অনুপ্ৰৱেশ আৰু জনগাঁথনি পৰিৱৰ্তনৰ চেষ্টা : পাকিস্তান আৰু বাংলাদেশৰ সৈতে উন্নত সীমান্ত নিৰ্মাণ কৰিব ভাৰতে
‘চৰকাৰে প্ৰতিজন অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াই ভাৰতৰ পৰা খেদি পঠিয়াব’ - বাৰ্ষিক ৰুষ্টমজী সোঁৱৰণী সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আশ্বাস ৷

By PTI
Published : May 23, 2026 at 12:38 AM IST
নতুন দিল্লী: ভাৰতৰ সীমান্ত সমস্যাৰ আজিও ওৰ নপৰিল ৷ বিশেষকৈ পাকিস্তান আৰু বাংলাদেশৰ দৰে ৰাষ্ট্ৰ দুখনৰ সৈতে ভাৰতৰ সীমান্ত সমস্যা দীৰ্ঘদিনীয়া ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্ত সমস্যা সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ৷
মন্ত্ৰী শ্বাহে কয় যে অনুপ্ৰৱেশ আৰু জনগাঁথনি পৰিৱৰ্তনৰ চেষ্টা আজিকোপতি অব্যাহত আছে ৷ যাৰ বাবে ভাৰতে পাকিস্তান আৰু বাংলাদেশৰ সৈতে উন্নত সীমান্ত নিৰ্মাণ কৰিব ৷ সীমান্ত সুৰক্ষা বাহিনীৰ দ্বাৰা আয়োজিত বাৰ্ষিক ৰুষ্টমজী সোঁৱৰণী সভাত বক্তৃতা প্ৰদান কৰি গৃহমন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ লগতে কয় যে চৰকাৰে প্ৰতিজন অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াই ভাৰতৰ পৰা খেদি পঠিয়াব ৷
हम भारत में Unnatural Demographic Change नहीं होने देंगे, एक-एक घुसपैठिए को बाहर निकालेंगे। pic.twitter.com/lIaeMk0KQo
— Amit Shah (@AmitShah) May 22, 2026
উল্লেখ্য যে, কেএফ ৰুষ্টমজী আছিল সীমান্ত সুৰক্ষা বাহিনী(বিএছএফ)ৰ প্ৰতিষ্ঠাপক আৰু প্ৰথমগৰাকী সঞ্চালকপ্ৰধান । দেশৰ প্ৰায় ২৭ লাখ জোৱান বিএছএফত কৰ্মৰত ৷ তেওঁলোকক পশ্চিমে পাকিস্তান আৰু পূবে বাংলাদেশৰ সৈতে থকা ভাৰতৰ সীমান্তত পহৰা দিয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে । ১৯৬৫ চনত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফ প্ৰতিষ্ঠা কৰা হৈছিল ।
কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে কয়, ‘‘ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে আমি কেৱল অনুপ্ৰৱেশ বন্ধ কৰাই নহয়, প্ৰতিজন অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াই দেশৰ বাহিৰলৈ পঠিয়াই দিম ।’’
তেওঁ পুনৰ কয় যে বিজেপি চৰকাৰে জনগাঁথনি কৃত্ৰিমভাৱে সলনি কৰাৰ আন পক্ষৰ প্ৰচেষ্টাক সহ্য নকৰে । ‘‘বিএছএফৰ জোৱানসকলক আশ্বস্ত কৰিব বিচাৰিছো যে আমি স্মাৰ্ট ব’ৰ্ডাৰ প্ৰকল্পটো গ্ৰহণ কৰাৰ ৬০ বছৰৰ ভিতৰত আৰম্ভ কৰিম আৰু ব্যাপক কাৰিকৰী সহায়ৰ জৰিয়তে বাংলাদেশ আৰু পাকিস্তানৰ সীমান্ত অভেদ্য কৰি তুলিম’’ বুলি মন্ত্ৰী শ্বাহে কয় ৷ এই ‘‘স্মাৰ্ট ব’ৰ্ডাৰ” প্ৰকল্পত উন্নত মানদণ্ডৰ প্ৰযুক্তি, ড্ৰোণ, ৰাডাৰ আৰু স্মাৰ্ট কেমেৰা ব্যৱহাৰ কৰা হ’ব ৷
