ETV Bharat / bharat

লাডাখত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ

কথমপি প্ৰাণ ৰক্ষা পৰিল তিনি ভাৰতীয় সেনা জোৱানৰ ৷ লেহত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয় ৷ পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী দলে তেওঁলোকক উদ্ধাৰ কৰে ৷

Indian Army Helicopter Crashes in Ladakh
ভাৰতীয় সেনাৰ হেলিকপ্টাৰ (file photo : Indian Army/ ANI)
author img

By ETV Bharat Assamese Team

Published : May 23, 2026 at 12:04 PM IST

|

Updated : May 23, 2026 at 12:17 PM IST

3 Min Read
Choose ETV Bharat

শ্ৰীনগৰ : এইবাৰ দুৰ্ঘটনাত পতিত হ’ল এখন হেলিকপ্টাৰ ৷ তথ্য মতে, লাডাখৰ লেহৰ ওচৰৰ পাহাৰীয়া টাংষ্টে অঞ্চলত ভাৰতীয় সেনাবাহিনীৰ তিনিজন বিষয়া থকা চিতা হেলিকপ্টাৰ (Cheetah helicopter) এখন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ শনিবাৰে বিভাগীয় বিষয়াসকলে এই তথ্য সদৰী কৰে । এই দুৰ্ঘটনা বিগত বুধবাৰেই সংঘটিত হয় যদিও শনিবাৰেহে ঘটনাটোৰ সবিশেষ পোহৰলৈ আহে ।

বিষয়াসকলে জনোৱা মতে, এটা ইঞ্জিনৰ হেলিকপ্টাৰখন এজন লেফটেনেণ্ট কৰ্ণেল আৰু এজন মেজৰে উৰুৱাইছিল । ৩ ইনফেণ্ট্ৰি ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙো তেওঁলোকৰ সৈতে যাত্ৰী হিচাপে হেলিকপ্টাৰখনত আছিল ।

জানিব পৰা মতে, এই দুৰ্ঘটনাটোৰ পৰা কথমপি ৰক্ষা পৰে তিনিওজন সেনা বিষয়া ৷ অৱশ্যে এই দুৰ্ঘটনাত তেওঁলোকে সামান্য আঘাতপ্ৰাপ্ত হয় বুলি বিষয়াসকলে জনায় । ইতিমধ্যে এই দুৰ্ঘটনাটোৰ কাৰণ নিৰ্ণয় কৰিবলৈ বিভাগীয় বিষয়াসকলে তদন্ত আৰম্ভ কৰিছে ।

বিশেষকৈ লাডাখ আৰু চিয়াচেন হিমবাহৰ দৰে উচ্চ উচ্চতাৰ অঞ্চলত সশস্ত্ৰ বাহিনীয়ে ব্যৱহাৰ কৰে এটা ইঞ্জিনযুক্ত চিতা আৰু চেটক হেলিকপ্টাৰ ৷ এই হেলিকপ্টাৰ বহু বেছি পুৰণি হোৱাৰ ফলত দুৰ্ঘটনাত পতিত হোৱাৰ আশংকাই অধিক ৷

সেনা বিষয়াসকলে কয় যে ভাৰতীয় সেনাই সেনা বিমান পৰিবহন কৰ্পছৰ সম্প্ৰসাৰণ অভিযানৰ অংশ হিচাপে আগন্তুত এক-দুই বছৰৰ ভিতৰত ক্ৰমান্বয়ে পুৰণি হেলিকপ্টাৰসমূহ বন্ধ কৰি নতুন লাইট ইউটিলিটি হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰি আছে ।

বৰ্তমান ভাৰতীয় সেনা বিমান পৰিবহণৰ হাতত প্ৰায় ১৯০ খন চিতা, চেটক আৰু চিটাল হেলিকপ্টাৰ আছে । ইয়াৰে পাঁচখন হেলিকপ্টাৰ ৫০ বছৰৰ ওপৰৰ আৰু ১৩০ হেলিকপ্টাৰৰ বয়স ৩০ৰ পৰা ৫০ বছৰৰ ভিতৰত । সেনাবাহিনীৰ কাৰ্যকৰী প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰায় ২৫০ খন নতুন হেলিকপ্টাৰৰ প্ৰয়োজন ।

হিন্দুস্তান এৰ’নটিক্স লিমিটেড চমুকৈ এইচএএলে সশস্ত্ৰ বাহিনীৰ বাবে ৬২৫খন চিতা আৰু চেটক হেলিকপ্টাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল । এইচএএলে এতিয়া হেলিকপ্টাৰ নিৰ্মাণ নকৰে যদিও বৰ্তমানৰ বহৰৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতি অব্যাহত ৰাখিছে ।

HAL-এ ১৯৭০ চনত ফ্ৰান্সৰ এৰোস্পেচিয়েল কোম্পানী এৰোস্পেচিয়েলৰ সৈতে ভাৰতত চিতা হেলিকপ্টাৰ নিৰ্মাণৰ চুক্তিত স্বাক্ষৰ কৰে । ইয়াৰ পূৰ্বে ১৯৬২ চনত এতিয়া এয়াৰবাছৰ অংশস্বৰূপ ফ্ৰান্সৰ প্ৰতিষ্ঠান ছুড-এভিয়েশ্ব’নৰ সৈতে অংশীদাৰিত্ব কৰি চেটক হেলিকপ্টাৰখন নিৰ্মাণ কৰিছিল ।

বিভাগীয় বিষয়াসকলে কয় যে এইচএএলে ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাৰ পৰা কমেও ১৮৭খন লাইট ইউটিলিটি হেলিকপ্টাৰৰ সংযুক্ত অৰ্ডাৰ আশা কৰিছে । ইতিমধ্যে সেনাই ছয়খন লিমিটেড ছিৰিজ প্ৰডাকশ্ব’ন লাইট ইউটিলিটি হেলিকপ্টাৰ অৰ্ডাৰ দিছে । এই হেলিকপ্টাৰসমূহে ঘণ্টাত ২২০ কিলোমিটাৰ বেগেৰে উৰণ কৰিব পাৰে, চাৰ্ভিচ চিলিং ৬.৫ কিলোমিটাৰ আৰু অপাৰেশ্ব‘নেল ৰেঞ্জ ৩৫০ কিলোমিটাৰ ।

অৱশ্যে যোৱা কিছু বছৰত তেওঁলোকৰ সুৰক্ষাৰ কিছু তথ্য তদাৰকী দলৰ মাজলৈ আহিছে । বিগত দশকত ১৫খনতকৈও অধিক চিতা আৰু চেটক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কেইবাজনো পাইলট আৰু কৰ্মীৰ মৃত্যু হৈছে ।

লগতে পঢ়ক : ইঞ্জিনত লাগিল জুই, বেংগালুৰু-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰী অৱতৰণ
Last Updated : May 23, 2026 at 12:17 PM IST