ৰীল বনাবলৈ গৈ বিপদত কিশোৰ; পানীৰ টেংকীত আৱদ্ধ দুই কিশোৰক উদ্ধাৰ কৰিলে বায়ুসেনাই
সিদ্ধাৰ্থনগৰৰ এটা পানীৰ টেংকীত ২ কিশোৰ আবদ্ধ হৈ আছিল । বায়ুসেনাই দেওবাৰে তেওঁলোকক উদ্ধাৰ কৰে ।

Published : May 3, 2026 at 2:47 PM IST
সিদ্ধাৰ্থনগৰ (উত্তৰ প্ৰদেশ) : প্ৰায় ১৬ ঘণ্টা ধৰি শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত উত্তৰ প্ৰদেশত এটা পানীৰ টেংকীৰ পৰা দুই কিশোৰক উদ্ধাৰ কৰা হয় । ভাৰতীয় বায়ুসেনাই অভিযান চলাই দেওবাৰে পুৱা কিশোৰ দুটাক উদ্ধাৰ কৰে । বায়ু সেনাই এই বিশেষ অভিযানৰ ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে । লগে লগে কিশোৰ দুজনৰ পৰিয়াল আৰু অঞ্চলবাসীয়ে স্বত্বিৰ নিশ্বাস পেলাইছে ।
পানীৰ টেংকিত কেনেকৈ সোমাল কিশোৰকেইজন :
আচলতে সামাজিক মাধ্যমত ৰীল বনাবলৈ গৈ এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল । খবৰ পোৱা গৈছিল যে উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত শনিবাৰে ৫ গৰাকী কিশোৰ ক্ৰমে সিদ্ধাৰ্থ, ছনি, গোলু, পৱন আৰু কুল্লুৱে নিজৰ গাঁৱৰ এটা পানীৰ টেংকীৰ ওপৰত উঠি ৰীল বনাই আছিল । টেংকীত উঠাৰ সময়তে হঠাতে চিৰিবোৰ ভাগি গৈছিল । সিদ্ধাৰ্থ, ছনি আৰু গোলু গৈ মাটিত পৰিল । আনহাতে পৱন আৰু কল্লু টেংকীৰ ওপৰত উঠিবলৈ সক্ষম হ'ল । এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সিদ্ধাৰ্থৰ মৃত্যু হয় । ইফালে ছনি আৰু গোলুক চিকিৎসাৰ বাবে মাধৱ প্ৰসাদ ত্ৰিপাঠী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । তেওঁলোকক সম্প্ৰতি বিপদমুক্ত বুলি জানিব পৰা গৈছে ।
On a request from state government authorities, an IAF Mi 17 V5 of Central Air Command (CAC) was deployed to rescue two stranded children, who were stuck on top of a water tank in Sidharth Nagar in Gorakhpur, Uttar Pradesh. The children were stranded in the night as the ladder of… pic.twitter.com/dZ2D4shbQS
— CAC, IAF (@CAC_CPRO) May 3, 2026
ইফালে পৱন আৰু কুল্লুৱে পানীৰ টেংকীৰ ওপৰতে আবদ্ধ হৈ থাকিল । কাৰণ চিৰিবোৰ ভাগি যোৱাৰ ফলত তেওঁলোকে নামিবলৈ কোনো উপায় নাপালে । তেতিয়া তেওঁলোক তাতেই বহি থাকিল । প্ৰায় ১৬ ঘণ্টা ধৰি টেংকীৰ ওপৰতে আবদ্ধ হৈ থাকিল । নিশাৰ ভাগত গোৰখপুৰৰ পৰা এনডিআৰএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । কিন্তু পানীৰ টেংকী থকা স্থানলৈ যোৱাৰ কোনো পথ নাছিল । ফলস্বৰূপে উদ্ধাৰকাৰী দলটো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । নিশাটোৰ ভিতৰতে খৰখেদাকৈ এটা পথো নিৰ্মাণ কৰা হয় । পুৱা ৩:০০ বজালৈকে পথটো নিৰ্মাণৰ কাম চলি আছিল । কিন্তু ধাৰাসাৰ বৰষুণে এই সকলো প্ৰচেষ্টা বিফল কৰে । ইয়াৰ পিছতে বায়ুসেনাক সহায়ৰ বাবে অনুৰোধ জনোৱা হয় ।
ৰাজ্য চৰকাৰৰ অনুৰোধমৰ্মে ভাৰতীয় বায়ুসেনাৰ এখন এমআই-১৭ ভি৫ হেলিকপ্টাৰ ঘটনাস্থলীত উপস্থিত হয় । হেলিকপ্টাৰখনে দুয়োগৰাকী কিশোৰকে টেংকীৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তাৰ পিছতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে স্বস্তিৰ নিশ্বাস পেলায় । প্ৰায় ১৬ ঘণ্টা ধৰি আবদ্ধ হৈ আছিল দুয়োগৰাকী কিশোৰ । যাৰ বাবে তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি হৈছিল । সেয়ে তেওঁলোকক লগে লগে গোৰখপুৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
ভাৰতীয় বায়ুসেনাই এক্সৰ জৰিয়তে এই উদ্ধাৰ অভিযানৰ ভিডিঅ' মুকলি কৰিছে । এই অভিযানৰ সময়ছোৱাত কেইবাজনো বিষয়া আৰু আৰক্ষী জোৱান উপস্থিত আছিল । কিন্তু কিশোৰকেইজনে সঁচাকৈয়ে ৰীল বনাবলৈ পানীৰ টেংকীলৈ গৈছিল নেকি ? নে আন কিবা ৰহস্য আছে ? ইয়াক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :
চাৰি মহলীয়া অট্টালিকাত অগ্নিকাণ্ড, নিহত ৯, আহত কেইবা ডজন লোক