নিৰাপত্তাৰ দৃষ্টিকোণেৰে এই দুয়োটা সীমান্তকে দেশখনৰ বাবে অসুৰক্ষিত আৰু চিন্তাৰ কাৰণ বুলি অভিহিত কৰি শ্বাহে কয় যে এই সীমাসমূহ(পাকিস্তানৰ সৈতে প্ৰায় ১,২৮৯ কিলোমিটাৰ আৰু বাংলাদেশৰ সৈতে ৪,০৯৬ কিলোমিটাৰ) পৰম্পৰাগত পদ্ধতিৰে সুৰক্ষা দিব নোৱাৰি ।
তেওঁ কয় যে সীমান্ত সুৰক্ষাৰ ধাৰণাটোক পৃথকভাৱে চোৱা উচিত নহয় ৷ বৰং প্ৰতিটো সংস্থা আৰু ৰাজ্য চৰকাৰৰ জড়িত কৰি ইয়াক আঞ্চলিক দায়িত্ব হিচাপে লৈ নজৰ দিব লাগে ৷
গৃহমন্ত্ৰী শ্বাহে লগতে কয় যে এই সীমান্তসমূহত ঘটি থকা বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ, যেনে - অবৈধ অনুপ্ৰৱেশ, ড্ৰোণৰ জৰিয়তে ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদৰ চোৰাং সৰবৰাহ, গো-ধনৰ সৰবৰাহ, নকল ভাৰতীয় নোট আৰু অন্যান্য অপৰাধসমূহে দেশখনলৈ ভাবুকি মাতি আনিছে ৷
অনুষ্ঠানটোত উপস্থিত বিষয়া আৰু জোৱানসকলক উদ্দেশ্যি মন্ত্ৰী শ্বাহে কয়, ‘‘ভৱিষ্যতৰ বাবে ভাবুকি মাতি অনা উপসৰ্গসমূহক চিনাক্ত কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে কৃত্ৰিম জনগাঁথনি পৰিৱৰ্তনৰ চেষ্টা বন্ধ কৰাটো আমাৰ নৈতিক দায়িত্ব ৷ ইয়াৰ বাবে আমি সজাগ আৰু সতৰ্ক হৈ থাকিব লাগিব ।’’
শ্বাহে কয় যে ২০১৪ চনত ক্ষমতাৰ গাদীত অধিষ্ঠিত হোৱাৰ পিছত মোদী চৰকাৰে নিৰাপত্তা নীতি আৰু সীমান্ত সুৰক্ষাৰ দৃষ্টিভংগীত আমোল পৰিৱৰ্তন আনিছে । ‘‘আমি উৰি(২০১৬), পুলৱামা(২০১৯) বা পহলগাম(২০২৬) যিয়েই নহওক, পাকিস্তানে কৰা তিনিওটা আক্ৰমণৰে প্ৰত্যুত্তৰ দিছো ৷ আমি পাকিস্তানৰ ঘাটিত আক্ৰমণ কৰি তেওঁলোকক উপযুক্ত উত্তৰ দিছো’’ বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত কয় ৷
আগতে সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আলোচনা হোৱা আৰু কোনো ভয় নোহোৱাকৈ সন্ত্ৰাসবাদীয়ে হত্যাকাণ্ড সংঘটিত কৰা দিনবোৰ উকলি যোৱা বুলি মন্ত্ৰী শ্বাহে দৃঢ়তাৰে কয় ৷ তেওঁ কয়, ‘‘আমি আমাৰ নিৰাপত্তা দৃষ্টিভংগীক সংবিধানৰ মনোভাৱৰ সৈতে মিলাই দিছো যাতে ইয়াক শক্তিশালী কৰিব পাৰো ৷ এই সকলোবোৰ এক প্ৰকাৰে নতুন প্ৰতিৰক্ষা নীতিৰ অংশ ।’’
তেওঁ কয় যে বিজেপি চৰকাৰে ভাৰতক নক্সালবাদৰ পৰা মুক্ত কৰাৰ বাবে দৃঢ় সিদ্ধান্ত লৈছিল আৰু সেয়া প্ৰকৃতাৰ্থত কৰি দেখুৱাইছে ৷ মন্ত্ৰীগৰাকীৰ মতে নিৰাপত্তা সংস্থা আৰু নিৰাপত্তা বাহিনীয়ে সমস্যাটো কেৱল নিয়ন্ত্ৰণ কৰাই নহয়, পুলিয়ে-পোখাই ইয়াক উভালিব লাগে ৷
