৰি । তেওঁ উল্লেখ কৰে যে এই ভ্ৰমণে তেওঁক চলচ্চিত্ৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰু ইয়াৰ আঁৰৰ অপৰিসীম আন্তঃগাঁথনিৰ বিষয়ে বুজাত সহায় কৰিছে । ফিল্ম চিটীৰ পৰিচালনা সমিতিয়ে আগবঢ়োৱা আতিথ্যক লৈও তেওঁৰ পৰিয়ালৰ সদস্যসকলে আনন্দ প্ৰকাশ কৰে ।

বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা পুনীত আগৰৱালে অতি শীঘ্ৰে থাইলেণ্ডত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে দায়িত্ব গ্ৰহণ কৰিব । তেওঁৰ এই ভ্ৰমণৰ সময়ত ৰামোজী ফিল্ম চিটীৰ প্ৰচাৰ বিভাগৰ উপ-সভাপতি এ ভি ৰাওকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক :

ইৰাণলৈ কাশ্মীৰৰ অনুদান : আশীৰ্বাদৰ সৈতে কণমানিয়ে আগবঢ়ালে ৫০ পইচাৰ বৰঙণি