ETV Bharat / bharat

আইপিএল ২০২৬ৰ ফাইনেল মেচৰ বিনামূলীয়াকৈ টিকট লাগে বিধায়কক, তাৰ পিছত ডাঙৰ সিদ্ধান্ত ডি কে শিৱকুমাৰ !

আইপিএলৰ ফাইনেল মেচৰ বাবে উপয়হীন কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী !

DK Shivakumar
আইপিএল ২০২৬ৰ ফাইনেল মেচৰ বিনামূলীয়াকৈ টিকট লাগে বিধায়কক (ANI)
author img

By ETV Bharat Assamese Team

Published : May 6, 2026 at 10:00 PM IST

|

Updated : May 6, 2026 at 10:46 PM IST

2 Min Read
Choose ETV Bharat

বেংগালুৰু: ভাৰত মানে যেন ক্ৰিকেট ৷ বন্ধুৰ সৈতে ষ্টেডিয়ামত বহি ক্ৰিকেট মেচ উপভোগ কৰাৰ আমেজে সুকীয়া ৷ তাতে যদি আইপিএল হয়, তেন্তে ক্ৰীড়াপ্ৰেমীৰ উন্মাদনাই সুকীয়া হৈ পৰে ৷ কিন্তু কেনেকৈ উচ্চদামত টিকট ক্ৰয় কৰি ষ্টেডিয়ামত খেল উপভোগ কৰিব, প্ৰায়সংখ্যক দৰ্শকৰ এই চিন্ত নথকা নহয় ৷ কিন্তু মন্ত্ৰী-বিধায়কৰ কাৰণে টকাৰ চিন্তা নাই ৷ তথাপিও বিনামূলীয়াকৈ আইপিএল মেচৰ ভিআইপি টিকট পালে আমেজে সুকীয়া হৈ পৰে ৷

চৰকাৰে ভিন্ন আঁচনিৰ দ্বাৰা বিনামূলীয়া খাদ্য বা ভিন্ন সামগ্ৰী, ধন যোগান ধৰে হিতাধিকাৰীক ৷ ঠিক একদৰে হাইভল্টেজ আইপিএলৰ এখন মেচৰ টিকট যদি আপোনাক প্ৰদান কৰা হয় তেতিয়া আপুনি আনন্দত আত্মহাৰা হৈ পৰিব ৷ কিন্তু বিনামূলীয়া টিকট বিচৰাৰ বাবে যদি আইপিএলৰ মেচ স্থানান্তৰ কৰিব লগীয়া হ'ল বুলি ক'লে আপুনিও হতবাক নহ'বনে ৷ তেনে এক ঘটনা সংঘটিত হৈছে কৰ্ণাটকত ৷

আইপিএলৰ লীগ পৰ্যায়ৰ সৰহ সংখ্যক মেচ শেষ হৈছে আৰু ফাইনলৰ দিশে অগ্ৰসৰ হৈছে ৷ ৩১ মে'ত ফাইনেল মেচ ৷ আইপিএল ফাইনেল মেচখন বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব বুলি চৰ্চা হৈছিল ৷ তেতিয়াৰ পৰাই ফাইনেল মেচ উপভোগ কৰিবলৈ একাংশ বিধায়কে বিনামূলীয়াকৈ টিকট বিচাৰিছে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰৰ পৰা ৷ নিৰ্ধাৰিত আসনৰ সংখ্যাৰ বিপৰীতে বিনামূলীয়া টিকট বিচাৰ লোকৰ সংখ্যা বেছি ৷ টিকট কাক দিব, কাক নিদিব,সেয়াও চিন্তাৰ বিষয় হৈ পৰিছে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰৰ বাবে ৷

উপায়ন্ত উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশেষত বিচাৰি পালে উপায় ৷ আইপিএলৰ ফাইনেল মেচখন বেংগালুৰুত অনু্ষ্ঠিত কৰাৰ পৰিৱৰ্তে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ স্থানান্তৰ কৰিবলৈ আনুৰোধ কৰিলে আইপিএল কৰ্তৃপক্ষক ৷ সেই অনুসৰি ৩১ মে'ত আইপিএলৰ ফাইনেল মেচখন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বুলি চৰ্চা হৈছে ৷

কিন্তু এই বিষয়টো সন্দৰ্ভত বুধবাৰে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"যিহেতু আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত লাখৰো অধিক দৰ্শকে ষ্টেডিয়ামত বহি মেচ উপভোগ কৰিব পাৰিব ৷ সেয়ে ফাইনেল মেচখন আহমেদাবাদলৈ স্থানান্তৰিত হ'ব । আইপিএলৰ ফাইনেল স্থানান্তৰ কৰাৰ সিদ্ধান্ত লগত বিধায়কসকলক বিনামূলীয়া টিকট বিতৰণৰ কোনো সম্পৰ্ক নাই ।"

লগতে পঢ়ক:৮০০ সাপ আৰু ৪০০ কুকুৰৰ প্ৰাণ ৰক্ষা কৰা অমাত জীৱৰ বন্ধু এগৰাকী সাহসী যুৱতী

Last Updated : May 6, 2026 at 10:46 PM IST