২০৩৫ চনৰ ভিতৰত ভাৰতে নিজাকৈ স্থাপন কৰিব মহাকাশ কেন্দ্ৰ
আহমেদাবাদত তৃতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ সময়ত নাৰায়ণনে ঘোষণা কৰে এইবাৰ উৎক্ষেপণ বাহন আৰু উপগ্ৰহ উভয়কে সামৰি ৮ টা অভিযান উৎক্ষেপণৰ লক্ষ্য লৈছে ।

Published : August 23, 2026 at 5:00 PM IST
আহমেদাবাদ: ভাৰতে ২০৩৫ চনৰ ভিতৰত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপনৰ দিশত কাম কৰি আছে, প্ৰস্তাৱিত ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰৰ প্ৰথমটো মডিউল ইতিমধ্যে অনুমোদিত হৈছে । ইছৰোৰ অধ্যক্ষ ড৹ ভি নাৰায়ণনে দেওবাৰে এই কথা প্ৰকাশ কৰে ৷
আহমেদাবাদত তৃতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ সময়ত নাৰায়ণনে ঘোষণা কৰে যে মহাকাশ সংস্থাটোৱে এইবাৰ উৎক্ষেপণ বাহন আৰু উপগ্ৰহ উভয়কে সামৰি ৮ টা অভিযান উৎক্ষেপণৰ লক্ষ্য লৈছে । তেওঁ কয়, ‘‘এই বছৰ আমি আঠটা উৎক্ষেপণ-বাহন অভিযান আৰু উপগ্ৰহ উৎক্ষেপন অভিযানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ ।’’
ইছৰোৰ মুৰব্বীগৰাকীয়ে গগণযান মানৱ মহাকাশ উৰণ অভিযানকে ধৰি দেশৰ আগন্তুক কিছুমান ডাঙৰ মহাকাশ কাৰ্যসূচীৰ ৰূপৰেখাও দাঙি ধৰে ।
নাৰায়ণনে কয়, ‘‘আপোনালোকে সকলোৱে জানে যে, গগণয়ান কাৰ্যসূচী যথেষ্ট জটিল আৰু প্ৰযুক্তিসমূহ অতি বিশেষ । মানুহক নিৰাপদে মহাকাশলৈ পঠোৱা আৰু তেওঁলোকক ঘূৰাই অনাটো এক প্ৰত্যাহ্বানমূলক কাম । আমি কাৰ্যসূচীৰ লক্ষ্যৰ দিশত কঠোৰ অধ্যৱসায়েৰে কাম কৰি আছোঁ । মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো যে এই বছৰ আমি প্ৰথমটো ক্ৰুবিহীন অভিযান চলাম, যাৰ পিছত ক্ৰু মিছন অনুষ্ঠিত হ'ব ।"
‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বহু কাৰ্যসূচীৰ কাম চলি আছে । আমি গগণযান কাৰ্যসূচীৰ কাম কৰি আছোঁ । লগতে আমাৰ নিজা মহাকাশ কেন্দ্ৰ ভাৰতীয় অন্তৰীক্ষ ষ্টেচন প্ৰতিষ্ঠা কৰাৰ দিশতো কাম কৰি আছোঁ ।’’ তেওঁ লগতে কয় ৷
নাৰায়ণনে আৰু কয় যে প্ৰথম মডিউলটো ইতিমধ্যে অনুমোদিত হৈছে, আৰু ২০৩৫ চনৰ ভিতৰত মহাকাশ কেন্দ্ৰটো স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে ৷ তেওঁ আৰু মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থৰ ওপৰত আলোকপাত কৰি কয় যে দেশখনে এতিয়া ৫০ টাতকৈও অধিক ক্ষেত্ৰত মহাকাশ ভিত্তিক প্ৰয়োগ ব্যৱহাৰ কৰি প্ৰত্যক্ষভাৱে নাগৰিকক সেৱা আগবঢ়াইছে ।
নাৰায়ণনে কয়, ‘‘আজি আমি তৃতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিছোঁ । বিষয়বস্তুটো অতি গুৰুত্বপূৰ্ণ: উদ্ভাৱন, সহযোগিতা, আৰু মহাকাশ খণ্ডত বিশ্ব নেতৃত্বৰ আকাংক্ষা ।’’ তেওঁ কয় যে ৬৪ বছৰ পূৰ্বে মহাকাশ কাৰ্যসূচী আৰম্ভ কৰাৰ পিছৰে পৰা ভাৰতে নিজৰ সামৰ্থ ক্ৰমাগতভাৱে সম্প্ৰসাৰণ কৰি আহিছে ।
ইছৰোৰ মুৰব্বীগৰাকীয়ে কয়, ‘‘ভাৰতে ৬৪ বছৰ পূৰ্বে মহাকাশ কাৰ্যসূচী আৰম্ভ কৰিছিল, আৰু আজি আমি পৃথিৱী পৰ্যবেক্ষণ, ৰিম’ট চেন্সিং, টেলিকমিউনিকেচন, টেলিভিছন সম্প্ৰচাৰ, টেলি-শিক্ষা, দুৰ্যোগ সতৰ্কবাণী আৰু প্ৰশমন, প্ৰতিজন নাগৰিকৰ সুৰক্ষা আৰু সুৰক্ষা নিশ্চিত কৰা, নেভিগেচন, বাস্তৱ সময়ৰ নিৰীক্ষণ আৰু অনুসৰণকে ধৰি ৫০ টাতকৈও অধিক ক্ষেত্ৰত সাধাৰণ মানুহক সেৱা আগবঢ়াইছোঁ ।’’
লগতে পঢ়ক: থিয়েটাৰাইজেশ্ব'নৰ বিৰোধী নহয়, সামৰিক কাঠামো দেশৰ প্ৰয়োজন সাপেক্ষ হ'ব লাগে : বায়ুসেনা প্ৰধান

