ETV Bharat / bharat

ওমান উপকূলত অঘটন, চিকিৎসাৰ অভাৱৰ বাবে অসুস্থ ভাৰতীয় নাৱিকৰ মৃত্যু

সহায় বিচাৰি নোপাৱত ওমান উপকূলত আবদ্ধ জাহাজতে মৃত্যু হ'ল ভাৰতীয় নাৱিকৰ ৷

INDIAN SEAFARER DIES
ওমান উপকূলত অঘটন (FSUI)
author img

By ETV Bharat Assamese Team

Published : June 14, 2026 at 3:30 PM IST

3 Min Read
Choose ETV Bharat

মুম্বাই : পশ্চিম এছিয়াত হোৱা যুদ্ধৰ বাবে চৰম অসুবিধাৰ সন্মুখীন হৈছে হৰমুজ প্ৰণালীত আবদ্ধ হৈ থকা ভাৰতীয় নাৱিকসকল ৷ যুদ্ধৰ ফলত অসুস্থ নাৱিকে উপযুক্ত চিকিৎসা লাভ কৰা নাই ! ওমানৰ উপকূলত উপযুক্ত চিকিৎসা লাভ নকৰাৰ বাবে ইতিমধ্যে এগৰাকী ভাৰতীয় নাৱিকৰ মৃত্যু হৈছে ৷

ঘটনা অনুসৰি, এম টি চেলেষ্টিয়েল নামৰ জাহাজখনৰ নাৱিক নিশান্ত উইৰ্থনাথন কিছুদিনৰ পৰা অসুস্থ হৈছিল ৷ ইফালে বিগত ১১ জুনত ওমান উপকূলত ভাৰতৰ নাগৰিক থকা এখন জাহাজত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনাই মিছাইলেৰে আক্ৰমণৰ পাছতে চিকিৎসা সেৱাত ব্যাহত হৈছিল ৷ ফলত অসুস্থ নিশান্ত উইৰ্থনাথন নামৰ নাৱিকজনৰ মৃত্যু হৈছে ৷

ইফালে ঘটনাৰ সন্দৰ্ভত মাস্কাটত থকা ভাৰতীয় দূতাবাসে নিশ্চিত কৰিছে নাৱিক নিশান্ত উইৰ্থনাথনৰ মৃত্যুৰ কথা ৷ লগতে জাহাজ পৰিচালনা কৰা কোম্পানীটোৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিছে আৰু সংশ্লিষ্ট সকলো অংশীদাৰৰ সৈতে সমন্বয় সাধন কৰি আছে বুলি জানিবলৈ দিয়ে ভাৰতীয় দূতাবাস কাৰ্যালয়ে ৷

শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰি দূতাবাসে এক্সত এক পোষ্ট কৰি কয়, "মৃতদেহটো ভাৰতলৈ ঘূৰাই পঠোৱাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে ।" ভাৰতীয় ফৰৱাৰ্ড নাৱিক সংঘই জনোৱা মতে, এম টি চেলেষ্টিয়েলৰ নাৱিক নিশান্তে উপযুক্ত চিকিৎসা লাভ কৰা নাছিল । কিয়নো ওমানৰ প’ৰ্ট ডুকমে ৱাইফাই বন্ধ কৰি দিছিল, ফলত কৰ্তৃপক্ষইৰ সৈতে কোনো যাগাযোগ কৰিব পৰা নাছিল আৰু কোনো সঁহাৰি নিদিলে ।”

ঘটনাৰ সন্দৰ্ভত এম টি চেলেষ্টিয়েল জাহাজখনৰ কেপ্তেইন ৰাজেন্দ্ৰ যাদৱে ইটিভি ভাৰতক কয়, "বাৰম্বাৰ সহায়ৰ বাবে অনুৰোধ জনোৱাৰ পিছতো কোনো সহাৰি পোৱা নাই ৷ যোৱা ৩ দিন ধৰি মৃতদেহটো জাহাজতে ৰখা হৈছে ৷ দেহটো পচিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত ক্ৰুসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে ৷"

তেওঁ লগতে কয়, "জাহাজখনৰ মালিক ৰোমানা শ্বিপ মেনেজমেণ্ট কো লিমিটেডে আৰু তেওঁলোকৰ স্থানীয় এজেণ্টে সহায়ৰ বাবে কৰা অনুৰোধ কৰিছিলো ৷ কিন্তু তেওঁলোকে আওকাণ কৰিছে ৷ বন্দৰ নিয়ন্ত্ৰণ কৰা বিষয়াৰ সৈতে একাধিকবাৰ যোগাযোগ কৰাৰ পাছতো আমি কোনো সহায় লাভ কৰা নাই । এয়া জাহাজ পৰিচালনা আৰু মালিকৰ দায়িত্ব হ’লেও স্থানীয় এজেণ্টৰ সৈতে ব্যৱস্থা কৰি যোগাযোগ কৰিবলৈ বাৰে বাৰে কোৱা হৈছে।"

ইফালে জাহাজখনৰ ১৫ জন ক্ৰুৰ স্বাক্ষৰিত পত্ৰখনত লিখা হৈছে, "৮ জুনত নাৱিক নিশান্ত অসুস্থ হৈছিল । এই তথ্য কোম্পানীটোৰ বিষয়াক জনোৱা হৈছিল ৷ লগতে ভিএইচএফ চেনেল ১৬ত নৌসেনাক ফোন কৰা হৈছিল ৷ আমেৰিকাৰ নৌসেনাকো অসুস্থ ৰোগীজনৰ সবিশেষ জনোৱা হৈছিল । কিন্তু কোনো সহাৰি নোপোৱাত ১১ জুনত নাৱিকগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটে ৷"

ৰোমানা শ্বিপ মেনেজমেণ্টৰ এই স্থিতিক সমালোচনা কৰি জাহাজখনৰ কেপ্তেইন ৰাজেন্দ্ৰ যাদৱে কয় যে এই অস্বাভাৱিক পৰিস্থিতিত এজন নাৱিকৰ মৃত্যু হৈছে আৰু দায়িত্ব লোৱাৰ পৰিৱৰ্তে কোম্পানীটোৱে ক্ৰু সদস্যসকলক দোষাৰোপ কৰাত ব্যস্ত হৈ পৰিছে । যোৱা দুমাহৰ পৰা তিনিমাহ ধৰি জাহাজত অপৰ্যাপ্ত ব্যৱস্থাৰ বাবে ৰেচন প্ৰদান কৰা হৈছে । ইয়াৰ উপৰিও বহু সদস্যই তেওঁলোকৰ দৰমহা লাভ নকৰাৰ ফলত তেওঁলোকক তীব্ৰ আৰ্থিক কষ্টৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক:বায়ুসেনাৰ এএন-৩২ পৰিবহণ বিমানৰ সকলো দুৰ্ঘটনাৰ সৱিশেষ!!!