তেওঁ সীমান্ত অঞ্চলত নিয়োজিত বিএছএফৰ সৈন্যক স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ যাতে তেওঁলোকে অঞ্চলটোত থকা যিকোনো অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি সকলো অপৰাধমূলক কাৰ্যকলাপ তাৎক্ষণিকভাৱে বন্ধ কৰিব পাৰে ।
Border security is not an isolated duty, it is a territorial responsibility. pic.twitter.com/fwWcPu67SV
— Amit Shah (@AmitShah) May 22, 2026
তেওঁ কয়, ‘‘বছৰ বছৰ ধৰি ধাৰাবাহিকভাৱে চলি থকা অনুপ্ৰৱেশ বন্ধ কৰাৰ সময় আহি পৰিছে । উদাহৰণস্বৰূপে, আপোনালোকে আগতেও ভাৰতক নক্সালমুক্ত কৰি এই কাম কৰিছিল ।’’
শ্বাহে কয় যে বৰ্তমান বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা, পশ্চিমবংগ আৰু অসমৰ ৰাজ্য চৰকাৰে এই নীতিত বিশ্বাস কৰে যে ভাৰতৰ সীমান্ত পাৰ হৈ কোনোধৰণৰ অনুপ্ৰৱেশ হ’ব নালাগে । গৃহ মন্ত্ৰালয়ে অতি সোনকালে এই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে সীমান্ত নিৰাপত্তাৰ বিষয়ত বৈঠক অনুষ্ঠিত কৰিব বুলিও তেওঁ ভাষণত উল্লেখ কৰে ।
त्रिपुरा, असम और पश्चिम बंगाल में घुसपैठ रोकने के लिए संकल्पित सरकारें हैं, BSF इनके साथ मिलकर काम करें। pic.twitter.com/SXch7zDagG
— Amit Shah (@AmitShah) May 22, 2026
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বে ঘোষণা কৰা উচ্চ পৰ্যায়ৰ জনগাঁথনিগত অভিযানৰ কথা কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে ঘোষণা কৰিব । আগন্তুক এবছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে চিএপিএফৰ জোৱানসকলৰ কল্যাণৰ বাবে এক বৃহৎ কাৰ্যসূচী আৰম্ভ কৰাৰ পৰিকল্পনা কৰা বুলি ঘোষণা কৰি শ্বাহে লগতে কয় যে তেওঁলোকে দেশত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধেও বৃহৎ অভিযান আৰম্ভ কৰিব ।
दो महीने के अंदर ही मोदी सरकार सभी CAPF जवानों और उनके परिवारों के कल्याण के लिए एक बहुत बड़ा कार्यक्रम लेकर आएगी। pic.twitter.com/jQehIFif6Z
— Amit Shah (@AmitShah) May 22, 2026
অনুষ্ঠানৰ সময়ত মন্ত্ৰীগৰাকীয়ে অপাৰেশ্যন সেন্দূৰৰ সৈতে জড়িত বিএছএফৰ জোৱান আৰু বিষয়াসকলক বীৰত্বৰ পদক প্ৰদান কৰে ।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীক ঝালমুৰি বিক্ৰী কৰা বিক্ৰমক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি !

