পূব ছিকিমৰ বৰফত আবদ্ধ ৪৬ গৰাকী পৰ্যটকক উদ্ধাৰ ভাৰতীয় সেনাৰ
সেনাই ১৫০ খনতকৈও অধিক পৰ্যটক বাহন সুৰক্ষিত স্থানলৈ নিৰাপদ আৰু শৃংখলাবদ্ধভাৱে চলাচলৰ সুবিধা প্ৰদান কৰে ।

Published : February 23, 2026 at 4:45 PM IST
তেজপুৰ : পূব ছিকিমৰ উচ্চ এক অঞ্চলত হোৱা প্ৰচণ্ড বৰফস্খলনৰ পৰা একাংশ পৰ্যটকক উদ্ধাৰ কৰে ভাৰতীয় সেনাই । ভাৰতীয় সেনাই অপাৰেচন হিমৰাহতৰ অধীনত অভিযান আৰম্ভ কৰি প্ৰতিকূল পৰিস্থিতিৰ বতৰৰ ফলত আবদ্ধ হৈ থকা ৪৬ গৰাকী পৰ্যটকক উদ্ধাৰ কৰে বুলি জানিবলৈ দিছে প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে ।
প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল ৰাৱটে কয়, "শূন্যৰ তলৰ উষ্ণতাৰ লগে লগে হঠাতে তীব্ৰ বৰফ পৰাৰ বাবে কেইবাখনো পৰ্যটন বাহন পথৰ কাষত ৰখাই থ'বলগীয়া হয়, যাৰ ফলত সৰ্বসাধাৰণ নাগৰিকসকল যথেষ্ঠ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । এই ঘটনাৰ পাছত তৎকালীন ব্যৱস্থা আৰু কাৰ্যকৰী প্ৰস্তুতি প্ৰদৰ্শন কৰি ভাৰতীয় সেনাই ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ দ্ৰুতগতিত সাহাৰ্য আৰু উদ্ধাৰৰ ব্যৱস্থা আৰম্ভ কৰে ।"

মুঠ ৪৬ গৰাকী পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰি নিকটতম সেনা শিবিৰলৈ স্থানান্তৰ কৰা হয় । শিবিৰত তেওঁলোকক তাৎক্ষণিকভাৱে চিকিৎসা পৰীক্ষা, উষ্ণ আশ্ৰয়, গৰম আহাৰ, শৰীৰ গৰম কৰাৰ ব্যৱস্থা আৰু অত্যন্ত ঠাণ্ডা আৰু উচ্চতা সম্পৰ্কীয় চাপৰ প্ৰভাৱ কমোৱাৰ বাবে প্ৰয়োজনীয় সাহাৰ্য সামগ্ৰীৰ ব্যৱস্থা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে ।

আবদ্ধ স্থানীয় লোকৰ লগতে পৰ্যটকক উক্ত ঠাইৰ পৰা ঘূৰাই পঠোৱাৰ উপৰিও সেনাই ১৫০ খনতকৈও অধিক পৰ্যটক বাহন সুৰক্ষিত স্থানলৈ নিৰাপদ আৰু শৃংখলাবদ্ধভাৱে চলাচলৰ সুবিধা প্ৰদান কৰে । সমন্বিত প্ৰচেষ্টাই যাতায়ত নিয়ন্ত্ৰণ নিশ্চিত কৰিছিল, আতংক ৰোধ কৰিছিল আৰু উচ্চ উচ্চতাৰ ভূখণ্ডত অধিক সংস্পৰ্শৰ আশংকা কম কৰিছিল ।

এই অভিযানে দূৰৱৰ্তী আৰু প্ৰত্যাহ্বানমূলক ভূখণ্ডত মানৱীয় সাহায্য আৰু দুৰ্যোগ সঁহাৰি (এইচ এ ডি আৰ)ৰ প্ৰতি ভাৰতীয় সেনাৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰিছে । প্ৰতিকূল পৰিস্থিতিত কাম কৰা সৈন্যই নাগৰিক আৰু দৰ্শনাৰ্থীক বিপদৰ সময়ত সহায় কৰিবলৈ ২৪ ঘণ্টাই সাজু হৈ থকা বুলি জানিব দিয়ে লেফটেনেণ্ট কৰ্ণেল ৰাৱটে ।
লগতে পঢ়ক : অপাৰেশ্যন সেন্দূৰত ভাৰতীয় সেনা স্থল আক্ৰমণৰ বাবে সাজু আছিল: সেনাপ্ৰধানৰ বিস্ফোৰণ

