ETV Bharat / bharat

ডিমাপুৰৰ ৰঙাপাহাৰত সেনৰ 'সৰ্ব সুৰক্ষা ২০২৬’ অনুশীলন

৪-৬ জুনলৈ তিনিদিনীয়া ‘সৰ্ব সুৰক্ষা ২০২৬’ অনুশীলন সম্পন্ন কৰিলে ভাৰতীয় সেনাই ৷

Sarv Suraksha 2026
সেনৰ 'সৰ্ব সুৰক্ষা ২০২৬’ অনুশীলন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 10:45 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: উত্তৰ-পূৰ্বাঞ্চলত দুৰ্যোগৰ পৰিস্থিতিৰ সৈতে মোকাবিলা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছ মুখ্য কাৰ্যালয়ে ডিমাপুৰৰ ৰঙাপাহাৰ মিলিটাৰী ষ্টেচনত ৪-৬ জুনলৈ তিনিদিনীয়া মানৱীয় সহায়তা আৰু দুৰ্যোগ সাহায্য চমুকৈ এইছএডিআৰ অনুশীলন ‘সৰ্ব সুৰক্ষা ২০২৬’ সফলতাৰে সম্পন্ন কৰে ৷ এই কথা জানিবলৈ দিছে প্ৰতিৰক্ষা মুখপাত্ৰ লেটেনেণ্ট কৰ্নেল মহিন্দ্ৰ ৰাৱতে ।

এক প্ৰেছ বিজ্ঞপ্তিত প্ৰতিৰক্ষা মুখপাত্ৰ লেটেনেণ্ট কৰ্নেল মহিন্দ্ৰ ৰাৱতে কয়,"এই অনুশীনত স্পিয়াৰ কৰ্পছৰ জোৱানসকলৰ লগতে ১২ নং বেটেলিয়ন এনডিআৰএফ, এছডিআৰএফ আৰু অঞ্চলটোৰ দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত বিভিন্ন অসামৰিক আৰু সামৰিক সংস্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে । বিভিন্ন সংস্থাৰ মাজত সমন্বয় বৃদ্ধি, কাৰ্যপদ্ধতিৰ পৰীক্ষা আৰু জৰুৰীকালীন পৰিস্থিতিত সহাৰি দিয়াৰ সক্ষমতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল এই অনুশীলন ৷"

Sarv Suraksha 2026
সেনৰ 'সৰ্ব সুৰক্ষা ২০২৬’ অনুশীলন (ETV Bharat Assam)

তেওঁ লগতে কয়,"এই অনুশীলনৰ মূল বিষয়বস্তু আছিল বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযান । নাগালেণ্ড, অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাক সামৰি স্পিয়াৰ কৰ্পছৰ দায়িত্বভুক্ত অঞ্চলসমূহত সম্ভাৱ্য দুৰ্যোগৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অংশগ্ৰহণকাৰীসকলক বিভিন্ন অনুশীলনৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হয় । অনুসন্ধান আৰু উদ্ধাৰ অভিযান, আহত লোকক স্থানান্তৰ, সাহায্য শিবিৰ পৰিচালনা, জৰুৰী চিকিৎসা সেৱা, ড্ৰোনৰ সহায়ত তদাৰক, নাও চলোৱা আদি বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হয় ।"

Sarv Suraksha 2026
সেনৰ 'সৰ্ব সুৰক্ষা ২০২৬’ অনুশীলন (ETV Bharat Assam)

লেটেনেণ্ট কৰ্নেলগৰাকীয়ে কয়,"অনুশীলনৰ অন্যতম আকৰ্ষণ আছিল এক কল্পিত দুৰ্যোগপীড়িত অঞ্চলত অতি কম সময়ৰ ভিতৰত মিডিয়াম গাৰ্ডাৰ ব্ৰিজ নিৰ্মাণ । ইয়াৰ জৰিয়তে দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত যোগাযোগ ব্যৱস্থা পুনৰ স্থাপন কৰাৰ ক্ষেত্ৰত সেনাৰ অভিযান্ত্ৰিক দক্ষতা প্ৰদৰ্শিত হয় । ইয়াৰ উপৰিও ড্ৰোনৰ সহায়ত উদ্ধাৰ অভিযান আৰু অত্যাধুনিক সঁজুলিৰ ব্যৱহাৰে দুৰ্যোগ ব্যৱস্থাপনাত আধুনিক প্ৰযুক্তিৰ গুৰুত্বক উজ্জ্বলভাৱে প্ৰতিফলিত কৰে।"

Sarv Suraksha 2026
সেনৰ 'সৰ্ব সুৰক্ষা ২০২৬’ অনুশীলন (ETV Bharat Assam)

উল্লেখ্য যে, সৰ্ব সুৰক্ষা ২০২৬য়ে প্ৰাকৃতিক দুৰ্যোগ আৰু জৰুৰীকালীন পৰিস্থিতিত দ্ৰুত, ফলপ্ৰসূ আৰু সমন্বিত মানৱীয় সহায়তা আগবঢ়োৱাৰ ক্ষেত্ৰত সশস্ত্ৰ বাহিনী আৰু দুৰ্যোগ ব্যৱস্থাপনা সংস্থাসমূহৰ অংগীকাৰ পুনৰবাৰ প্ৰতিফলিত কৰিলে বুলি উল্লেখ কৰে সেনা বিষয়াই ।

লগতে পঢ়ক:ভাৰতৰ ৪৫ শতাংশ চিকাৰী চৰাইৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান