আত্মনিৰ্ভৰ ভাৰতৰ দিশে আৰু এখোজ, দেশত চলিব হাইড্ৰ’জেনচালিত ৰে’ল
লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে এই তথ্য প্ৰদান কৰে ।

By ANI
Published : December 10, 2025 at 8:52 PM IST
নতুন দিল্লী: ৰে’লত হাইড্ৰ’জেন চালিত প্ৰযুক্তিৰ ব্যৱহাৰ নিশ্চিত কৰিবলৈ গৱেষণা, ডিজাইন আৰু মানদণ্ড সংস্থাই(আৰ ডি এছ অ’) প্ৰস্তুত কৰা নিৰ্দিষ্টতা অনুসৰি পৰীক্ষণমূলকভাৱে প্ৰথমখন হাইড্ৰ’জেনচালিত ৰে’ল চলোৱাৰ বাবে ভাৰতীয় ৰে’ল বিভাগে গ্ৰহণ কৰিছে এক অত্যাধুনিক প্ৰকল্প ।
লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে এই তথ্য প্ৰদান কৰে ।
মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে হাইড্ৰ’জেনচালিত ৰে’লৰ এটা ছেটৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি লোকসভাৰ মজিয়াত উল্লেখ কৰে । এই ৰে’লসমূহৰ বাবে হাইড্ৰ’জেনৰ যোগান ধৰিবলৈ জিন্দত হাইড্ৰ’জেন প্লাণ্ট এটাৰ প্ৰস্তাৱ দিয়া হৈছে । এই উদ্যোগটোৱে ইলেক্ট্ৰ’লাইছিছৰ জৰিয়তে হাইড্ৰ’জেন উৎপাদন কৰে, যিটো সেউজ হাইড্ৰ’জেন উৎপাদনৰ এক মূল পদক্ষেপ ।
মন্ত্ৰীগৰাকীয়ে কয়, ‘‘হাইড্ৰ’জেনচালিত ৰে’ল ভাৰতত ডিজাইন আৰু বিকশিত কৰিবলৈ কেইবাটাও মূল উপাদান সন্নিবিষ্ট কৰা হৈছে, যিয়ে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতি ভাৰতীয় ৰে’ল বিভাগৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে ।’’
বৈষ্ণৱে কয় যে বৰ্তমান এইটোৱেই হৈছে ব্ৰডগ’জ প্লেটফৰ্মত চলি থকা বিশ্বৰ আটাইতকৈ দীঘল (১০টা দবা) আৰু শক্তিশালী (২৪০০ কিলোৱাট) হাইড্ৰ’জেনচালিত ৰে’লৰ ছেট । ইয়াৰোপৰি ইয়াত ১২০০ কিলোৱাট ক্ষমতাৰে দুখনকৈ ড্ৰাইভিং পাৱাৰ গাড়ী (ডি পি চি) আছে, যাৰ মুঠ ক্ষমতা ২৪০০ কিলোৱাট ৷ সমান্তৰালকৈ আছে আঠটাকৈ যাত্ৰীবাহী দবা ৷
মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰে’লখনৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল ই কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন নকৰে; ই কেৱল জলীয় বাষ্পহে নিৰ্গমন কৰে ।
বৈষ্ণৱে কয়, ‘‘এই প্ৰকল্পটো ৰে’ল বিভাগৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ ইন্ধন প্ৰযুক্তি বিকাশৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ এই প্ৰকল্পত ভাৰতীয় ৰে’ল বিভাগৰ বাবে প্ৰথমবাৰৰ বাবে হাইড্ৰ'জেন ট্ৰেকচন প্ৰযুক্তিৰ ডিজাইন, প্ৰ’ট’টাইপিং আৰু উৎপাদন কাৰ্য সংযোগ কৰা হৈছিল । যিহেতু হাইড্ৰ’জেনচালিত ৰে’লৰ ছেট আৰু ইয়াৰ আন্তঃগাঁথনি পৰীক্ষামূলক ভিত্তিত বিকশিত কৰা হৈছে, গতিকে এই পৰ্যায়ত হাইড্ৰ’জেন ইন্ধন চালিত ৰে’লৰ খৰচ প্ৰতিষ্ঠিত ট্ৰেকচন ব্যৱস্থাৰ সৈতে তুলনা কৰাটো সঠিক নহ’ব ।
মন্ত্ৰীগৰাকীৰ মতে, এই প্ৰকল্পই ভাৰতীয় ৰে’ল বিভাগৰ বিকল্প শক্তিচালিত ৰে’ল যাত্ৰাক প্ৰসাৰিত কৰাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে ৷ যিয়ে দেশৰ পৰিবহণ খণ্ডৰ স্বচ্ছ আৰু সেউজ ভৱিষ্যত নিশ্চিত কৰাত সহায় কৰিব ।
লগতে পঢ়ক: সাৱধান: AI ব্যৱহাৰ কৰি দুষ্ট চক্ৰই সৃষ্টি কৰিছে ভুৱা ৰে’লৰ টিকট

