ETV Bharat / bharat

আফগান ভূখণ্ডত পাকিস্তানৰ বিমান আক্ৰমণক ভাৰতৰ গৰিহণা

আফগানিস্তান সীমান্তৰ কেইবাটাও অঞ্চলত পাকিস্তানে আক্ৰমণ কৰে । আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফাউণ্ডেশ্যনেৰ উদ্বেগ প্ৰকাশ ।

India strongly condemns Pakistan's airstrikes on Afghan territory
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱাল (ANI)
author img

By ANI

Published : February 23, 2026 at 10:00 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : পাকিস্তানে আফগানিস্তানত কৰা বিমান আক্ৰমণ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত দেওবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আফগান ভূখণ্ডত পাকিস্তানে কৰা বিমান আক্ৰমণক তীব্ৰ গৰিহণা দিছে ভাৰতে । যিটো আক্ৰমণত মহিলা আৰু শিশুকে ধৰি সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি আফগানিস্তানে দাবী কৰিছে ।

মুখপাত্ৰগৰাকীয়ে এক আনুষ্ঠানিক বিবৃতিত কয, "পৱিত্ৰ ৰমজান মাহত আফগান ভূখণ্ডত পাকিস্তানে কৰা বিমান আক্ৰমণৰ ফলত মহিলা আৰু শিশুকে ধৰি সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে, ভাৰতে তীব্ৰ ভাষাকে গৰিহণা দিছে ।"

জয়ছোৱালে লগতে কয় যে পাকিস্তানে নিজৰ আভ্যন্তৰীণ ব্যৰ্থতাক বাহ্যিক কৰাৰ আন এক প্ৰচেষ্টা । বিবৃতিটোত আফগানিস্তানৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ ওপৰত গুৰুত্ব আৰোপ কৰি জয়ছোৱালে কয়, "আফগানিস্তানৰ সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু স্বাধীনতাৰ প্ৰতি ভাৰতে সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰিছে ।"

ইয়াৰ পূৰ্বে দেওবাৰে আফগানিস্তানৰ ইছলামিক আমিৰশ্বাহীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আফগানিস্তানৰ পূব প্ৰদেশ নাংগাৰহৰ আৰু পাক্তিকাত পাকিস্তানৰ সেনাৰ আক্ৰমণ বুলি অভিহিত কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে কাবুলত পাকিস্তানৰ ৰাষ্ট্ৰদূতক তলব কৰে । এক্সৰ এটা পোষ্টত মন্ত্ৰালয়ে কয় যে আক্ৰমণৰ পিছত দূতজনক মাতি অনা হৈছে ।

তদুপৰি দেওবাৰে আফগানিস্তানৰ বেহছাদ জিলাত সংঘটিত ভয়াৱহ বিমান আক্ৰমণৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফাউণ্ডেশ্যনে জৰুৰী সতৰ্কতা জাৰি কৰে । এক্সৰ এটা পোষ্টত ফাউণ্ডেশ্যনে উল্লেখ কৰিছে যে পাকিস্তানৰ সামৰিক আক্ৰমণত এটা সাধাৰণ লোকৰ ঘৰক লক্ষ্য কৰি লোৱা হৈছিল, যাৰ ফলত এটা পৰিয়ালৰ প্ৰায় ১৬ গৰাকী সদস্য নিহত হৈছে ।

ফাউণ্ডেশ্যনে স্থানীয় সূত্ৰৰ তথ্যৰ ভিত্তিত উল্লেখ কৰে যে পুৰুষ, মহিলা, শিশুকে ধৰি ভুক্তভোগীৰ ভিতৰত এবছৰীয়া কেঁচুৱাৰ পৰা ৮০ বছৰীয়া বৃদ্ধলৈকে আছে । ফাউণ্ডেশ্যনটোৱে কৈছে যে এই আক্ৰমণে কেৱল জীৱন হেৰুৱাই নহয়, এটা পৰিয়ালক সম্পূৰ্ণৰূপে নিঃশেষ কৰি দিছে । পৰিয়ালৰ ১৬ সদস্য নিহত হোৱাৰ লগতে দুটা শিশু ৰক্ষা পৰে ।

মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে ৮০ বছৰীয়া চাহাবুদ্দিন, ৩০ বছৰীয়া চৰাকত আৰু ৪০ বছৰীয়া মুহমাণ্ডাৰ লগতে আন কেইবাজনো প্ৰাপ্তবয়স্ক আৰু একাধিক নাবালক । ফাউণ্ডেশ্যনে মানৱীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, "তেওঁলোক মাত্ৰ সংখ্যা নহয়; তেওঁলোক মানুহ ।"

বেহছাদত এই আক্ৰমণ সামৰিক অভিযানৰ অংশ যেন সন্দেহ কৰা হৈছে, কিয়নো স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি পাকিস্তানী যুদ্ধ বিমানে নাংগাৰহাৰৰ খোগ্যানী জিলাত একাধিক আক্ৰমণ চলাইছিল আৰু পাক্তিকা প্ৰদেশৰ বাৰ্মাল জিলাৰ এখন ধৰ্মীয় প্ৰতিষ্ঠানক লক্ষ্য কৰি লৈছিল ।

লগতে পঢ়ক :সন্ত্ৰাসবাদীৰ ঘাটিত পাকিস্তানৰ আক্ৰমণ; সাধাৰণ নাগৰিকক আক্ৰমণৰ অভিযোগ আফগানিস্তানৰ