অশান্ত মণিপুৰত জেইইত উজলিল ৮ গৰাকী শিক্ষাৰ্থী
ভাৰতীয় সেনাৰ ‘ছুপাৰ ৫০’ কাৰ্যসূচীৰ অধীনত সফলতা ।

Published : April 24, 2026 at 8:44 PM IST
তেজপুৰ : মণিপুৰত বিগত কেইবামাহ ধৰি সংঘটিত হৈ আহিছে বিক্ষিপ্ত ঘটনা । পুৱাৰে পৰা নিশালৈকে কেৱল হিংসাৰ দাবানল । ঠায়ে ঠায়ে বিদ্য়ালয়লৈ যাবলৈও শংকিত হৈছে শিক্ষাৰ্থী । পাহাৰীয়া ৰাজ্যখনলৈ শেহতীয়াকৈ সংঘটিত হিংসা, প্ৰতিবাদ আৰু সামাজিক অস্থিৰতাৰ মাজতো আহিছে এক সুখবৰ । জেইই মেইনছ ২০২৬ পৰীক্ষাত ৮ গৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ ৰাজ্য়খনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ।
ভাৰতীয় সেনাৰ ‘ছুপাৰ ৫০’ কাৰ্যসূচীৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ সফলতাই ৰাজ্যখনলৈ আশাৰ নতুন কিৰণ কঢ়িয়াই আনিছে বুলি কয় প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱতে ।

এই সাফল্য়ৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লেফটেনেণ্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱতে কয়, "এইবাৰ ছুপাৰ ৫০ৰ উদ্যোগত ১০গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৮ গৰাকীয়েই জেইইৰ মূল পৰীক্ষাত উত্তীৰ্ণ হৈ ৮০ শতাংশ সফলতাৰ এক উল্লেখযোগ্য দৃষ্টান্ত স্থাপন কৰিছে । অশান্ত পৰিৱেশৰ মাজতো এই সফলতাই মণিপুৰৰ যুৱ-প্ৰজন্মৰ দৃঢ়তা আৰু অধ্যৱসায়ৰ এক শক্তিশালী প্ৰমাণ হিচাপে পৰিগণিত হৈছে ।"
এইবাৰ সফলতাৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে পি ৰোহিতে । এইগৰাকী শিক্ষাৰ্থীয়ে ৮৬.৯ শতাংশ নম্বৰ লাভ কৰি জেইই এডভান্সৰ বাবে যোগ্যতা অৰ্জন কৰিছে । আনহাতে, নিংথৌজাম ৰোহন সিঙে লাভ কৰিছে ৮৪.৪৮ শতাংশ নম্বৰ ।
এই সাফল্য়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এগৰাকী অভিভাৱকে কয়, “সেনাই কেৱল নিৰাপত্তাই নহয়, আমাৰ সন্তানৰ ভৱিষ্যত গঢ়ি তুলিবলৈও সহায় কৰিছে ।” আনহাতে সুখ্য়াতিৰে উত্তীৰ্ণ এজন ছাত্ৰই কয়, “ছুপাৰ ৫০-এ আমাক কেৱল পাঠ্যজ্ঞানেই নহয়, নিজৰ সপোন পূৰণ কৰাৰ আত্মবিশ্বাসো দিছে ।" সামাজিক অশান্তি আৰু সংকটৰ মাজতো শিক্ষা আৰু অধ্যৱসায়ে কিদৰে জীৱনৰ পথ আলোকিত কৰিব পাৰে, তাৰ এক জ্বলন্ত উদাহৰণ হিচাপে মণিপুৰৰ ‘ছুপাৰ ৫০’ৰ এই সফলতা চিহ্নিত হৈ থাকিব বুলিও তেওঁ কয় ।
লগতে পঢ়ক:ঘোষণা হ'ল জেইইৰ মূল পৰীক্ষাৰ ফলাফল, শীৰ্ষত ৰাজস্থানৰ কবীৰ
CBSE-ৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৯ শতাংশ নম্বৰেৰে জিলিকিল খোৱাঙৰ সমুদ্ৰ গগৈ

