বাসগৃহত নৌসেনাৰ নাৱিক, পত্নী আৰু দুই সন্তানৰ মৃতদেহ উদ্ধাৰ; তদন্ত আৰম্ভ
দক্ষিণ মুম্বাইত ভাৰতীয় নৌসেনাৰ এজন নাৱিকৰ ৪ জনীয়া পৰিয়ালৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য ।

By PTI
Published : August 16, 2026 at 2:12 PM IST
মুম্বাই: দক্ষিণ মুম্বাইৰ কোলাবাত তথা নৌসেনা নগৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । নিজৰ বাসগৃহতে ভাৰতীয় নৌসেনাৰ এজন নাৱিকৰ মৃতদেহ উদ্ধাৰ হৈছে । নৌসেনাৰ নাৱিকজনৰ লগতে ঘৰৰ ভিতৰত তেওঁৰ পত্নী আৰু দুই নাবালক সন্তানৰো মৃতদেহ উদ্ধাৰ হৈছে ।
কাফ পেৰেড আৰক্ষীৰ মতে শনিবাৰে নিশা নাৱিকৰ পৰিয়ালটোৰ মৃতদেহ উদ্ধাৰ হৈছে । আৰক্ষীয়ে জনোৱা মতে ঘৰৰ ভিতৰত চিপ লোৱা অৱস্থাত নাৱিকজনৰ মৃতদেহ উদ্ধাৰ হৈছে । আনহাতে ঘৰৰ চৌহদতে তেওঁৰ পত্নী আৰু দুই সন্তানৰ মৃতদেহ উদ্ধাৰ হৈছে । দুই সন্তানৰ ভিতৰত এটা ৩ বছৰীয়া আৰু আনটোৰ বয়স মাত্ৰ ২ মাহ ।
এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে তেওঁলোকে প্ৰাথমিক অনুসন্ধানত সন্দেহ কৰিছে পত্নী আৰু সন্তানক বিষপান কৰোৱাই নাৱিকজন চৰম সিদ্ধান্ত লৈছে । ইতিমধ্যে আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । ঘটনাটোৰ তদন্তও আৰম্ভ কৰা হৈছে ।
ভাৰতীয় নৌসেনায়ো এই ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে । এক বিবৃতিত নৌসেনাই কয় যে নিজৰ বাসগৃহতে এজন নাৱিক, তেওঁৰ পত্নী আৰু দুই সন্তানৰ মৃতদেহ উদ্ধাৰ হৈছে । নৌসেনাই জনোৱা মতে আৰক্ষীৰ তদন্তত তেওঁলোকেও সকলো সম্ভাব্য সহায় আগবঢ়াইছে । কিন্তু এই ঘটনাই দক্ষিণ মুম্বাইৰ নৌসেনা নগৰৰ লগতে ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনাৰ আঁৰত কি ৰহস্য আছে সেয়াও এতিয়া সকলোৰে প্ৰশ্ন । অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল আৰু আৰক্ষীৰ সঠিক তদন্তৰ পিছত হে সকলো তথ্য পোহৰলৈ আহিব ।
(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আবেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্বনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)
লগতে পঢ়ক :
ৰে’লষ্টেচনৰ খোৱাপানীত ই কোলাই বেক্টেৰিয়াৰ উপস্থিতি ! কেগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য

